Logo
image

মুখ্যমন্ত্ৰীৰ ভ্ৰমণৰ পূৰ্বে হিংসাঃ বন্ধ কৰি দিয়া হৈছে ইণ্টাৰনেট সেৱা, ১৪৪ ধাৰা জাৰি

ডিজিটেল ডেস্কঃ মুখ্যমন্ত্ৰীৰ ভ্ৰমণৰ পূৰ্বে হিংসাৰ বাবে ১৪৪ ধাৰা জাৰি কৰাৰ লগতে বন্ধ কৰি দিয়া হৈছে ইণ্টাৰনেট সেৱা৷ এই ঘটনা সংঘটিত হৈছে চুবুৰীয়া ৰাজ্য মণিপুৰত৷ বৃহস্পতিবাৰে মণিপুৰৰ চুৰাচান্দপুৰ জিলাৰ নিউ লামকাত ক্ষোভিত জনতাই এটা স্পৰ্টছ কমপ্লেক্সত নিৰ্মাণ কৰা জিমত অগ্নিসংযোগ কৰে৷ এই জিমটো শুকুৰবাৰে মুখ্যমন্ত্ৰী এন বীৰেন সিঙে উদ্বোধন কৰাৰ কথা আছিল। ঘটনাৰ পিছত ৰাজ্যখনৰ চুৰাচান্দপুৰ জিলাত ইণ্টাৰনেট সেৱা বন্ধ কৰাৰ লগতে সমগ্ৰ অঞ্চলটোত ১৪৪ ধাৰা জাৰি কৰা হৈছে। 

আৰক্ষীয়ে জনোৱা অনুসৰি বৃহস্পতিবাৰে নিশা প্ৰায় ৯ বজাত মণিপুৰৰ চুৰাচান্দপুৰ জিলাৰ নিউ লামকাত জনতাই অগ্নিসংযোগ কৰে, য'ত মুখ্যমন্ত্ৰী এন বীৰেন সিঙে এক অনুষ্ঠানত অংশগ্ৰহণ কৰাৰ কথা আছিল৷ স্থানীয় আৰক্ষীয়ে ততালিকে পৰিস্থিতি নিয়ন্ত্ৰণৰ চেষ্টা কৰিছিল যদিও ক্ষোভিত জনতাই ইয়াৰ পূৰ্বেই  শ শ চকী জ্বলাই দিয়ে আৰু অনুষ্ঠানস্থলী ক্ষতিগ্ৰস্ত কৰে।

উল্লেখ্য যে  খিলঞ্জীয়া জনজাতীয় নেতাৰ মঞ্চই পুৱা ৮ বজাৰ পৰা আবেলি ৪ বজালৈ চুৰাচান্দপুৰ বন্ধৰ আহ্বান জনোৱাৰ পিছতেই এই ঘটনা সংঘটিত হয়। বন্ধৰ বিৰোধিতাৰে এনে এক অনাকাংক্ষিত ঘটনা সংঘটিত হয় চুবুৰীয়া ৰাজ্যখনত৷ ইফালে খিলঞ্জীয়া মঞ্চই দাবী কৰিছে যে কৃষক আৰু অন্যান্য জনজাতীয় বাসিন্দাসকলৰ সংৰক্ষিত বনাঞ্চল খালী কৰাৰ বাবে চলি থকা উচ্ছেদ অভিযানৰ বিৰোধিতা কৰি চৰকাৰক বাৰে বাৰে স্মাৰকপত্ৰ দাখিল কৰাৰ পিছতো চৰকাৰে জনসাধাৰণৰ সমস্যা সমাধানৰ বাবে কোনো আগ্ৰহ প্ৰকাশ কৰা নাই৷ যাৰ বাবে তেওঁলোকে বন্ধ ঘোষণা কৰিছিল৷