Logo
image

গুৱাহাটীত বিনামূলীয়া আয়ুৰ্বেদিক চিকিৎসা শিবিৰ

ডিজিটেল সংবাদ, গুৱাহাটীঃ ইঞ্জিনীয়াৰিং প্ৰজেক্টছ (ইণ্ডিয়া) লিমিটেডৰ (ই পি এল)  উদ্যোগত আৰু  কেন্দ্ৰীয় আয়ুৰ্বেদ গৱেষণা প্ৰতিষ্ঠান সহযোগত এক বিনামূলীয়া আয়ুৰ্বেদিক চিকিৎসা শিবিৰ শুকুৰবাৰে অনুষ্ঠিত হয়।  ই পি আই এলৰ গুৱাহাটীৰ আঞ্চলিক কাৰ্যালয়ত গুৱাহাটীৰ বেলতলাৰ জৱাহৰ নগৰৰ ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ হিন্দুস্তান টাৱাৰৰ চৌহদত অনুষ্ঠিত এই শিবিৰত মুখ্য অতিথি হিচাপে আয়ুৰ্বেদিক চিকিৎসা শিবিৰ উদ্বোধন কৰে গুৱাহাটীৰ কেন্দ্ৰীয় আয়ুৰ্বেদ গৱেষণা প্ৰতিষ্ঠানৰ তত্ত্বাৱধায়ক ডাঃ দীনেশ বৰুৱাই। ই পি আই এলৰ আঞ্চলিক তত্ত্বাৱধায়ক মুকেশ ঠাকুৰে মুখ্য অতিথি আৰু তেওঁৰ দলটোক আদৰণি জনায়। ই পি আই এলৰ উত্তৰ পূবৰ আঞ্চলিক কাৰ্যালয় চৌহদত আয়ুৰ্বেদিক চিকিৎসা শিবিৰ অনুষ্ঠিত কৰাত সহায় আৰু সহযোগিতা আগবঢ়োৱাৰ বাবে গুৱাহাটীৰ কেন্দ্ৰীয় আয়ুৰ্বেদ গৱেষণা প্ৰতিষ্ঠানৰ তত্বাৱায়ক আৰু দলৰ প্ৰতি কৃতজ্ঞতা জ্ঞাপন কৰে।

মুখ্য অতিথিয়ে সভাত সুস্থ মানৱ জীৱনৰ বাবে আয়ুৰ্বেদৰ গুৰুত্ব আৰু প্ৰয়োজনীয়তাৰ বিষয়ে অৱগত কৰে। মানসিক চাপমুক্ত আৰু সুস্থ জীৱনশৈলী বজাই ৰাখিবলৈ প্ৰতিৰোধমূলক ব্যৱস্থা হিচাপে আয়ুৰ্বেদৰ নীতি-নিয়ম অনুসৰণ কৰিবলৈ তেওঁ সকলোকে আহ্বান জনায়। ডাঃ প্ৰবীণ মাছৰম আৰু ডাঃ জেউতি ৰাণী দাসেও ভাষণ প্ৰদান কৰে। 

বিনামূলীয়া আয়ুৰ্বেদিক চিকিৎসা শিবিৰ পৰিচালনা কৰে ডাঃ প্ৰবীণ মছৰাম, ডাঃ জেউতি ৰাণী দাস আৰু ডাঃ গীতিস্মিতা বৰুৱা আৰু  জয়ন্ত দাস, মানৱ নাথ আৰু পল্লবী দেৱীয়ে সহযোগিতা আগবঢ়ায়।
ই পি আই এলৰ প্ৰৱন্ধক(এইচ আৰ) শৈলেশ শৰ্মা আৰু তেওঁৰ দল সুজিত বৰা আৰু সুস্মিতা দেৱীয়ে আয়ুৰ্বেদিক চিকিৎসা শিবিৰৰ আয়োজনত সহযোগিতা আগবঢ়ায়। গুৱাহাটীৰ কেন্দ্ৰীয় আয়ুৰ্বেদ গৱেষণা প্ৰতিষ্ঠানেও চিকিৎসা শিবিৰত আয়ুৰ্বেদিক চিকিৎসকৰ পৰামৰ্শ গ্ৰহণ কৰা ব্যক্তিসকলক বিনামূলীয়াকৈ আয়ুৰ্বেদিক ঔষধ বিতৰণ কৰে। গেইনৱেল, অটো এক্সিছ, নিছান-ডাটছন শ্ব’ৰুম, হিন্দুস্তান টায়াৰ আৰু হিন্দুস্তান টিভিএছৰ কৰ্মচাৰীসকলেও এই পৰামৰ্শৰ সুবিধা গ্ৰহণ কৰে।