Logo
image

অবাধে বিক্ৰী ফৰ্মেলিনযুক্ত মাছ

আমাৰ অসম,২৯ এপ্ৰিলঃ  বহিঃৰাজ্যৰ ফৰ্মেলিন ব্যৱহৃত চালানী মাছে জনস্বাস্থ্যৰ প্ৰতি ভাবুকি অনাৰ পাছতো ৰহস্যজনক কাৰণত আজিও অসম চৰকাৰে বন্ধ নকৰিলে চালানী মাছৰ আমদানি৷ নগাঁও মহাবিদ্যালয়ৰ প্ৰাণী বিজ্ঞান বিভাগৰ গৱেষণাত চালানী মাছত মাৰাত্মাক বৰবিহস্বৰূপ ফৰ্মেল- ডি-হাইডৰ ১৫ শতাংশ পৰ্যন্ত অৱস্থিতি ধৰা পৰিছিল যদিও ৰাজ্যৰ বজাৰত অবাধে মুকলিকৈ বিক্ৰী হৈ আছে চালানী মাছ৷ মানুহৰ মৃতদেহ সংৰক্ষণ তথা গেলি নোযোৱাৰ বাবে সচৰাচৰ ফৰ্মেলিন ব্যৱস্থাৰ কৰা হয় বুলি চিকিৎসক-বিশেষজ্ঞসকলে প্ৰকাশ কৰিছে যদিও তেনে মাৰাত্মক বিষাক্ত ৰাসায়নিক দ্ৰব্যকে বহিঃৰাজ্যৰ পৰা ট্ৰাকে ট্ৰাকে অহা  চালানী মাছতো বেছিদিন ভালেথকাৰ বাবে অসাধু ব্যৱসায়ীয়ে প্ৰয়োগ কৰি আহিছে৷ চিকিৎসকৰ মতে চালানী মাছত ফৰ্মেলিন ব্যৱহাৰৰ ফলত তেনে মাছ খালে নাগৰিকৰ কৰ্কট ৰোগ হোৱাৰ আশংকা অধিক৷ ফৰ্মেলিন ইমানেই বিষাক্ত যে, এজন সুস্থ ব্যক্তিয়ে মাত্ৰ ৩০ এম এল ফৰ্মেলিন সেৱন কৰিলে মৃত্যু হোৱাটো নিশ্চিত৷ কিন্তু এনে বৰবিহস্বৰূপ ফৰ্মেলিন ব্যৱহূত চালানী মাছ নিতৌ কানপুৰ, অন্ধপ্ৰদেশৰ পৰা অসমলৈ আহি থকাৰ পাছতো ৰহস্যজনক কাৰণতে ব্যৱস্থা ল’ব বিচৰা নাই ৰাজ্য চৰকাৰে৷ চালানী মাছত ফৰ্মেলিন প্ৰয়োগ কৰা জনস্বাস্থ্যবিৰোধী স্পৰ্শকাতৰ বিষয়টো পৰিমল শুক্ল্যবৈদ্যৰ নেতৃত্বাধীন মীন বিভাগে পৰীক্ষা কৰি ধৰা পেলোৱাটো দায়িত্ব আছিল যদিও ইয়াৰ বিপৰীতে নগাঁও মহাবিদ্যালয়ে নিজাববীয়া গৱেষণা কৰিহে ভয়ংকৰ তথ্যটো পোহৰলৈ আনে৷ আশ্চৰ্যজনকভাৱে নগাঁও মহাবিদ্যালয়ৰ গৱেষণা প্ৰতিবেদনকো এতিয়া অজ্ঞাত কাৰণত নস্যাৎ কৰিবলৈ চেষ্টা কৰি মীনমন্ত্ৰীয়ে এটাৰ পাছত আন এটা প্ৰতিষ্ঠানলৈ চিঠি লিখি চালানী মাছৰ নমুনা সংগ্ৰহ কৰি পৰীক্ষা কৰিবলৈহে দায়িত্ব দিছে৷ আনহাতে মীনমন্ত্ৰীৰ সুৰতে সুৰ মিলাই মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই গৱেষণাগাৰৰ প্ৰতিবেদন অহাৰ পাছতহে চালানী মাছৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰিম বুলি ৰাজহুৱাকৈ ঘোষণা কৰিছে৷ মানুহৰ জীৱনক লৈ জড়িত ভয়ংকৰ বিষয়টো পোহৰলৈ অহাত নগাঁও মহাবিদ্যালয়ৰ প্ৰতিবেদনৰ পাছতেই তাৎক্ষণিকভাৱে অসম চৰকাৰে বহিঃৰাজ্যৰ পৰা চালানী মাছৰ আমদানি বন্ধ কৰি দিব লাগিছিল যদিও তাকে নকৰি গুৱাহাটী বিশ্ববিদ্যালয়, ৰহাৰ মীন মহাবিদ্যালয়, কেন্দ্ৰীয় মীন গৱেষণা প্ৰতিষ্ঠানকে ধৰি চাৰিওটা চৰকাৰী প্ৰতিষ্ঠানৰ পৰা চূড়ান্ত প্ৰতিবেদন অহালৈহে বাট চাই আছে৷ অভিযোগ অনুসৰি অন্ধপ্ৰদেশ আৰু কানপুৰৰ চালানী মাছ ব্যৱসায়ীৰ লবীৰ প্ৰতি ৰহস্যজনক দুৰ্বলতাৰ বাবেই অসম চৰকাৰে মাছৰ আমদানিত সাময়িকভাৱে নিষেধাজ্ঞা আৰোপ কৰিব বিচৰা নাই৷ নগাঁও মহাবিদ্যালয়ৰ প্ৰতিবেদনৰ ভিত্তিত স্পষ্ট হৈ পৰিছে যে– এতিয়া যেন চৰকাৰীভাৱেই ৰাজ্যৰ নাগৰিকক কৰ্কট ৰোগৰ বাহক ফৰ্মেলিনযুক্ত চালানী মাছকে খাবলৈ বাধ্য কৰোৱাইছে৷ তাৎপযপূৰ্ণ বিষয়টো হৈছে চালানী মাছত ফৰ্মেলিন ব্যৱহাৰ কৰাৰ খবৰ প্ৰচাৰ হোৱাৰ পৰিপ্ৰেক্ষিতত অসাধু ব্যৱসায়ীসকলে বৰ্তমান অসমলৈ প্ৰেৰণ কৰা মাছত  কিছুদিনৰ বাবে ফৰ্মেলিনৰ প্ৰয়োগ বন্ধ কৰাৰ সম্ভাৱনা আছে৷ যদিহে সেয়াই হয়, তেনেহ’লে মীন বিভাগে  দায়িত্ব দিয়া চাৰিটা গৱেষণা প্ৰতিষ্ঠানে অধ্যয়নত চালানী মাছত ফৰ্মেলিনৰ  অৱস্থিতি যে ধৰা পেলাব পাৰিব সেয়া সন্দেহজনক৷ উল্লেখ্য, ২০১৮ চনতো মন্ত্ৰী পীয়ূষ হাজৰিকাই ফৰ্মেলিন যুক্ত চালানী মাছৰ সন্ধানত গুৱাহাটীৰ বজাৰে বজাৰে চফৰ দি চমক সৃষ্টি কৰিছিল৷ আনকি সেই সময়ত খাদ্য সুৰক্ষা বিভাগে চালানী মাছত ফৰ্মেলিন ব্যৱহাৰৰ বাবে পাইকাৰী ব্যৱসায়ী দীপক প্ৰসাদৰ বিৰুদ্ধে গোচৰো ৰুজু কৰিছিল৷ কিন্তু খাদ্য সুৰক্ষা বিভাগৰ এই গোচৰৰ পাছতো অজ্ঞাত কাৰণত অসম চৰকাৰে পাইকাৰী ব্যৱসায়ী দীপক প্ৰসাদৰ বিৰুদ্ধে কোনো ব্যৱস্থা লোৱা নাছিল৷ অৱশ্যে, মীন বিভাগে শুকুৰবাৰে গুৱাহাটীৰ বেতকুচিৰ পাইকাৰী বজাৰৰ পৰা চালানী মাছৰ নমুনা সংগ্ৰহ কৰি পৰীক্ষাৰ বাবে প্ৰেৰণ কৰিছে৷

ফৰ্মেলিনযুক্ত মাছৰ আমদানি বন্ধ কৰকঃ যুৱ-ছাত্ৰ

‘আমাৰ অসম’ৰ মহানগৰ বাৰ্তাঃ অসমত বহিঃৰাজ্যৰ পৰা আমদানি কৰা ফৰমেলিনযুক্ত মাছ বন্ধ কৰাৰ দাবীত শুকুৰবাৰে জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদৰ সকলো জিলা সমিতিয়ে জিলাৰ উপায়ুক্তৰ জৰিয়তে মুখ্যমন্ত্ৰীলৈ স্মাৰক পত্ৰ প্ৰদান কৰে৷ পৰিষদৰ কেন্দ্ৰীয় সমিতিৰ সভাপতি পলাশ চাংমাই আৰু সাধাৰণ সম্পাদক ৰাতুল বৰগোঁহাইয়ে কয়– অসমত দৈনিক বহিঃৰাজ্যৰ পৰা বিশেষকৈ অন্ধ্ৰপ্ৰদেশ আৰু উত্তৰপ্ৰদেশৰ কানপুৰৰ পৰা লাখ লাখ কেজি চালানি মাছ আমদানি হয়৷ উল্লেখ্য, ৰাজপথেৰে  ট্ৰাকৰ জৰিয়তে পাঁচ-ছয়দিনীয়া যাত্ৰাৰে আমদানি কৰা এই মাছসমূহ নষ্ট নহ’বলৈ বিষাক্ত ৰাসায়নিক দ্ৰব্য ফৰ্মেলিন ছটিয়াই অনা হয়৷ ফৰ্মেলিন নামৰ বিষাক্ত ৰাসায়নিক দ্ৰব্য বিধ প্ৰকৃততে মৃতদেহ বহুদিনলৈ সংৰক্ষণ কৰি ৰখাৰ বাবে ব্যৱহাৰ কৰা হয়৷ এনে বিষাক্ত ৰাসায়নিক দ্ৰব্য সন্নিবিষ্ট মাছ ৰাইজক খুৱাই জনসাধাৰণক নিঃশেষ কৰাৰ এক সুদুৰ প্ৰসাৰী পৰিকল্পনা কৰিছে৷ এই ক্ষেত্ৰত হাত উজান দি ব্যক্তিগত মুনাফা লুণ্ঠনৰ বাবে বহিৰাগত ব্যৱসায়ীৰ সতে অসমৰ এচাম অসাধু ব্যৱসায়ী আৰু ৰাজনৈতিক নেতা পালিনেতা জড়িত হৈ পৰিছে৷ বহিঃৰাজ্যৰ পৰা ফৰ্মেলিনযুক্ত মাছ আমদানি হৈ থকা বিষয়টো বহু পূৰ্বেই ফাদিল হৈছিল যদিও এই ক্ষেত্ৰত চৰকাৰে কোনো কাৰ্য্যকৰী পদক্ষেপ গ্ৰহণ কৰা দেখা নগ’ল৷ আনহাতে বহিঃৰাজ্যৰ পৰা আমদানি হোৱা বজাৰখন সম্পূৰ্ণৰূপে ৰাজনৈতিক পৃষ্ঠপোষকতা থকা এটা চিণ্ডিকেট চক্ৰই নিয়ন্ত্ৰণ কৰি আহিছে৷ এই চিণ্ডিকেট চক্ৰটোৰ ধন দিছপুৰলৈকে যায় বুলি সততে অভিযোগ উত্থাপিত হৈ আহিছে৷ জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদে বহিঃৰাজ্যৰ পৰা আমদানিকৃত সকলো ধৰণৰ ফৰ্মেলিনযুক্ত মাছ বন্ধ কৰাৰ দাবীত পৰিষদৰ সমগ্ৰ  সংশ্লিষ্ট জিলা সমিতিসমূহৰ জৰিয়তে মুখ্যমন্ত্ৰীলৈ জিলাৰ উপায়ুক্ত আৰু মহকুমাসমূহৰ মহকুমাধিপতিৰ যোগেদি এক স্মাৰক পত্ৰ প্ৰদানৰ কাৰ্যসূচী গ্ৰহণ কৰে৷ সকলো ধৰণৰ ব্যক্তিগত মুনাফা, চিণ্ডিকেট আদিৰ উদ্ধৰ্ত গৈ তাৎক্ষণিকভাৱে কাৰ্য্যকৰী হোৱাকৈ বহিঃৰাজ্যৰ পৰা আমদানি হোৱা ফৰ্মেলিনযুক্ত মাছ বন্ধ কৰাৰ দাবী জনায় যুৱ-ছাত্ৰ পৰিষদে৷