Logo
image

আকাশবাণীৰ প্ৰখ্যাত বাতৰি পৰিৱেশক হিৰণ দত্তৰ জীৱনাৱসান

আমাৰ অসম,২৯ এপ্ৰিলঃ ‘এয়া আকাশবাণী, বাতৰি পঢ়িছোঁ হিৰণ দত্তই’– দুই দশকৰ আগলৈকে প্ৰতিজন ৰেডিঅ’ শ্ৰোতাৰ আকৰ্ষণ আছিল এই গাম্ভীৰ্যপূৰ্ণ কণ্ঠ৷ কিন্তু এই কণ্ঠ আৰু কোনোদিনেই শুনিবলৈ পোৱা নাযাব৷ এসময়ৰ আকাশবাণী দিল্লী কেন্দ্ৰৰ বাতৰি পৰিবেশক, লেখক    হিৰণ দত্তই আজি বিয়লি ২ বজাত দিল্লীৰ আয়ুষ্মান হাস্পতালত শেষ নিশ্বাস ত্যাগ কৰে৷ মৃত্যুৰ সময়ত তেওঁৰ বয়স হৈছিল ৭৬ বছৰ৷ তেওঁ এজন লেখক হিচাপেও সুপৰিচিত আছিল৷ তেওঁৰ ‘সন্ধ্যাৰাগ’ আৰু ‘বুঢ়া শালিকাৰ মাত’ নামৰ দুখন গ্ৰন্থ প্ৰকাশ পাইছে৷ ইয়াৰ উপৰি তেওঁ বহুসংখ্যক গল্প, প্ৰবন্ধ, নাটক আদি ৰচনা কৰিও জনপ্ৰিয়তা অৰ্জন কৰে৷ তেওঁ নন্দেশ্বৰ দত্ত আৰু সাৰদা দত্তৰ জ্যেষ্ঠ পুত্ৰ আছিল৷ দেউতাকে মৰিয়নি চাহ বাগিছাত কৰ্মৰত অৱস্থাতে হিৰণ দত্তৰ জন্ম হয়৷ পাছত দেউতাক বোকাখাতৰ ডিফলু চাহ বাগিছালৈ বদলি হোৱাত হিৰণ দত্তই বোকাখাতত স্কুলীয়া শিক্ষা আৰম্ভ কৰে৷ গোলাঘাটত দেৱৰাজ ৰয় মহাবিদ্যালয়ৰ পৰা স্নাতক ডিগ্ৰী গ্ৰহণ কৰি তেওঁ ৭০ৰ দশকৰ আৰম্ভণিতে গুৱাহাটী বিশ্ববিদ্যালয়ত আৰম্ভ কৰা সাংবাদিকতাৰ স্নাতকোত্তৰ পাঠ্যক্ৰমৰ প্ৰথম বৰ্ষৰ ছাত্ৰ আছিল৷ সাংবাদিকতাৰ শিক্ষা গ্ৰহণ কৰি তেওঁ হৰেন্দ্ৰনাথ বৰুৱা সম্পাদিত ‘নতুন অসমীয়া’ কাকতত উপ-সম্পাদক ৰূপে কিছুদিন কাৰ্যনিৰ্বাহ কৰে৷ ইয়াৰ পাছতে হেম বৰুৱা সম্পাদিত ‘আছাম এক্সপ্ৰেছ’ত সেৱা আগবঢ়ায় যদিও জনমভূমি গ্ৰুপে প্ৰফুল্ল বৰুৱাৰ সম্পাদনাত ‘দৈনিক জনমভূমি’ প্ৰকাশ কৰিবলৈ লোৱাত হিৰণ দত্তই ‘দৈনিক জনমভূমি’ত যোগদান কৰে৷ ১৯৭৫ চনৰ ফেব্ৰুৱাৰীত আকাশবাণীৰ অসমীয়া বাতৰি পৰিৱেশক ৰূপে যোগদান কৰি তেওঁ জনপ্ৰিয়তা অৰ্জন কৰে৷ আকাশবাণী দিল্লীত কৰ্ম সূত্ৰে তেওঁ দিল্লীৰ পালামৰ দ্বাৰকাত প্ৰাগজ্যোতিষ এপাৰ্টমেণ্টত নিগাজীকৈ থাকিবলৈ লয়৷ চাৰিদিন পূৰ্বে তেওঁ উশাহ-নিশাহত কষ্ট পোৱাত আয়ুষ্মান হাস্পতালত ভৰ্তি কৰোৱা হৈছিল যদিও আজি শেষ নিশ্বাস ত্যাগ কৰে৷ অৱশ্যে, তেওঁৰ নশ্বৰ দেহ কাইলৈহে পৰিয়ালৰ লোকক গটাই দিয়া হ’ব আৰু ইয়াৰ পাছতে দিল্লীতে অন্ত্য়েষ্টিক্ৰিয়া সম্পন্ন কৰা হ’ব বুলি পৰিয়ালৰ সূত্ৰই প্ৰকাশ কৰিছে৷ তেওঁ পত্নী, আৰু এজন পুত্ৰ-বোৱাৰী সহ আত্মীয় স্বজনক ইহসংসাৰত এৰি থৈ গৈছে৷ উল্লেখ্য, হিৰণ দত্ত ‘আমাৰ অসম’ৰ গোলাঘাটৰ ষ্টাফ ৰিপ’ৰ্টাৰ দ্বীপেন দত্তৰ জ্যেষ্ঠ ভাতৃ আছিল৷ তেওঁৰ মৃত্যুৰ বাতৰি বিয়পি পৰাত ৰেডিঅ’ শ্ৰোতা আৰু গুণমুগ্ধসকল শোকস্তব্ধ হৈ পৰিছে৷ হিৰণ দত্তৰ প্ৰকৃত নাম হিৰণলাল দত্ত যদিও তেওঁ হিৰণ দত্তৰূপেই জনপ্ৰিয় আছিল৷ শেহতীয়াকৈ ক’ভিডত আক্ৰান্ত হৈছিল হিৰণ দত্ত৷