Logo
image

এইবাৰ জাতীয়তাবাদী শিবিৰৰ ভোট বিভাজন নহয়

ঐক্যবদ্ধ জাতীয়তাবাদৰ কোনো বিকল্প নাই৷ জাতীয়তাবাদী শিবিৰসমূহ একত্ৰিত নহ’লে বিজেপিত উৎখাত আৰু কংগ্ৰেছ-এ আই ইউ ডি এফক প্ৰতিহত কৰিব নোৱাৰিব৷ জাতীয়তাবাদী শিবিৰৰ ভোট বিভাজন হ’ব নালাগিব৷ কাৰণ সকলো সংখ্যাৰ খেল৷ যিসমূহ ৰাজনৈতিক শক্তিয়ে বিজেপিৰ দৰে সাম্প্ৰদায়িক দলক উৎখাত কৰিব বিচাৰে, অবৈধ নাগৰিকক ভোটবেংক হিচাপে ব্যৱহাৰ কৰি অহা আৰু দুৰ্নীতি ভ্ৰষ্টাচাৰত নিমজ্জিত কংগ্ৰেছক প্ৰতিহত কৰিব বিচাৰে, সাম্প্ৰদায়িক এ আই ইউ ডি এফক প্ৰতিহত কৰিব বিচাৰে, সেই সকলোৱে এটা কথা নীতিগতভাৱে মানিবলৈ বাধ্য যে জাতীয়তাবাদী শক্তিৰ ঐক্যবদ্ধ হোৱাৰ বাহিৰে বিকল্প পথ নাই৷ যদি আমি জাতীয়তাবাদক প্ৰতিষ্ঠা কৰিব বিচাৰোঁ তেন্তে ঐক্যবদ্ধ হ’বই লাগিব৷ বিপদৰ পৰা সাম্প্ৰদায়িক পৰিৱেশৰ পৰা যদি অসমক উদ্ধাৰ কৰিব লাগে তেন্তে আমি ঐক্যবদ্ধভাৱে যুঁজ দিব লাগিব৷ অসম জাতীয় পৰিষদ বা ৰাইজৰ দল বা অন্য যি জাতীয়তাবাদী দল আছে বা যিসমূহ দল ৰাষ্ট্ৰীয় দলৰ বোকোচাত উঠা নাই বা তেওঁলোকৰ অক্সিজেন সেৱন কৰা নাই তেওঁলোক সকলোকে লৈ আমি আগবাঢ়িম৷ সেই কথা বতৰা চলি আছে৷ বিশেষকৈ ৰাইজৰ দলৰ লগত অনানুষ্ঠানিক কথা চলি আছে৷ বিহুৰ পিছত এই আলোচনা তৰান্বিত হ’ব৷ কাৰণ তেওঁলোকৰ ৰাজনৈতিক অভিৱৰ্তন অনুষ্ঠিত হোৱা নাছিল৷ এই বিষয়টোত আমি অতি গতিশীলভাৱে আগবাঢ়িম৷ আন আন দলসমূহৰ লগতো আমাৰ কথা বতৰা চলি আছে৷ বিহুৰ পিছতে এটাৰ পিছত এটাৰ উত্তৰ পাব৷ ইয়াত চিন্তিত বা শংকিত হোৱাৰ কথা নাই৷ আমাৰ মূল লক্ষ্যই হ’ল জাতীয়তাবাদী ভোট একত্ৰিত কৰা৷ বিজেপি কোনো কাৰণতে বিধানসভাৰ আগন্তুক নিৰ্বাচনত লাভাম্বিত নহয়৷ ২০১৬, ২০১৯ চনৰ নিৰ্বাচনত অসমবাসীৰ ওচৰত কোনো বিকল্প জাতীয়তাবাদী শক্তি নাছিল৷ অগপ ভেজাল জাতীয়তাবাদী ৰাজনৈতিক শক্তি৷ সেইটো ইতিমধ্যে প্ৰমাণিত হৈছে৷ অসম বিৰোধী কাম কৰি আছে অগপই৷ গাদী ৰক্ষাৰ কাৰণে শ্বহীদক অপমান কৰিছে৷ অসম চুক্তি পৰিপন্থী কামত লিপ্ত হৈছে৷ ২০১৬ চনৰ নিৰ্বাচনত বিজেপিৰ কোনো সংগঠন নাছিল৷ নিজৰ কোনো ভোটবেংক নাছিল৷ অসমৰ ৰাইজে পৰিৱৰ্তন বিচাৰি বিজেপিক ভোট দিলে৷ বিজেপিয়ে সাম্প্ৰদায়িক আৰু গণতন্ত্ৰ ধবংস কৰাৰ পৰিৱেশ আনিলে৷ দুৰ্নীতি, ভ্ৰষ্টাচাৰ, চিণ্ডিকেটৰাজ আদিৰ দৰে সকলো ধৰণৰ বে আইনী কাম-কাজত জড়িত হৈ পৰিল৷ পৰিৱৰ্তন বিচাৰি ’১৬, ’১৯ত যিসকলে বিজেপিক ভোট দিছিলে, সেইসকলৰ অভিজ্ঞতা বহুত বেয়া৷ বিজেপিৰ ভেটি ৫০ শতাংশ খহনীয়া হৈছে৷ ‘কা’বিৰোধী আন্দোলনৰ সময়ত সেই খহনীয়া আৰম্ভ হৈছিল৷ বিজেপিৰ পুৰণি ভোটবেংকত খহনীয়া আহিল৷ জাতীয়তাবাদী শিবিৰৰ ভোট বাধ্য হৈ বিজেপিক দিছিল৷ মোদীৰ ঢৌৰ বাহিৰেও জাতীয়তাবাদী শিবিৰৰ ভোটৰে বিজেপি শাসনলৈ আহিছিল৷ কংগ্ৰেছৰ ভোটবেংক এতিয়া খহনীয়াৰ গ্ৰাসত৷ কংগ্ৰেছৰ অভিজ্ঞতা ৰাইজে পাই থৈছে৷ কংগ্ৰেছৰ দিল্লী, বিহাৰ, বিটিএডি, তিৱা, পঞ্চায়ত নিৰ্বাচনৰ অভিজ্ঞতা ৰাইজে পালে৷ যিজনে নিৰ্বাচনত নিজিকে সেই দলৰ লগত কোনো নাথাকে৷ কংগ্ৰেছৰ ভোট বেংকৰ ৬০ শতাংশ খহনীয়া হৈছে৷ অগপৰ মানুহে গুপ্তহত্যা কৰিলে৷ এইবাৰ আপোচ কৰিলে৷ চৰকাৰৰ পৰা ওলাই আহি আকৌ সোমাল৷ কোনোবাই চকুপানী টুকিলে৷ কোনোবাই মাকৰ আহ্বান শুনিলে৷ হঠাৎ আকৌ এই আহ্বান নুশুনা হৈ গ’ল৷ অসম চুক্তি তেওঁলোকৰ মূল আধাৰ আছিল৷ অসম চুক্তিক নস্যাৎ কৰি ‘কা’ আনিলে৷ কেৱল ক্ষমতাৰ লোভত যে কৰিলে প্ৰমাণ হৈ গ’ল৷ অসমৰ জাতীয়তাবাদী কৰ্মীৰ ৯৯ শতাংশ আমাৰ ওচৰ চাপিব৷ গতিকে জাতীয়তাবাদক দি এইবাৰ বেলেগৰ চৰকাৰ নহয়৷ ভোট বিভাজনৰ আশংকা নাই৷ জাতীয়তাবাদী ভোট একে ঠাইতে পৰিব আৰু ই চৰকাৰ গঠন কৰিব৷ সংখ্যালঘু সকলক ভয় খুৱাই খুৱাই কংগ্ৰেছে ভোট লৈ আছে৷ ১৯৭১ চনৰ আগত অহা কোনো লোক হিন্দু মুছলমান হৈ থাকিব নিবিচাৰে৷ নিজকে অসমীয়া জাতীয়তাবাদ হিচাপে পৰিচয়  দিব বিচাৰে৷ কংগ্ৰেছ এ আই ইউ ডি এফৰ এনে সাম্প্ৰদায়িক ভোট জাতীয়তাবাদী শিবিৰলৈ আহিব৷ বদৰুদ্দিনৰ মুখ দেখুৱাই, তেওঁ মুখ্যমন্ত্ৰী হ’ব বুলি কৈ ৬৫ শতাংশ মানুহৰ ভোট ল’ব বিচাৰি আছে বিজেপিয়ে৷