Logo
image

ঘৃণাভাষ্যৰ বিৰুদ্ধে আৰক্ষীক নিজাববীয়া গোচৰ ৰুজু কৰাৰ নিৰ্দেশ ছুপ্ৰিম ক’ৰ্টৰ

আমাৰ অসম,২৯ এপ্ৰিলঃ দেশৰ সংবিধানবিৰোধী আৰু সংবিধানৰ প্ৰস্তাৱনাৰ ধৰ্মনিৰপেক্ষ বৈশিষ্টৰ পৰিপন্থী যিকোনো ঘৃণামিশ্ৰিত ভাষণ বা বিদ্বেষমূলক ভাষণৰ বিৰুদ্ধে গোচৰ তৰিবলৈ দেশৰ সকলো ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত প্ৰদেশক কঠোৰ নিৰ্দেশ দিছে উচ্ছতম ন্যায়ালয়ে৷ সৰ্বোচ্ছ আদালতে ২০২২ চনতে প্ৰদান কৰা এই নিৰ্দেশ শুকুৰবাৰে পূৰ্বতকৈ কঠোৰ হৈ পুনৰ বৃদ্ধি কৰিছে৷ ২০২২ চনত দিল্লী, উত্তৰ প্ৰদেশ আৰু উত্তৰাখণ্ডৰ আৰক্ষীক ঘৃণামিশ্ৰিত ভাষণৰ ক্ষেত্ৰত স্বতঃপ্ৰণোদিত গোচৰ ৰুজু কৰিবলৈ নিৰ্দেশ দিছিল৷ এইবাৰ দেশৰ সকলো ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত প্ৰদেশক সেই নিৰ্দেশ দি উচ্ছতম ন্যায়ালয়ে ঘৃণামিশ্ৰিত ভাষণ এক ভয়ংকৰ অপৰাধ বুলি অভিহিত কৰিছে৷ তদুপৰি উচ্ছতম ন্যায়ালয়ে অধিক কঠোৰতা প্ৰদৰ্শন কৰি নতুন নিৰ্দেশত কৈছে যে, কোনো ব্যক্তিয়ে তেনে ভাষণৰ বিৰুদ্ধে গোচৰ নতৰিলেও ৰাজ্যই স্বতঃপ্ৰণোদিত হৈ গোচৰ তৰিব লাগিব আৰু গোচৰ তৰাত বিলম্ব ঘটিলে সেয়া আদালত অৱমাননা হিচাপে গণ্য কৰা হ’ব৷ দেশৰ গৃহমন্ত্ৰী অমিত শ্বাহে কৰ্ণাটকৰ নিৰ্বাচনী সভাত বিদ্বেষপূৰ্ণ ভাষণ প্ৰদান কৰি তীব্ৰ বিতৰ্কৰ সৃষ্টি কৰাৰ সময়তে সৰ্বোচ্ছ আদালতে ঘৃণামিশ্ৰিত  ভাষণৰ বিৰুদ্ধে এনে কঠোৰ নিৰ্দেশ বৰ্ধিত কৰাৰ বিষয়টো তাৎপৰ্যপূৰ্ণ বিবেচিত হৈছে৷ অমিত শ্বাহৰ ঘৃণামিশ্ৰিত ভাষণৰ বিৰুদ্ধে কংগ্ৰেছ দলে কৰ্ণাটকত গোচৰ ৰুজু কৰিছে৷ অমিত শ্বাহে  নিৰ্বাচনী সভাত কৈছিল–কৰ্ণাটকত কংগ্ৰেছ দল শাসনলৈ আহিলে ৰাজ্যখনত সাম্প্ৰদায়িক সংঘৰ্ষ হ’ব৷ অৱশ্যে উচ্ছতম ন্যায়ালয়ে শুকুৰবাৰে বৰ্ধিত কৰা এই নিৰ্দেশৰ সৈতে অমিত শ্বাহৰ ভাষণৰ প্ৰত্যক্ষ সম্পৰ্ক নাই, এয়া কাকতালীয় সংযোগহে৷ উল্লেখ্য যে দিল্লীৰ বিধানসভাৰ নিৰ্বাচনৰ সময়ত কেন্দ্ৰীয় মন্ত্ৰী অনুৰাগ ঠাকুৰে এখন নিৰ্বাচনী সভাত ভাগ লৈ তেতিয়াৰ ‘কা’ আন্দোলনকাৰীক দেশৰ গাড্ডাৰ বুলি অভিহিত কৰিছিল আৰু তেওঁলোকক গুলীয়াব লাগে বুলি বিদ্বেষপূৰ্ণ ভাষণ প্ৰদান কৰিছিল৷ অনুৰাগ ঠাকুৰৰ সেই ভাষণে তীব্ৰ বিতৰ্কৰ সৃষ্টি কৰিলেও তেওঁৰ বিৰুদ্ধে কোনো উল্লেখযোগ্য শাস্তি নহ’ল৷ 

উচ্ছতম ন্যায়ালয়ৰ ন্যায়াধীশ কে এম যোছেফ আৰু বি ভি নাগৰত্নাৰ বিচাৰপীঠে প্ৰদান কৰা এই বৰ্ধিত নিৰ্দেশত কোৱা হৈছে, বিদ্বেষপূৰ্ণ ভাষণে দেশৰ ধৰ্মনিৰপেক্ষ বৈশিষ্টৰ ক্ষতিসাধন কৰে৷ সেয়ে ৰাষ্ট্ৰই সংবিধানৰ এই প্ৰস্তাৱনা সুৰক্ষিত কৰি ৰখা প্ৰয়োজন৷ এই ক্ষেত্ৰত দেশৰ প্ৰত্যেকখন ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত প্ৰদেশৰ চৰকাৰৰ গুৰুত্বপূৰ্ণ দায়িত্ব আছে৷ তেওঁলোকে তেনে ভাষণৰ বিৰুদ্ধে আৰক্ষীৰ দ্বাৰা অবিলম্বে গোচৰ ৰুজু কৰাব লাগে৷ ধৰ্ম, ব্যক্তি, সংগঠন নিৰ্বিশেষে এনে ভাষণৰ বিৰুদ্ধে গোচৰ ৰুজু কৰাটো প্ৰত্যেকখন ৰাজ্য চৰকাৰৰ দায়িত্ব বুলি বিচাৰপীঠে মন্তব্য কৰিছে৷ এই প্ৰসংগত সৰ্বোচ্ছ আদালতত জমা হোৱা কেইবাখনো আবেদন একেলগ কৰি দুজনীয়া ন্যায়াধীশৰ বিচাৰপীঠে শুনানি লয় আৰু প্ৰথমদিনাই বিচাৰপীঠে পূৰ্বৰ নিৰ্দেশ বৰ্ধিত কৰে আৰু সেই ক্ষেত্ৰত আগতকৈ কঠোৰতা অৱলম্বন কৰে৷ উল্লেখ্য, আবেদনকাৰীয়ে এনে বিদ্বেষপূৰ্ণ ভাষণ লক্ষ্য ৰাখিবৰ বাবে প্ৰত্যেকখন ৰাজ্যত এজনকৈ ন’ডেল বিষয়া নিয়োগৰ বাবে আদালতক প্ৰস্তাৱ দিছিল৷ সৰ্বোচ্ছ আদালতে ৰাজ্যৰ পৰিৱৰ্তে প্ৰত্যেকখন জিলাত একোজনকৈ ন’ডেল বিষয়া নিয়োগ কৰাৰ পোষকতা কৰে৷ সেই বিষয়াজনে সংশ্লিষ্ট জিলাত যিকোনো ধৰ্মৰ ব্যক্তিয়ে বিদ্বেষপূৰ্ণ ভাষণ প্ৰদান কৰাৰ খবৰ সংগ্ৰহ কৰাৰ লগতে আৰক্ষীৰ ওচৰত গোচৰ ৰুজু কৰাৰ ক্ষেত্ৰতো আগভাগ ল’ব লাগিব৷ অৱশ্যে এই সন্দৰ্ভত শুকুৰবাৰে উচ্ছতম ন্যায়ালয়ে চূড়ান্ত নিৰ্দেশ জাৰি কৰা নাই৷ অহা ১২ মে’ত এই গোচৰৰ পুনৰ শুনানি হ’ব৷ আশা কৰা হৈছে চূড়ান্ত ৰায়ত সৰ্বোচ্ছ আদালতৰ নিৰ্দেশ এনে বিদ্বেষপূৰ্ণ ভাষণৰ ক্ষেত্ৰত কঠোৰৰ পৰা কঠোৰতম হ’ব৷