Logo
image

উফিৰ পৰা এইদৰে সকাহ পাওক

মূৰত উফি হ’লে সাধাৰণতে চুলি সৰিবলৈ আৰম্ভ কৰে আৰু চুলিৰ সৌন্দৰ্যও হানি কৰে৷ উফিৰ সমস্যা বৃদ্ধি পোৱাৰ পূৰ্বে ঘৰুৱাভাৱে ব্যৱস্থা গ্ৰহণ কৰিলেও ইয়াৰ পৰা হাত সাৰিব পাৰি৷ পুৰুষ-মহিলা উভয়ে এই সমস্যাত ভোগে যদিও পুৰুষৰ উফিৰ সমস্যা বেছিকৈ হয়৷ মূৰৰ ছালখন যেতিয়া শুকান হৈ পৰে তেতিয়া ছালৰ সৰু সৰু টুকুৰাবোৰ চুলিৰ মাজত দেখা যায়৷ ইয়াকেই সাধাৰণতে উফি বুলি কোৱা হয়৷ উফিয়ে যদিও বিশেষ শাৰীৰিক সমস্যাৰ সৃষ্টি নকৰে ইয়াৰ ফলত চুলি কেতিয়াবা সহজে সৰি যায় আৰু ই চুলিৰ সৌন্দৰ্যও হানি কৰে৷ মধ্যবয়সীয়া লোকৰ ক্ষেত্ৰত এই সমস্যা বেছিকৈ দেখা যায়৷ হৰমনৰ তাৰতম্যৰ কাৰণেও উফি হয়৷ মূৰৰ ছালখনত ভেকুৰৰ সংক্ৰমণ হ’লেও উফিৰ সমস্যাই দেখা দিব পাৰে৷ সাধাৰণতে গ্ৰীষ্মকালতকৈ শীতকালত উফিৰ সমস্যা বেছিকৈ হয়৷ গ্ৰীষ্মকালত সূৰ্যৰ আল্ট্ৰাভায়’লেট ৰশ্মিয়ে ভেকুৰ সৃষ্টিত বাধা দিয়ে৷ সেইবাবে চুলিত অলপ ৰ’দ লগাটো উপকাৰী৷ চুলি ভালকৈ নোধোৱাৰ ফলতো উফি হ’ব পাৰে৷

⬛নেমু আৰু নাৰিকলৰ তেলঃ উফি হ’লে নেমু আৰু নাৰিকলৰ তেল মিশ্ৰণ কৰি কেইবাদিনো চুলিত লগালে উফিৰ পৰিমাণ হ্ৰাস পায়৷ 

⬛জলফাই তেলঃ জলফাই তেল চুলিত লগালেও কম সময়ৰ ভিতৰতে উফিৰ সমস্যাৰ পৰা হাত সাৰিব পাৰি৷ জলফাই তেলত এণ্টি ইনফ্লেমেটৰি আৰু এণ্টি অক্সিডেণ্ট থকাৰ বাবে এই তেল চুলিত সানিলে উফিৰ লগতে চুলি সৰাও বন্ধ হয়৷ 

⬛জলফাই তেল আৰু আলমণ্ডঃ জলফাই আৰু আলমণ্ড তেল একেলগে মিহলাই চুলিত লগালে উফি কমি যায়৷ জলফাই তেলৰ সৈতে কণীৰ কুহুম মিহলাই চুলিত সানিলেও চুলি সহজে পৰিষ্কাৰ আৰু উফি নোহোৱা হৈ পৰে৷

⬛নিমপাত আৰু নেমুঃ নিমপাতৰ সৈতে নেমুৰ ৰস মিহলাই সেই ৰসেৰে চুলি ধুলে উফি নাইকিয়া হয়৷ এই মিশ্ৰণটো আধাঘণ্টামান চুলিত লগোৱাৰ পাছত চুলিখিনি ধুই পেলালে উফি সহজেই আঁতৰি যায়৷

⬛মেথিগুটিৰ পানীঃ মেথিগুটি ৰাতি পানীত তিঁয়াই থৈ পুৱা সেইখিনি পিছি লৈ মূৰত লগাব লাগে৷ ৩০-৪০ মিনিট পাছত পৰিষ্কাৰ পানীৰে চুলি ধুলে উফি আঁতৰি যোৱাৰ লগতে চুলি সৰাও বন্ধ হয়৷

⬛আমলখিৰ গুড়িঃ আমলখিৰ গুড়িৰ সৈতে কেইটামান তুলসীপাত পিছি লৈ আধাঘণ্টামান চুলিত লগাব লাগে৷ পাছত চুলিখিনি ধুলে  সহজেই চুলি পৰিষ্কাৰ হোৱাৰ লগতে উফি আঁতৰি যায়৷ এইদৰে ব্যৱস্থা গ্ৰহণ কৰিলে উফিৰ সমস্যাৰ পৰা হাত সাৰিব পাৰি৷ উফি আঁতৰ নহ’লে চিকিৎসকৰ পৰামৰ্শ ল’ব লাগে৷