ফৰ্মেলিনযুক্ত মাছক লৈ বিপদ
অত্যাৱশ্যকীয় সামগ্ৰীৰ অত্যধিক মূল্যবৃদ্ধিয়ে সৰ্বসাধৰণক দুৰ্ভোগ ভোগোৱাৰ সময়তে মানৱ দেহৰ বাবে অতি ক্ষতিকাৰক ফৰ্মেলিনযুক্ত মাছ বজাৰত অবাধে বিক্ৰী হৈ থকাৰ বিষয়ে সংবাদ মাধ্যমত প্ৰকাশ পোৱা বাতৰিয়ে সকলোকে চিন্তিত কৰি তুলিছে৷ উল্লেখযোগ্য যে অসমত মাছৰ চাহিদা পূৰণ কৰাৰ বাবে বহিঃৰাজ্যৰ পৰা বহু পৰিমাণৰ মাছ আমদানি কৰা হয়৷ এই মাছবোৰ বেছিদিনলৈ গেলি নোযোৱাকৈ ৰাখিবলৈ অসাধু ব্যৱসায়ীসকলে মাছত বিষাক্ত ফৰ্মেলিন মিহলি কৰে আৰু এই মাছ খোৱাৰ ফলত ফৰ্মেলিনো গ্ৰাহকৰ শৰীৰত মিহলি হয়৷ চিকিৎসকৰ মতে, ফৰ্মেলিনৰ মানৱ শৰীৰত প্ৰৱেশ ঘটিলে মাৰাত্মক ব্যাধিয়ে দেখা দিয়াৰ পূৰ্ণ সম্ভাৱনা আছে৷ অসমত বহিঃৰাজ্যৰ পৰা ফৰ্মেলিনযুক্ত মাছ বিক্ৰীৰ বাবে অনাটো নতুন কথা নহয়৷ পাঁচ বছৰ পূৰ্বেও এনেধৰণৰ অভিযোগ উত্থাপন হোৱাৰ পাছতো ৰাজ্য চৰকাৰে বাহিৰৰ পৰা অহা চালানী মাছবোৰৰ গুণাগুণ পৰীক্ষাৰ উপযুক্ত ব্যৱস্থা কৰা নাছিল৷ এইবাৰো নগাঁও মহাবিদ্যালয়ৰ প্ৰাণী বিজ্ঞান বিভাগৰ গৱেষণাত চালানী মাছত মাৰাত্মক বৰবিহস্বৰূপ ফৰ্মেল-ডি-হাইডৰ ১৫ শতাংশ পৰ্যন্ত অৱস্থিতি ধৰা পৰা বুলি বাতৰি প্ৰচাৰ হোৱাৰ পাছতো বিষয়টো সন্দৰ্ভত ৰাজ্য চৰকাৰে যথোচিত ব্যৱস্থা লোৱাৰ সলনি গ্ৰাহকক চালানী মাছ ক্ৰয় কৰাৰ পৰা বিৰত থকাৰ পৰামৰ্শ দিয়াটো আশ্চৰ্যৰ বিষয়৷ শেহতীয়াভাৱে অৱশ্যে মীন বিভাগে ফৰ্মেলিন পৰীক্ষাৰ বাবে পত্ৰযোগে গুৱাহাটী বিশ্ববিদ্যালয়ৰ প্ৰাণী বিজ্ঞান বিভাগ, ৰহাস্থিত মীন মহাবিদ্যালয়, গুৱাহাটীৰ খানাপাৰাস্থিত পশু চিকিৎসা মহাবিদ্যালয় আৰু মহানগৰীৰ হাউছফেডস্থিত কেন্দ্ৰীয় আভ্যন্তৰীণ মৎস্য গৱেষণা প্ৰতিষ্ঠানক আনুষ্ঠানিক দায়িত্ব অৰ্পণ কৰিছে৷ এই পৰীক্ষাৰ প্ৰতিবেদনৰ ওপৰত এতিয়া সকলোৰে দৃষ্টি নিবদ্ধ থাকিব৷
সৰ্বসাধাৰণৰ মনত সৃষ্টি হোৱা প্ৰশ্নটো হৈছে যে চালানী মাছত ব্যৱহাৰ কৰা ফৰ্মেলিন মাৰাত্মক বেমাৰৰ বাহক বুলি জনাৰ পাছতো এই মাছৰ ব্যৱসায়ৰ সৈতে জড়িতসকলৰ প্ৰতি ৰাজ্য চৰকাৰৰ অহৈতুক দৰদ কিয়? অসমত চালানী মাছৰ ব্যৱসায় নিষিদ্ধ কৰা হ’ব বুলিও মাজে-সময়ে চৰকাৰৰ ফালৰ পৰা বিবৃতি প্ৰকাশ কৰা হয় যদিও কথাবোৰ বিবৃতিতে সীমাবদ্ধ থাকি যায়৷ অসমত চালানী মাছৰ ব্যৱসায় বন্ধ কৰিবলৈ হ’লে ৰাজ্যখনত মৎস্য উৎপাদন বৃদ্ধি কৰাত গুৰুত্ব দিব লাগিব৷ শেহতীয়াকৈ অসমত মৎস্য উৎপাদন কিছু বৃদ্ধি পাইছে যদিও ৰাজ্যখনত মাছৰ চাহিদা পূৰণৰ বাবে এয়া যথেষ্ট নহয়৷ তেনেক্ষেত্ৰত গ্ৰাহকৰ চাহিদা পূৰাবলৈ বাহিৰৰ পৰা মাছ আনিবই লাগিব৷ কিন্তু বহিঃৰাজ্যৰ পৰা অনা মাছবোৰৰ গুণাগুণ পৰীক্ষা কৰাৰ দায়িত্ব চৰকাৰৰ সংশ্লিষ্ট বিভাগৰ৷ কেৱল মাছ অথবা মঙহতেই যে বিষাক্ত দ্ৰব্য মিহলি কৰা হয়, তেনে নহয়৷ গ্ৰীষ্মকালত বজাৰ ভৰি পৰা বিভিন্ন সুস্বাদু ফল-মূলবোৰ পকোৱা হয় বিষাক্ত গেছ আৰু ৰাসায়নিক পদাৰ্থৰে, যিবোৰ মানৱ শৰীৰৰ বাবে অত্যন্ত ক্ষতিকাৰক৷ কেইবছৰমান পূৰ্বে কামৰূপ মহানগৰ জিলা প্ৰশাসন আৰু গুৱাহাটী পৌৰ নিগমে ফাঁচী বজাৰত অভিযান চলাই স্বাস্থ্যৰ বাবে হানিকাৰক কেলচিয়াম কাৰ্বাইডৰ সহায়ত পকোৱা কেইবা কুইণ্টল আম জব্দ কৰিছিল৷ কিন্তু এবাৰ এনেদৰে অভিযান চলাই চমক দিয়াৰ পৰিৱৰ্তে সংশ্লিষ্ট বিভাগে অসাধু ব্যৱসায়ীসকলৰ ওপৰত সতৰ্ক দৃষ্টি ৰাখিব লাগিব৷
মৎস্য পালনৰ দ্বাৰা অসমত মাছৰ চাহিদা পূৰণ কৰাৰ প্ৰচুৰ সম্ভাৱনা থকাৰ পাছতো ৰাজ্যৰ বাহিৰৰ পৰা বৃহৎ পৰিমাণৰ মাছ আমদানি কৰাৰ যুক্তি ক’ত? ৰাজ্য চৰকাৰে অসমক সকলো ক্ষেত্ৰতে স্বাৱলম্বী কৰিবলৈ প্ৰতিশ্ৰুতিবদ্ধ বুলি প্ৰায়েই দাবী কৰে৷ তেনেক্ষেত্ৰত মৎস্য উদ্যোগৰ প্ৰচুৰ সম্ভাৱনা থকা সত্ত্বেও অসমত মাছৰ উৎপাদন বৃদ্ধি কৰাত গুৰুত্ব দিয়া নহয় কিয়? অসমত ফৰ্মেলিনযুক্ত মাছৰ ব্যৱসায় অবাধে চলি থকাটোৱে এই ব্যৱসায়ৰ সৈতে জড়িতসকলক উৎসাহিত কৰা নাইনে? এইক্ষেত্ৰত গ্ৰাহকসকলৰো কিছু সচেতনতাৰ প্ৰয়োজন৷ কেৱল চালানী মাছেই নহয়, আন বহু খাদ্যসামগ্ৰী সংৰক্ষণ কৰাৰ নামত ব্যৱসায়ীসকলে এই ফৰ্মেলিন ব্যাপক হাৰত ব্যৱহাৰ কৰে৷ সেয়েহে এনেবোৰ সামগ্ৰী ক্ৰয় কৰাৰ ক্ষেত্ৰত গ্ৰাহকসকলো সতৰ্ক হোৱা উচিত৷ খাদ্যবস্তু ভেজাল কৰা ব্যৱসায়ীৰ বিৰুদ্ধে প্ৰশাসনে কঠোৰ ব্যৱস্থা লোৱা উচিত৷ হঠাৎ এদিন অভিযান চলাই ভেজাল সামগ্ৰী জব্দ কৰিলেই সমস্যাৰ সমাধান নহয়৷ খাদ্যবস্তুৰ ভেজালকৰণৰ বিৰুদ্ধে চকু ৰখাৰ বাবে চৰকাৰৰ এটা নিৰ্দিষ্ট বিভাগ আছে৷ কিন্তু বিভাগটো এই দিশত সক্ৰিয় নোহোৱাৰ অভিযোগ প্ৰায়েই শুনা যায়৷ চৰকাৰী বিভাগ আৰু প্ৰশাসনে ভেজাল খাদ্যসামগ্ৰী বিক্ৰী কৰা ব্যৱসায়ীৰ বিৰুদ্ধে কঠোৰ পদক্ষেপ গ্ৰহণ নকৰে, তেনেহ’লে অসাধু ব্যৱসায়ীসকল নিৰ্বিঘ্নে ভেজালকৰণৰ দৰে গুৰুতৰ অপৰাধত লিপ্ত থাকিব আৰু তাৰ ফল ভোগ কৰিব লাগিব সাধাৰণ গ্ৰাহকে৷