স্বাস্থ্যখণ্ডৰ ‘ৰোগ’ নিৰাময়
বিভিন্ন জনহিতকৰ আঁচনিৰে কেন্দ্ৰীয় চৰকাৰে স্বাস্থ্যখণ্ডক যথেষ্ট সকাহ দিছে যদিও ইয়াৰ লগতে কিছু নেতিবাচক বাতৰিয়েও বৰ্তমান মূৰ দাঙি উঠিছে৷ শেহতীয়াকৈ কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰণালয়ৰ নিয়ামক সংস্থা ডিচিজিআই-এৰ দ্বাৰা ১৮টা ফাৰ্মা কোম্পানীৰ অনুজ্ঞা পত্ৰ বাতিল কৰা হৈছে আৰু লগতে দেশৰ ৪৮বিধ অতি প্ৰয়োজনীয় বহুল ব্যৱহৃত ঔষধ গুণমানৰ মাপকাঠীত বিফল হৈছে৷ এই ঔষধবোৰৰ মাজত হৃদৰোগ, মধুমেহ, ৰক্তচাপ আদিৰ দৰে গুৰুতৰ ৰোগ আৰু মাল্টি -ভিটামিন আৰু কেলচিয়ামৰ লেখীয়া প্ৰয়োজনীয় ঔষধো আছে৷ বাতৰি অনুসৰি যোৱা বছৰ ভাৰতত প্ৰস্তুত কৰা কাহৰ ছিৰাপ খাই উজবেকিস্থানৰ ১৮টি শিশুৰ মৃত্যু হৈছিল আৰু বিশ্ব স্বাস্থ্য সংস্থাই সতৰ্কতা জাৰি কৰিছিল৷ সেই সময়তে চৰকাৰীভাৱে এইক্ষেত্ৰত বিশেষভাৱে পৰীক্ষা-নিৰীক্ষা কৰি কঠোৰ ব্যৱস্থা লোৱা হ’লে জনস্বাস্থ্য হানিকাৰক তথা ভয়ানক ব্যৱস্থা নিঃচিহ্ন কৰিব পৰা গ’লহেঁতেন৷ স্বাস্থ্য বিভাগৰ তথ্য অনুসৰি এই ঔষধসমূহত থকা ভেজাল উপাদানবোৰে আমাৰ স্বাস্থ্যলৈ ভয়ানক বিপদ ঘটাব পাৰে৷ উদাহৰণস্বৰূপে কিছু চকুৰ ঔষধতো বিষাক্ত উপাদান পোৱা গৈছিল, যাৰ পৰিণতিত চিৰদিনৰ বাবে অন্ধত্ব আহিব পাৰে৷ ৰোগ নিৰাময়ৰ বাবে ভৰসা কৰি ব্যৱহাৰ কৰা ঔষধে স্বাস্থ্য হানি কৰাটো অক্ষমনীয় অপৰাধ৷
ভাৰতৰ ফাৰ্মা কোম্পানীসমূহৰ ঔষধৰ ব্যৱসায় যথেষ্ট বিস্তৃত আৰু লাভজনক৷ জেনেৰিক ঔষধৰ ক্ষেত্ৰত আমাৰ দেশ বিশ্বৰ ২০ শতাংশ যোগানকাৰী৷ আমাৰ দেশৰ ঔষধ বিশ্বৰ ২০০খন দেশলৈ যোগান ধৰা হয় আৰু ক’ভিড অতিমাৰীৰ সময়ত ৬০ শতাংশ ভেকচিন যোগান ধৰা হৈছিল৷ এইবোৰৰ সমান্তৰালভাৱে ভেজালকৰণো সুদীৰ্ঘ দিনৰে পৰা চলি আছিল৷ উদাহৰণস্বৰূপে ২০১৩ চনত ভাৰতীয় প্ৰধান ফাৰ্মা কোম্পানী ৰে’নবক্সীক ভেজাল জেনেৰিক ঔষধ যোগান ধৰাৰ বাবে ৫০০ মিলিয়ন ডলাৰৰ জৰিমনা দিবলৈ বাধ্য কৰোৱা হৈছিল৷ জাম্বিয়াত ঔষধ যোগান ধৰোঁতা মেইডেন ফাৰ্মা কোম্পানীৰ ঔষধ ব্যৱহাৰ কৰা ৭০টা শিশু মৃত্যুমুখত পৰিছিল৷ দ্বিতীয়বাৰ যোৱা বছৰ একে কাৰণতে মেৰিয়ন বায়’টেক কোম্পানীৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰা হৈছিল৷ বৰ্তমান নেপালে ১৬টা ভাৰতীয় ফাৰ্মা কোম্পানীৰ ঔষধৰ ব্যৱহাৰ নিষিদ্ধ কৰিছে, যাৰ ভিতৰত হৰিদ্বাৰৰ বাবা ৰামদেৱৰ সামগ্ৰীও আছে৷ ড্ৰাগছ কণ্ট্ৰ’লাৰ জেনেৰেল অৱ ইণ্ডিয়াৰ মতে, দেশত ২০৩টা এনে কোম্পানীৰ বিৰুদ্ধে গোচৰ আছে যিবোৰ মুখ্যতঃ হিমাচল প্ৰদেশ, উত্তৰাখণ্ড আৰু মধ্যপ্ৰদেশৰ অন্তৰ্গত৷ আমাৰ দেশত স্বাস্থ্য বিভাগৰ বিভিন্ন গুৰুত্বপূৰ্ণ দিশত গৱেষণা, তথ্য সংগ্ৰহ, নিৰীক্ষণ আৰু সুৰক্ষিত আইন-কানুনৰ কঠোৰ প্ৰয়োগৰ বিশেষ অভাৱ, যাৰ বাবে ক’ভিড অতিমাৰীৰ সময়ত বিপদ দুগুণ বৃদ্ধি হৈছিল আৰু লগতে সা-সুবিধা, অক্সিজেন আদিৰ অভাৱত লক্ষাধিক লোকৰ মৃত্যু হৈছিল৷ ১৯৯৪ চনৰ চুৰাটৰ প্লেগৰ বিপৰ্যয়ৰ পাছত নেচনেল এপিকেল এডভাইজৰী কমিটী গঠন কৰা হৈছিল৷ ইয়াৰ পাছত ২০০৪ চনত ইণ্টিগ্ৰেটেড ডিজিজ ছাৰ্ভিলেঞ্চ প্ৰজেক্ট আৰু ২০১৯ চনত ইণ্টিগ্ৰেটেড হেল্থ ইনফৰ্মেচন প্লেটফৰ্ম গঠন কৰা হয়৷ ইয়াৰ পাছতো আমাৰ স্বাস্থ্যখণ্ডৰ বিভিন্ন দিশৰ দুৰ্বলতা, সমস্যা, প্ৰয়োজনীয়তা সম্পৰ্কত সঠিক তথ্য প্ৰয়োজনত লাভ কৰা সম্ভৱ নহয়, যাৰ বাবে যাৱতীয় ব্যৱস্থা গ্ৰহণত পলম হৈ যায়৷ বৰ্তমান আমাৰ দেশত চিকিৎসক আৰু ৰোগীৰ সেৱক, উপযুক্ত টেক্নিচিয়ান, গ্ৰামাঞ্চলৰ স্বাস্থ্য কেন্দ্ৰ, ব্লাড বেংক আদিৰ যথেষ্ট অভাৱ, যাৰ প্ৰভাৱ জনস্বাস্থ্যত বেয়াকৈ পৰে৷ দেশত নতুনকৈ যক্ষ্মা, পলিঅ’, এইচ আই ভি আদিৰ সংক্ৰমণৰ বাতৰি আহিছে৷ এনেবোৰ তথ্য, সজাগতা আৰু নিয়ন্ত্ৰণৰ ব্যৱস্থাকৰণ আৰু নিৰাময় ঔষধৰ যোগান সহজলভ্য কৰাৰ বাবে স্বাস্থ্য বিভাগৰ হাতত এখন বিশেষ কমিটী ন্যস্ত কৰা উচিত যাতে প্ৰয়োজনত সময়োচিত ব্যৱস্থা তৎকালীনভাৱে লোৱা সম্ভৱ হয়৷
সমস্যা আৰু আছে৷ শেহতীয়াকৈ দেশত ভালেমান অতি প্ৰয়োজনীয় ঔষধৰ মূল্যবৃদ্ধিয়ে ৰাইজক বেয়াকৈ বিপদত পেলাইছে৷ বাতৰি অনুসৰি পহিলা এপ্ৰিলৰ পৰা ৮০০বিধৰো অধিক অতি প্ৰয়োজনীয় ঔষধৰ মূল্য ১২ শতাংশপৰ্যন্ত বৃদ্ধি হৈছে৷ ইয়াৰ কাৰণ হিচাপে বিদেশৰ পৰা আমদানিকৃত কেঁচামালৰ মূল্য বৃদ্ধিলৈ আঙুলিওৱা হৈছে৷ সাধাৰণতে এখন দেশে অত্যাৱশ্যকীয় সামগ্ৰীবোৰ যেনে– ঔষধ, খোৱা তেল, পুষ্টিকৰ খাদ্য, দৈনন্দিন ব্যৱহৃত সামগ্ৰী আদি দেশতে প্ৰস্তুত কৰাৰ ব্যৱস্থা হাতত লোৱা উচিত৷ ইয়াৰ লগতে এনে সামগ্ৰীৰ কেঁচামাল, প্ৰস্তুত উদ্যোগ, গৱেষণা আদিৰ বাবে সা-সুবিধা আৰু পুঁজিৰ যোগানো সহজলভ্য কৰা প্ৰয়োজন যাতে জনসাধাৰণ হঠাতে বিপদত নপৰে৷ বিনামূলীয়া চাউল, স্কুটী বিতৰণতকৈ এনেবোৰ ব্যৱস্থা অধিক জনহিতকৰ৷ বৰ্তমান আমাৰ ৰাজ্যত কৰ্কট ৰোগে সৰ্বগ্ৰাসী ৰূপ ধাৰণ কৰিছে৷ লগতে বাৰিষাৰ ঘাতক ৰোগবোৰ আছেই৷ বহু সময়ত এজন কৰ্কট ৰোগীৰ চিকিৎসাত এটা পৰিয়াল সৰ্বস্বান্ত হোৱা দেখা যায়৷ ঔষধৰ মূল্যবৃদ্ধিয়ে ৰোগীৰ পৰিয়ালকো আৰ্থিকভাৱে ৰুগীয়া কৰি পেলাব৷ বৰ্তমান জেনেৰিক মেডিচিনৰ প্ৰচলন হৈছে যদিও বিভিন্ন কাৰণত এই ব্যৱস্থাই সাধাৰণ ৰাইজক সকাহ দিবলৈ সক্ষম হোৱা নাই৷ ব্যয়সাধ্য আৰু সহজলভ্য স্বাস্থ্য সেৱাৰ লগতে ঔষধ আৰু পথ্যৰো যোগান সুলভ কৰাটো সমানেই গুৰুত্বপূৰ্ণ৷