
সম্পত্তিৰ লোভত জন্মদাত্ৰী মাতৃক নিৰ্যাতন কন্যাৰ
ডিজিটেল সংবাদ, গুৱাহাটীঃ বৃদ্ধ পিতৃ-মাতৃক শুশ্ৰুষা কৰিবলৈ ৰাজ্য চৰকাৰে কঠোৰ আইন প্ৰনয়ণ কৰি কঠোৰ ব্যৱস্থা গ্ৰহণ কৰাৰ সময়তে একাংশ পুত্ৰ আৰু কন্যাই বৃদ্ধ পিতৃ-মাতৃক অকথ্য নিৰ্যাতন চলোৱা ঘটনা পোহৰলৈ আহিছে। বৃদ্ধাৱস্থাত সন্তানেই একমাত্র ভৰসা হৈ পৰে পিতৃ-মাতৃৰ বাবে, কিন্তু নিজ সন্তানেই যদি নিৰ্যাতনকাৰীৰ ৰূপ লয়, তেন্তে তাতকৈ দুখজনক কথা এগৰাকী মাতৃ অথবা পিতৃৰ বাবে একোৱেই হ'ব নোৱাৰে।
শেহতীয়াকৈ মহানগৰীৰ উলুবাৰীৰ বি কে কাকতি পথত এনে এটা ঘটনা সংঘটিত হোৱাৰ অভিযোগ উত্থাপন হৈছে। দীর্ঘদিন ধৰি কন্যাৰ শাৰীৰিক নিৰ্যাতনৰ বলি হোৱা বৃদ্ধগৰাকী হৈছে গৌৰী ছেত্ৰী (৭০)। উলুবাৰীৰ বি কে কাকতি পথৰ বাসিন্দা বৃদ্ধগৰাকীক কন্যা গীতা ছেত্ৰীয়ে দীর্ঘদিন ধৰি শাৰীৰিকভাৱে নিৰ্যাতন কৰাৰ অভিযোগ কৰিছে পুত্ৰ নাৰায়ণ ছেত্রীয়ে। সংবাদ মাধ্যমৰ আগত নাৰায়ণ ছেত্ৰীয়ে সদৰী কৰা মতে, যোৱা প্রায় তিনি বছৰ ধৰি তেওঁৰ মাতৃ গৌৰী ছেত্ৰীক জ্যেষ্ঠ ভগ্নী গীতা ছেত্ৰী আৰু তেওঁৰ পুত্ৰ মাগৰে অকথ্য নির্যাতন চলাই আহিছে।
তেওঁ কয়— যোৱা ২০২১ চনৰ পৰাই ভগ্নী গীতা ছেত্রী মাতৃগৃহত আছে। কিন্তু তেতিয়াৰ পৰাই বৃদ্ধগৰাকীক অকথ্য নির্যাতন চলাই আহিছে দুয়ো মাতৃ-পুত্রই। কাকো কেৰেপ নকৰাকৈ দুয়ো মাতৃ-পুত্ৰই প্ৰায়েই প্ৰহাৰ কৰে গৌৰী ছেত্রীক। খোৱা-বোৱাৰ লগতে পিন্ধা বস্তুৰ পৰাও বঞ্চিত কৰা বৃদ্ধগৰাকীক প্ৰায়েই মাতৃ-পুত্ৰই মিলি ইটা, ৰ'ড আৰু লাঠীৰে প্ৰহাৰ কৰাৰ অভিযোগ উত্থাপন কৰে নাৰায়ণ ছেত্ৰীয়ে। তদুপৰি, কেইবাবাৰো বৃদ্ধগৰাকীক হত্যাৰ চেষ্টা চলোৱাৰ অভিযোগ তুলিছে পুত্ৰ নাৰায়ণ ছেত্রীয়ে। এই সন্দৰ্ভত যোৱা দুবছৰ পূৰ্বে পল্টনবজাৰ থানাত এটা গোচৰো ৰুজু কৰিছিল পৰিয়ালটোৱে। দীৰ্ঘদিনৰ অত্যাচাৰৰ পিছত ভগ্নী গীতা ছেত্ৰীৰ অনুপস্থিতিৰ সুযোগ লৈ মাতৃ গৌৰী ছেত্রীক নিজৰ ভাৰাঘৰলৈ আনে পুত্ৰ নাৰায়ণ ছেত্ৰীয়ে।
উল্লেখ্য যে এটা নতুন ৰাজনৈতিক দলৰ নেত্ৰী হোৱাৰ সুবাদতে এনেদৰে সম্পত্তিৰ লোভতে গীতা ছেত্ৰীয়ে নিজ মাতৃকো নির্যাতন কৰিবলৈ কুণ্ঠাবোধ নকৰাৰ অভিযোগ উত্থাপন কৰিছে নাৰায়ণে। উক্ত ঘটনা সন্দৰ্ভত পৰিয়ালটোৱে বৰ্তমানলৈকে আৰক্ষীৰ কাষ চপা নাই যদিও শীঘ্ৰে আইনৰ সহায় পৰিয়ালটোৱে ল'ব বুলি জানিব পৰা গৈছে। লক্ষণীয় যে মাতৃক নিৰ্যাতনৰ অভিযোগ উঠা গীতা ছেত্রীয়ে বিগত পৌৰসভা নির্বাচনত ৩০নং ৱাৰ্ডৰ পৰা আপৰ বেনাৰত নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰিছিল।