Logo
image

আদানিৰ সৈতে ৰাজ্য চৰকাৰৰ বুজাবুজিৰ চুক্তি

আমাৰ অসম, ১০ মে’: মুখ্যমন্ত্ৰী ড॰ হিমন্ত বিশ্ব শৰ্মাৰ উপস্থিতিত  গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত আয়োজিত এক অনুষ্ঠানত ৰাজ্য চৰকাৰে ৯ টা কোম্পানীৰ সৈতে ৯ খন বুজাবুজিৰ চুক্তিত স্বাক্ষৰ কৰে৷ ইয়াৰ লগে লগে বৃহৎ ব্যক্তিগত বিনিয়োগৰ বাবে গ্ৰহণ কৰা পদক্ষেপৰ ক্ষেত্ৰত অসম আজি এক সাক্ষী হৈ ৰ’ল৷ উল্লেখ্য, এই বুজাবুজিৰ চুক্তি অনুসৰি ৰাজ্যখনত ৮২০১.২৯ কোটি টকাৰ ব্যক্তিগত বিনিয়োগ হ’ব৷ উদ্যোগ, বাণিজ্য আৰু ৰাজহুৱা উদ্যোগ বিভাগৰ আয়ুক্ত অইনাম চৰণ কুমাৰ সিঙে পেপ্‌চিকো ইণ্ডিয়া হোল্ডিং লিমিটেড, বৰুণ বেভাৰেজ লিমিটেড, কেলকম চিমেণ্ট ইণ্ডিয়া লিমিটেড, ষ্টাৰ চিমেণ্ট এন ই লিমিটেড, চেঞ্চুৰী ফ্ল’ট গ্লাছ লিমিটেড, তাজ চিমেণ্ট মেনুফেকচাৰিং প্ৰাইভেট লিমিটেড, ষ্টাৰ চিমেণ্ট ইণ্ডিয়া লিমিটেড আৰু ডি এছ গ্ৰুপৰ উদ্যোগপতিসকলৰ সৈতে এই বুজাবুজিৰ চুক্তিত স্বাক্ষৰ কৰে৷ আনহাতে, অসম  ঔদ্যোগিক উন্নয়ন নিগমৰ পৰিচালন সঞ্চালক মানবেন্দ্ৰ প্ৰতাপ সিঙে সমগ্ৰ উত্তৰ-পূৰ্বাঞ্চলৰ পৰা উদ্যান শস্যৰ সামগ্ৰীৰ ৰপ্তানি বৃদ্ধিৰ বাবে কাৰ্গো বিমান পৰিচালনাৰ সুবিধাৰ ক্ষেত্ৰত অত্যাধুনিক আন্তঃগাঁথনি প্ৰদানৰ বাবে গুৱাহাটীৰ লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্তঃৰাষ্ট্ৰীয় বিমান বন্দৰত চেণ্টাৰ ফ’ৰ পেৰিচেবল কাৰ্গোৰ বাবে আদানি গ্ৰুপৰ সৈতে বুজা-বুজিৰ চুক্তিত স্বাক্ষৰ কৰে৷ আজি স্বাক্ষৰিত চুক্তি অনুসৰি  পেপচিয়ে নলবাৰীত উদ্যোগ স্থাপন কৰিব৷ টেলকম চিমেণ্টে উত্তৰ কাছাৰৰ উমৰাংচোত উদ্যোগ স্থাপন কৰিব৷ ষ্টাৰ চিমেণ্টে আৰু এটা প্ৰকল্পৰ বাবে ৭০০কোটি টকাৰ বিনিয়োগ কৰিব৷ বৰুণ লিমিটেডে ১৪৪ কোটি টকা ব্যয়ৰে ছফ্‌ট ড্ৰিংক্‌ছ নিৰ্মাণ কৰিব৷ তাজ চিমেণ্টে ৩৪২ কোটি টকা বিনিয়োগ কৰিব৷ ডিএছ গ্ৰুপে বিনিয়োগ কৰিব ১৪০ কোটি টকা৷ কাজিৰঙা আৰু গুৱাহাটীত দুখনকৈ পঞ্চ তাৰকা হোটেল নিৰ্মাণ হ’ব৷ এই উপলক্ষে ভাষণ প্ৰদান কৰি মুখ্যমন্ত্ৰী ড॰ শৰ্মাই আজিৰ দিনতো এক ঐতিহাসিক দিন বুলি অভিহিত কৰে৷ তেওঁ কয় যে ৰাজ্যখনে আজি ব্যক্তিগত বিনিয়োগৰ ক্ষেত্ৰত প্ৰায় ৮২০১.২৯ কোটি টকাৰ বুজাবুজিৰ চুক্তিত স্বাক্ষৰ কৰাৰ সাক্ষী হৈ ৰ’ল৷ তেওঁ কয় যে আমি আমাৰ সমাজৰ পৰা বিভিন্ন বাধাসমূহ আঁতৰাই বিনিয়োগৰ এক পৰিৱেশ ৰচনা কৰিবলৈ সক্ষম হৈছে৷ অসম আন্দোলনৰ পিছত প্ৰথমবাৰৰ বাবে ৰাজ্যখনত ঔদ্যোগিক পৰিৱেশলৈ ভাবুকি কঢ়িয়াই অনা কোনো ধৰণৰ বন্ধ বা আন্দোলন বিগত দুবছেৰ অসমত হোৱা নাই বুলি তেওঁ কয়৷ ৰাজ্যখনৰ ঔদ্যোগিক বিকাশৰ গতি ত্বৰান্বিত কৰাৰ বাবে অসম চৰকাৰে ১০০ কোটিতকৈ অধিক পুঁজি বিনিয়োগ কৰিব বিচৰা উদ্যোগপতিসকলৰ সহায়ক হোৱাকৈ ঔদ্যোগিক নীতি প্ৰণয়ন কৰিছে৷ ৰাজ্য চৰকাৰে অসমত এক শক্তিশালী ঔদ্যোগিক বাতাবৰণ গঢ়ি তোলাৰ বাবে বিনিয়োগমুখী পৰিৱেশ সৃষ্টিত এক সৌহাৰ্দপূৰ্ণ পৰিৱেশ গঢ়ি তুলিছে৷ মুখ্যমন্ত্ৰীয়ে কয় যে খাদ্য প্ৰস্তুতকৰণ, চিমেণ্ট, গ্লাছ, ইলেকট্ৰিক যান-বাহন নিৰ্মাণৰ লেখীয়া উদ্যোগসমূহত বিনিয়োগেৰে ৰাজ্যখনৰ বিভিন্ন প্ৰান্তত বৃহৎ উদ্যোগ স্থাপন কৰাৰ দিশত সহায়ক হ’ব৷ তেওঁ লগতে কয় যে বিনিয়োগৰ কাৰ্যকলাপ ৰাজ্যখনত আনুমানিক ৬১১৫ টা নিয়োগৰ সুযোগ সৃষ্টি কৰিব, যি এক অতি আদৰণীয় উন্নয়ন হিচাপে পৰিগণিত হ’ব৷ এছ জি ডি পিৰ ত্বৰান্বিত বৃদ্ধিৰ বিষয়ে উল্লেখ কৰি মুখ্যমন্ত্ৰীয়ে কয় যে আত্মসহায়ক গোটৰ সকলো সদস্যই যাতে এছ জি ডি পিৰ বৃদ্ধিত অৰিহণা যোগাই নিজকে ক্ষুদ্ৰ উদ্যোগীলৈ যাতে ৰূপান্তৰ কৰিব পাৰে তাৰ বাবে যোৱা বাজেটত ৰাজ্য চৰকাৰে ৩ হাজাৰ কোটি টকাৰ কৰ্পাচ ফাণ্ড সৃষ্টি কৰিছে৷ ৰাজ্যৰ যুৱ প্ৰজন্মৰ বাবে চৰকাৰে ৰাজ সাহায্য দিয়াৰ বাবে ২ লাখ নতুন যুৱক উদ্যোগীৰ প্ৰতিজন উদ্যোগীক ২ লাখ টকাকৈ দিয়াৰ সিদ্ধান্ত গ্ৰহণ কৰিছে৷ তেওঁ লগতে কয় যে অসম দক্ষতা বিশ্ববিদ্যালয় কাৰ্যক্ষম হ’লে ৰাজ্যই প্ৰতিবছৰে কমেও ১০ হাজাৰ মানৱ সম্পদ লাভ কৰিব৷ ড॰ শৰ্মাই লগতে কয় যে এই বিনিয়োগে উন্নয়নৰ হাৰ ত্বৰান্বিত কৰাৰ লগতে ঋণ প্ৰদানকো ত্বৰান্বিত কৰিব৷ ৰাজ্য চৰকাৰৰ এনে পদক্ষেপ শক্তিশালী এক প্ৰতিশ্ৰুতিৰ যাত্ৰা বুলি উল্লেখ কৰি মুখ্যমন্ত্ৰীয়ে কয় যে ব্যাপক বিনিয়োগেৰে ৰাজ্যখনৰ ঔদ্যোগিক মানচিত্ৰৰ সামগ্ৰিক পটভূমিৰ পৰিৱৰ্তন সাধনত সহায়ক হোৱাকৈ ৰাজ্য চৰকাৰে নিৰন্তৰ প্ৰয়াস চলাই আহিছে৷ অনুষ্ঠানত উদ্যোগ আৰু বাণিজ্য বিভাগৰ মন্ত্ৰী বিমল বড়ায়ো ভাষণ প্ৰদান কৰে৷ কৃষি মন্ত্ৰী অতুল বৰা, হস্ততাঁত , বস্ত্ৰ আৰু ভূমি সংৰক্ষণ বিভাগৰ মন্ত্ৰী ইউ জি  ব্ৰহ্ম, বিত্তমন্ত্ৰী অজন্তা নেওগ, স্বাস্থ্য আৰু পৰিয়াল কল্যাণ বিভাগৰ মন্ত্ৰী কেশৱ মহন্ত, জনস্বাস্থ্য কাৰিকৰী আদি বিভাগৰ মন্ত্ৰী জয়ন্ত মল্লবৰুৱা, চাহ জনগোষ্ঠী কল্যাণ বিভাগৰ মন্ত্ৰী সঞ্জয় কিষাণ, ৰাজহ মন্ত্ৰী যোগেন মহন প্ৰমুখ্যে বহু গণ্য-মান্য লোক অনুষ্ঠানত উপস্থিত থাকে৷

বটদ্ৰৱা থানৰ সমীপৰ বেদখলমুক্ত ভূমিত সৌৰশক্তি-ক্ৰীড়া প্ৰকল্পঃ মুখ্যমন্ত্ৰী

‘আমাৰ অসম’ৰ বেবেজীয়া আৰু বটদ্ৰৱাৰ প্ৰতিবেদকঃ অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই মঙলবাৰে জগত গুৰুজনাৰ জন্মস্থান বটদ্ৰৱাত উপস্থিত হয়৷ বটদ্ৰৱাত উপস্থিত হৈ মুখ্যমন্ত্ৰী ড॰  শৰ্মাই দেশৰ গৃহমন্ত্ৰী অমিত শ্বাহৰ হাতেৰে শুভাৰম্ভণি কৰা বটদ্ৰৱা প্ৰকল্পৰ কাম-কাজৰ বুজ লয়৷ বটদ্ৰৱা থানৰ আকাশী গংগাৰ তীৰৰ ১৬০ বিঘা ভূমিত নিৰ্মাণ হৈ আছে এই প্ৰকল্প৷ ইয়াৰ পাছত মুখ্যমন্ত্ৰী ড॰ শৰ্মাৰ বিশেষ উদ্যোগ আৰু তৎপৰতাত অসম চৰকাৰৰ পুঁজিৰে বটদ্ৰৱা থানৰ কাৰ্যালয়গৃহ, সভাগৃহ, সত্ৰাধিকাৰ বহা, অতিথিশালা নতুন ৰূপত নিৰ্মাণকাৰ্য পৰিদৰ্শন কৰে৷ বটদ্ৰৱা থানত সেৱা কৰি মুখ্যমন্ত্ৰীয়ে থান চৌহদত ৰূপায়ণ হৈ থকা উন্নয়নমূলক আঁচনিৰ কাম-কাজৰ বুজ লয়৷ ইতিমধ্যে এই নিৰ্মাণকাৰ্যৰ আশী শতাংশ কাম-কাজ সম্পূৰ্ণ হৈ উঠিছে৷ মুখ্যমন্ত্ৰীয়ে বটদ্ৰৱা থানত সেৱা গ্ৰহণ কৰা পাছত সাংবাদিকৰ আগত কয় যে,  ‘বৈষ্ণৱ সংস্কৃতিৰ আধাৰত চাৰিটাকৈ ডাঙৰ ডাঙৰ গৃহ বনাই থকা হৈছে, ভকত-বৈষ্ণৱসকলে থকাগৃহ, প্ৰশাসনীয় ভৱনকে আদি কৰি এই সমগ্ৰ কামখিনি দ্ৰুতগতিত চলিছে৷ এই কামখিনিত প্ৰায় বিশ কোটিৰ অধিক ধন খৰচ কৰা হৈছে৷ লগতে মুখ্যমন্ত্ৰীয়ে আজি বটদ্ৰৱা থান পৰিচালনা সমিতিয়ে অনুৰোধ কৰা বিষয় উল্লেখ কৰি, ‘হাটী পুখুৰী, টেম্বুৱনী জানৰ সৌন্দৰ্যবৰ্ধন আৰু আকাশী গংগা জলধাৰা সংৰক্ষণৰ বাবে বান নিয়ন্ত্ৰণ বিভাগক নতুন আৰু এটা প্ৰকল্পৰ নিৰ্দেশ দিয়ে৷ লগতে আকাশী গংগাৰ পাৰত দূৰ-দূৰণিৰ ভকত-বৈষ্ণৱে ভোজনৰ বাবে পাকঘৰ নিৰ্মাণ কৰা হ’ব বুলি ঘোষণা কৰে৷ উল্লেখ্য যে, বিগত বছৰৰ ১৬ এপ্ৰিলত বটদ্ৰৱা থানৰ কাৰ্যালয় নিৰ্মাণ, সত্ৰাধিকাৰসকলৰ বহা, আৱৰ্জনা নিষ্কাশন ব্যৱস্থা, দামোদৰ আতা ভৱনৰ নিৰ্মাণ, সভাগৃহ, ভকত, বৈষ্ণৱৰ বহা, জাপি বাটচ’ৰাৰ উন্নীতকৰণ, পদপথ নিৰ্মাণ আদি কৰি কেইবাখনো আঁচনিৰ এই কামখিনি চলিত বৰ্ষৰ ছেপ্টেম্বৰ মাহত শেষ কৰি দিম বুলি ঘোষণা কৰে মুখ্যমন্ত্ৰীয়ে৷ মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ জয়ন্তীৰ পূৰ্ব এই গৃহসমূহ উদ্বোধন কৰিম বুলি কয়৷ লগতে তেওঁ অতিৰিক্ত কামখিনিৰ বাবে আজি লোকনিৰ্মাণ বিভাগক নিৰ্দেশ দি আকাশী গংগাৰ সংৰক্ষণৰ বাবে জল সম্পদ বিভাগক ৬-৭ দিনৰ ভিতৰত কাম হাতত ল’বলৈ কয়৷ লগতে বটদ্ৰৱা থান চৌহদৰ দেৱালসমূহ নতুনকৈ নিৰ্মাণ কৰা হ’ব বুলি ঘোষণা কৰে৷  বটদ্ৰৱা প্ৰকল্প ২০২৩ চনৰ ভিতৰত প্ৰথম আৰু দ্বিতীয় খণ্ড আৰম্ভ হ’ব৷ বটদ্ৰৱা প্ৰকল্প পৰিচালনাৰ ক্ষেত্ৰত দুই-এদিনতে গুৱাহাটীত মিটিং হ’ব বুলি প্ৰকাশ কৰে৷ যাতে নিৰ্মাণেই নহয়, শংকৰদেৱ কলাক্ষেত্ৰৰ দৰে সুন্দৰকৈ পৰিচালনা হৈ থাকে তাৰ ওপৰতো নতুন দৃষ্টিভংগী ল’ব লাগিব বুলি কয়৷  ইফালে বটদ্ৰৱা থানৰ সমীপতে সদ্য বেদখল উচ্ছেদিত ভূমিত সৌৰশক্তি প্ৰকল্প আৰু এখন ক্ৰীড়া প্ৰকল্প হ’ব বুলি প্ৰকাশ কৰে৷  ইয়াৰ পাছতে মুখ্যমন্ত্ৰী ড॰ শৰ্মা উপস্থিত হয় বটদ্ৰৱাৰ পুৰণি বাছ আস্থানৰ সমীপত প্ৰতিষ্ঠা হোৱা ভাৰতীয় ষ্টেট বেংকৰ শাখাত৷ ভাৰতীয় ষ্টেট বেংকৰ বটদ্ৰৱা শাখাটোৰ শুভ উদ্বোধন কৰি ৰাইজৰ বাবে মুকলি কৰে মুখ্যমন্ত্ৰীয়ে৷ ইফালে মুখ্যমন্ত্ৰীক বটদ্ৰৱা থানৰ আকাশী গংগাৰ পাৰত দুই ভাগিনে লগ কৰি সুন্দৰকৈ কবিতা আবৃত্তি কৰি আমোদ দিয়ে৷