Logo
image

উত্তৰ-পূবৰে সমুদ্ৰ যোগাযোগৰ নতুন অধ্যায়

আমাৰ অসম, ১০ মে’: উত্তৰ-পূবৰে সমুদ্ৰ যোগাযোগৰ ক্ষেত্ৰত মঙলবাৰে আৰম্ভ হয় নতুন অধ্যায়৷ কেন্দ্ৰীয় বন্দৰ, জাহাজ পৰিবহণ আৰু জলপথ তথা আয়ুষ মন্ত্ৰী তথা প্ৰাক্তন মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ উদ্যোগত উত্তৰ-পূৰ্বাঞ্চলত আৰম্ভ হয় সমুদ্ৰ যোগাযোগৰ এই  নতুন অধ্যায়৷ এই উপলক্ষে কেন্দ্ৰীয় মন্ত্ৰী সোণোৱালে আজি ম্যানমাৰৰ ৰখাইন ৰাজ্যত অৱস্থিত চিটৱে বন্দৰ পৰিদৰ্শন কৰে ৷ ভাৰতৰ বাবে এই বন্দৰটো কৌশলগতভাৱে যথেষ্ট গুৰুত্বপূৰ্ণ হিচাপে বিবেচিত হৈছে৷ এই ঐতিহাসিক অনুষ্ঠানত কেন্দ্ৰীয় মন্ত্ৰী সোণোৱালৰ লগতে ম্যানমাৰ চৰকাৰৰ উপ-প্ৰধানমন্ত্ৰীয়ে বন্দৰত প্ৰথমখন ভাৰতীয় মালবাহী জাহাজে প্ৰৱেশ কৰাৰ লগে লগে যুটীয়াভাৱে চিটৱে বন্দৰৰ শুভ উদ্বোধন কৰে৷ অনুষ্ঠানত ভাষণ প্ৰদান কৰি কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে কয়– ‘আজিৰ দিনটো ভাৰত আৰু ম্যানমাৰ দুয়োখন ৰাষ্ট্ৰৰ বাবে এক ঐতিহাসিক দিন, যিহেতু চিটৱে বন্দৰত কাৰ্যকলাপ আৰম্ভ হোৱাৰ লগে লগে দুয়োখন দেশৰ পাৰস্পৰিক বিকাশ আৰু বাণিজ্যৰ ক্ষেত্ৰত সহযোগিতাই এক নতুন মাত্ৰা লাভ কৰিব৷ এই বন্দৰটোৱে ভাৰত আৰু ম্যানমাৰৰ মাজত, বিশেষকৈ উত্তৰ-পূব ভাৰত আৰু ম্যানমাৰৰ ৰখাইন ৰাজ্যৰ মাজত বাণিজ্যৰ বৃহৎ সুযোগ-সম্ভাৱনা উন্মুক্ত কৰিব৷ ই কলকাতা আৰু উত্তৰ-পূব ভাৰতৰ মাজত সুদূৰপ্ৰসাৰী অৰ্থনৈতিক ভেটি শক্তিশালী কৰাৰ উপৰি উত্তৰ-পূৰ্বাঞ্চলৰ বাণিজ্যিক স্বাৰ্থৰ বাবে এক দক্ষ তথা দ্ৰুত পৰিবহণ পথ প্ৰশস্ত কৰিব৷ চিটৱে বন্দৰৰ কাম-কাজ ত্বৰান্বিত হ’লে উত্তৰ-পূৰ্বাঞ্চলৰ বুকুত এক ন-দিগন্তৰ সূচনা হ’ব৷ চিটৱে বন্দৰৰ আৰম্ভণিৰে উত্তৰ-পূব ভাৰত আৰু ম্যানমাৰৰ ঐতিহাসিক সম্পৰ্ক অধিক শক্তিশালী কৰাত আমি গুৰুত্ব আৰোপ কৰিছোঁ৷ সমান্তৰালভাৱে চিটৱে বন্দৰৰ দৰে উন্নয়নমূলক আৰু দূৰদৰ্শী পদক্ষেপৰ জৰিয়তে ম্যানমাৰৰ জনসাধাৰণৰ উন্নয়ন আৰু সমৃদ্ধিৰ দিশত ভাৰত প্ৰতিশ্ৰুতিবদ্ধ হৈ আছে৷ চিটৱে বন্দৰৰ জৰিয়তে দক্ষিণ-পূব এছিয়াৰ ক্ষেত্ৰত ভাৰতৰ দুৱাৰমুখ হিচাপে উত্তৰ-পূৰ্বাঞ্চলৰ গুৰুত্ব যথেষ্ট বৃদ্ধি হ’ব৷ ‘‘চিটৱে বন্দৰ হৈছে ভাৰতৰ এ” ইষ্ট নীতিৰ অধীনত ম্যানমাৰত ভাৰত চৰকাৰে নিৰ্মাণ কৰি থকা ৪৮৪ মিলিয়ন ডলাৰৰ কালাদান মাল্টিম’ডেল ট্ৰাঞ্জিট ট্ৰান্সপোৰ্ট প্ৰকল্পৰ [কেএমটিটিপি] অংশ৷ চিটৱে বন্দৰৰ কাৰ্যকৰীকৰণে ভাৰত- ম্যানমাৰৰ দ্বিপাক্ষিক সম্পৰ্ক আৰু আঞ্চলিক বাণিজ্য বৃদ্ধি কৰাৰ লগতে ম্যানমাৰৰ ৰখাইন ৰাজ্যৰ স্থানীয় অৰ্থনীতিতো অৰিহণা যোগাব৷ বন্দৰৰদ্বাৰা প্ৰদান কৰা অধিক সংযোগৰ ফলত অঞ্চলটোত নিযুক্তিৰ সুযোগ আৰু বিকাশৰ সম্ভাৱনা বৃদ্ধি পাব৷ ভাৰতে অমৃতকালত প্ৰৱেশ কৰাৰ সময়ত মই নিশ্চিত যে এই গুৰুত্বপূৰ্ণ বন্দৰটোৱে অনাগত দিনবোৰত দুয়োখন দেশৰ জনসাধাৰণৰ বাবে বিকাশ আৰু প্ৰগতিৰ সূচনাত এক গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব৷ সৰ্বাধিক ২০,০০০ ডিডব্লিউটি ক্ষমতাৰ ছী-প’ৰ্টে চিটৱেক ম্যানমাৰৰ সামুদ্ৰিক প্ৰাণকেন্দ্ৰ হিচাপে গঢ়ি তুলিব৷ তদুপৰি, উত্তৰ-পূব ভাৰতলৈ কাৰ্গ’ৰ পৰিবহণ ব্যয় যথেষ্ট হ্ৰাস কৰিব, যাৰ ফলত অঞ্চলটোত অৰ্থনৈতিক বিকাশৰ অভূতপূৰ্ব পথ মুকলি হ’ব৷ কেএমটিটিপি-ত ৪টা দিশ অন্তৰ্ভুক্ত আছে - ভাৰতৰপৰা সামুদ্ৰিক জাহাজৰ জৰিয়তে চিটৱে বন্দৰলৈ, চিটৱেৰপৰা কালাদান নদী হৈ পালেটৱালৈ, পালেটৱাৰপৰা ভাৰত-ম্যানমাৰ সীমান্তলৈ পথেৰে আৰু সীমান্তৰপৰা পথেৰে আমাৰ ৰাষ্ট্ৰীয় ঘাইপথলৈ যাত্ৰা৷ সম্পূৰ্ণৰূপে কাৰ্যকৰী হোৱাৰ পাছত ই উত্তৰ-পূব ভাৰতক কাৰ্গ’ চলাচলৰ এক বিকল্প পথ প্ৰদান কৰিব৷ তেওঁ আৰু কয়–‘‘কলকাতাৰ শ্যামাপ্ৰসাদ মুখাৰ্জী বন্দৰ আৰু ম্যানমাৰৰ চিটৱে বন্দৰৰ মাজত কাৰ্গ চলাচল আৰম্ভ হোৱাৰ লগে লগে আন্তঃৰাষ্ট্ৰী বাণিজ্যিক সাগৰীয় পথসমূহলৈ প্ৰৱেশাধিকাৰ শক্তিশালী কৰাৰ দিশত উত্তৰ-পূব ভাৰতে এক নতুন সুযোগ লাভ কৰিছে৷ আমি ভাৰত আৰু ম্যানমাৰৰ মাজত এক নতুন জলপথৰ আৰম্ভণি কৰিবলৈ পাই আনন্দ অনুভৱ কৰিছোঁ, যাৰ মূল উদ্দেশ্য হৈছে স্থলবেষ্টিত উত্তৰ-পূব ভাৰতৰ বাবে আন্তঃৰাষ্ট্ৰীয় সাগৰীয় পথসমূহত বৈকল্পিক প্ৰৱেশাধিকাৰ নিশ্চিত কৰা৷ আজি বন্দৰত প্ৰৱেশ কৰা এমভি-আইটিটি লায়ন [ভি-২৭৩] জাহাজখনে ১,০০০ মেট্ৰিক টন চিমেণ্টযুক্ত মুঠ ২০,০০০ বেগ কঢ়িয়াই আনিছে৷ উত্তৰ-পূব ভাৰতৰ উপৰি, এই বন্দৰটোৱে দক্ষিণ-পূব এছিয়াৰ সৈতেও সংযোগৰ শক্তিশালী প্ৰাণকেন্দ্ৰ হিচাপে কাম কৰিব৷ ভাৰত আৰু ম্যানমাৰৰ বাহিৰেও বাংলাদেশ, ভূটান, আনকি নেপালৰ বাবেও ই বিশাল বাণিজ্যিক সম্ভাৱনা মুকলি কৰিব৷ কালাদান মাল্টিম’ডেল ট্ৰাঞ্জিট ট্ৰান্সপ’ৰ্ট প্ৰকল্পৰ [কেএমটিটিপি] অংশ হিচাপে ভাৰত চৰকাৰৰ অনুদান সহায়ৰ অধীনত চিটৱে বন্দৰটো নিৰ্মাণ কৰা হৈছে৷ ভাৰতৰ মিজোৰাম ৰাজ্যৰ সৈতে ম্যানমাৰৰ চিটৱে বন্দৰক সংযোগ কৰা কালাদান নদীৰ ওপৰত মাল্টিম’ডেল ট্ৰাঞ্জিট পৰিবহণ সুবিধা নিৰ্মাণ আৰু পৰিচালনাৰ বাবে এক ফ্ৰেমৱৰ্ক চুক্তিৰ অধীনত চিটৱে বন্দৰটো বিকশিত কৰা হৈছে৷ বন্দৰটোক এটা অভ্যন্তৰীণ জলপথৰ জৰিয়তে ম্যানমাৰৰ পালেটৱাৰ সৈতে আৰু এটা উপ-পথৰ জৰিয়তে পালেটৱাৰপৰা মিজোৰামৰ জোৰিনপুইলৈ সংযোগ কৰা হৈছে৷ সম্পূৰ্ণৰূপে কাৰ্যকৰী হোৱাৰ পাছত কালাদান মাল্টিম’ডেল ট্ৰাঞ্জিট ট্ৰান্সপ’ৰ্ট প্ৰকল্পই [কেএমটিটিপি] ভাৰতৰ পূব উপকূলৰপৰা উত্তৰ-পূবৰ ৰাজ্যসমূহলৈ চিটৱে বন্দৰৰ জৰিয়তে বৈকল্পিক সংযোগ প্ৰদান কৰিব৷ তদুপৰি, কলকাতাৰপৰা চিটৱে বন্দৰলৈ কঢ়িয়াই নিবলগীয়া সা- সামগ্ৰী বাংলাদেশৰ টেকনাফ বন্দৰলৈও প্ৰেৰণ কৰিব পৰা যাব, যি চিটৱেৰপৰা মাত্ৰ ৬০ নটিকেল মাইল দূৰত্বত অৱস্থিত৷ টেকনাফ বন্দৰৰপৰা সামগ্ৰীবোৰ ৩০০ কিলোমিটাৰ দূৰত থকা ত্ৰিপুৰাৰ চামলৈ পথ পৰিবহণ কৰিব পাৰি৷ চামচ বাংলাদেশ আৰু ত্ৰিপুৰাৰ মাজত এক সংহত শুল্ক সীমান্ত আছে৷ পৰিবহণৰ সময় আৰু লজিষ্টিক ব্যয় যথেষ্ট হ্ৰাস কৰি চিটৱে বন্দৰ আৰু কালাদান প্ৰকল্পই ত্ৰিপুৰাকো যথেষ্ট লাভান্বিত কৰিব৷ এই নতুন মাৰ্গটোৱে উত্তৰ-পূব ভাৰতৰ বাণিজ্যিক গতিক অধিক ত্বৰান্বিত কৰিব আৰু এতিয়াৰ শিলিগুৰি হৈ কলকাতালৈ যোৱা পথতকৈ অধিক সময়, ধন ৰাহি কৰিব৷ কলকাতাৰপৰা আইজললৈ সামগ্ৰী পৰিবহণৰ ব্যয় আৰু সময় এতিয়া ৫০ শতাংশতকৈও অধিক হ্ৰাস পাব৷ ইয়াৰ যোগেদি সমগ্ৰ উত্তৰ-পূব ভাৰতেই লাভান্বিত হ’ব৷ একেদৰে, কলকাতাৰপৰা আগৰতলালৈকে সা-সামগ্ৰীবোৰৰ চলাচলৰ বাবে উক্ত ব্যৱস্থাৰ জৰিয়তে যথেষ্ট কম খৰচ আৰু সময় লাগিব৷ কলকাতাৰপৰা আগৰতলালৈ পথৰ দৈৰ্ঘ্য্য প্ৰায় ১৬০০ কিলোমিটাৰ আৰু পথেদি গ’লে ৪ দিন লাগে৷ কিন্তু এতিয়া চিটৱেৰপৰা চিটাগং হৈ চামৰপৰা আগৰতলালৈ ২ দিনৰ ভিতৰতে এই যাত্ৰা সম্ভৱ হৈ উঠিব৷ এই নতুন মাৰ্গৰ মুকলিকৰণে কেৱল আমাক অৰ্থনৈতিকভাৱেই নহয় পৰিৱেশগতভাৱেও সহায় কৰিব৷