Logo
image

কুনো ৰাষ্ট্ৰীয় উদ্যানত ৩ মাহত তিনিটা চিতাৰ মৃত্যু!

আমাৰ অসম, ১০ মে’: দক্ষিণ আফ্ৰিকাৰ মধ্যপ্ৰদেশৰ কুনো  ৰাষ্ট্ৰীয় উদ্যানলৈ অনা আন এটা চিতাৰ মৃত্যু হৈছে৷ বিগত তিনিমাহত এয়া আফ্ৰিকাৰ পৰা আমদানি কৰা তৃতীয়টো চিতাৰ মৃত্যু৷  ৰাষ্ট্ৰীয় উদ্যান সূত্ৰৰ মতে দাক্ষা নামৰ মাইকী চিতাজনীৰ ফিণ্ডা নামৰ পূৰ্ণবয়স্ক মতা চিতাৰ সৈতে হোৱা প্ৰচণ্ড কাজিয়াত সোমবাৰে মৃত্যু হয়৷ এই বন্যৰণত বায়ু আৰু অগ্নি নামৰ আন দুটা চিতাও জড়িত হৈ পৰিছিল৷ কিন্তু দাক্ষাই ফিণ্ডাৰ আক্ৰমণত গভীৰ আঘাত পাই অৱশেষত মৃত্যুক সাৱতি ল’লে৷ ফিণ্ডাৰ উপৰি বায়ু আৰু অগ্নিও এই প্ৰচণ্ড যুঁজত আহত হৈছে আৰু কতৃৰ্পক্ষই আঘাত উপশমৰ বাবে প্ৰচেষ্টা হাতত লৈছে৷

দক্ষিণ আফ্ৰিকা আৰু নামিবিয়াৰ পৰা কুনোলৈ মুঠতে ২০টা চিতা অনা হৈছে৷ পিছে ভাৰতৰ অৰণ্যৰ পৰিৱেশৰ সৈতে এতিয়াও চিতাকেইটা সম্পূৰ্ণৰূপে অভ্যস্ত হ’ব পৰা নাই৷ ফলত যোৱা এপ্ৰিল আৰু মে’ত দুটাকৈ চিতাৰ কুনোত মৃত্যু হৈছিল৷ ছাছা নামৰ এজনী মাইকী চিতাৰ কিডনীৰ অসুখত আৰু উদয় নামৰ এটা চিতাৰ আন অসুখত মৃত্যু হৈছিল৷