Logo
image

১৫০ কিলোমিটাৰ বেগেৰে আহি আছে মোখা

আমাৰ অসম, ১২ মে’:  এইবাৰ আহি আছে আন এক সাগৰীয় ঘূৰ্ণীবতাহ মোখা৷ সম্প্ৰতি দক্ষিণ-পূব বংগোপসাগৰৰ ওপৰেৰে উত্তৰ দিশে অগ্ৰসৰ হৈছে ঘূৰ্ণীবতাহজাক৷ বতৰ বিজ্ঞান কেন্দ্ৰৰ মতে বিগত সময়ছোৱাত সাধাৰণ গতিবেগেৰে ঘূৰ্ণীবতাহজাক অগ্ৰসৰ হোৱাৰ পাছত বৃহস্পতিবাৰে বিয়লি ই আন্দামানৰ ৰাজধানী পৰ্টব্লেয়াৰৰ পৰা ৫১০ কিলোমিটাৰ পশ্চিমে আগবাঢ়ে৷ বাংলাদেশৰ কক্স বাজাৰ আৰু ম্যানমাৰতো সম্প্ৰতি মোখাৰ প্ৰভাৱ আৰম্ভ হৈছে৷ বৃহস্পতিবাৰে সন্ধিয়াৰ ভাগত ক্ৰমাৎ শক্তিশালী হৈ পৰা সাগৰীয় ঘূৰ্ণীবতাহজাকে শুকুৰবাৰে নিচেই পুৱা দিশ পৰিৱৰ্তন কৰাৰ সম্ভাৱনা আছে৷ সকলো ঠিকেঠাকে চলিলে দেওবাৰে দুপৰীয়া বাংলাদেশৰ কক্সবাজাৰ আৰু ম্যানমাৰৰ  কাউকপুৰৰ স্থলভাগত ঘূৰ্ণীবতাহজাক আচাৰ খাই পৰিব৷ সেই সময়ত ইয়াৰ গতিবেগ প্ৰতি ঘণ্টাত ১৫০ কিলোমিটাৰৰ পৰা ১৭৫ কিলোমিটাৰ হ’ব পাৰে বুলি বতৰ বিজ্ঞান কেন্দ্ৰসমূহে আশংকা প্ৰকাশ কৰিছে৷ ইপিনে মোখাৰ ফলত বৃহস্পতিবাৰৰ পৰা আন্দামানত প্ৰৱল বৰষুণ হয়৷ শুকুৰবাৰে পুৱাৰে পৰা বৰষুণৰ মাত্ৰা অধিক হ’ব৷ বৰষুণৰ লগতে থাকিব প্ৰচণ্ড ধুমুহা৷ মোখা নামৰ ঘূৰ্ণীবতাহজাকৰ প্ৰভাৱ উত্তৰ-পূৰ্বাঞ্চলৰ ৰাজ্যসমূহতো পৰাৰ আগজাননী দিছে বতৰ বিজ্ঞান কেন্দ্ৰসমূহে৷ সেই অনুসৰি শনিবাৰে ত্ৰিপুৰা আৰু মিজোৰামত প্ৰৱল বৰষুণৰ সম্ভাৱনা আছে৷ দেওবাৰেও এই দুখন ৰাজ্যৰ কিছু কিছু অঞ্চলত বৰষুণ থাকিব৷ লগতে থাকিব প্ৰচণ্ড বতাহ৷ মিজোৰামৰ উপৰি নাগালেণ্ড, মণিপুৰ আৰু অসমৰ দক্ষিণ প্ৰান্ততো প্ৰৱল বৰষুণ হোৱাৰ সম্ভাৱনা আছে৷ ঘূৰ্ণীবতাহজাকৰ প্ৰভাৱত বংগোপ সাগৰ আৰু আন্দামান সাগৰৰ দক্ষিণ-পূব অঞ্চল অধিক উত্তাল হোৱাৰ সম্ভাৱনা আছে৷ যাৰ বাবে উক্ত এলেকাৰ পৰা মৎস্যজীৱীসকলক আঁতৰি থাকিবলৈ সতৰ্কবাণী শুনোৱা হৈছে৷