Logo
image

আইপিএল জুৱাঃ পুঠি-খলিহনা ধৰি মাফিয়াৰে বুজাবুজি আৰক্ষীৰ

আমাৰ অসম, ১২ মে’:  দেশত এতিয়া অব্যাহত আছে আই পি এলৰ গৰম বতাহ৷ আই পি এলৰ দুখনকৈ মেচ ইতিমধ্যে গুৱাহাটীৰ বৰ্ষাপাৰা ষ্টেডিয়ামতো অনুষ্ঠিত হৈ গৈছে৷ বিশ্বৰ নামি-দামী ক্ৰিকেটাৰে অংশ লোৱা আই পি এলৰ প্ৰতিখন মেচতে প্ৰতিটো ছিক্স, ফ’ৰৰ বিপৰীতে এতিয়া অসমত উঠিছে টকাৰ উজান৷ একোখন আই পি এল মেচে কাৰোবাক লাখপতি কৰাৰ বিপৰীতে বহু লোকৰ সাঁচতীয়া লাখ লাখ টকা  লুটি নিছে৷ অৰ্থাৎ আই পি এল মেচক কেন্দ্ৰ কৰি উজনি-নামনি সৰ্বত্ৰ অসমত গঢ়ি উঠিছে জুৱা৷ এনে অবৈধ আই পি এল জুৱাত ধন বিনিয়োগ কৰি সৰ্বস্বান্ত হৈছে বিভিন্নজন৷ ক’ৰবাত সন্তানে যদি পিতৃ-মাতৃৰ পৰা ধন চুৰি কৰি নিছে, আন কৰবাত আকৌ স্বামীয়ে পত্নীৰ সোণৰ গহনা বিক্ৰী কৰি আই পি এল জুৱাত বাজী লগোৱাৰো উদ্বেগজনক ঘটনা সংঘটিত হৈছে৷ কিন্তু স্মাৰ্ট অসম আৰক্ষীৰ চকুৰ সন্মুখতে আই পি এলৰ জুৱা চলি থকাৰ পাছতো কেৱল পুঠি-খলিহনাক গ্ৰেপ্তাৰ কৰি ৰৌ-বৰালিক ৰেহাই দিয়াৰ অভিযোগ উঠিছে৷ চলিত সপ্তাহটোত নামনি অসমৰ বিভিন্ন স্থানৰ পৰা প্ৰতিদিনে আৰক্ষীয়ে সৰু সৰু আই পি এল জুৱাৰী তথা বুকীক গ্ৰেপ্তাৰ কৰিছে৷ কিন্তু সৰু সৰু আই পি এল জুৱাৰী জালত পৰিলেও আই পি এলৰ জুৱা চলোৱা কোনো এটা মাফিয়াক আৰক্ষীয়ে গ্ৰেপ্তাৰটো বাদেই আটক কৰিবলৈও সাহস কৰা নাই৷ বিগত ৭ মে’ত লক্ষীপুৰ আৰক্ষীয়ে ছানোৱাৰ হুছেইন, ছাইফুল ইছলাম, মছলেম উদ্দিন, আব্দুল ৰেজ্জাক, আছাদুল ইছলাম আৰু ফুলচান্দ মণ্ডলকে ধৰি ৬টা আই পি এল জুৱাৰীক গ্ৰেপ্তাৰ কৰে৷ ৮ মে’ত বৰপেটা ৰোড আৰক্ষীয়ে সন্তোষ নাথ ৰায়, বন্তি সাহা, লক্ষণ দাস নামৰ আই পি এল জুৱাৰী কেইটাক গ্ৰেপ্তাৰ কৰাৰ বিপৰীতে ৯ মে’ত খাৰুপেটীয়া আৰক্ষীয়ে বাবু আলী, মোস্তাফিজুৰ ৰহমান আৰু আইনুল হক নামৰ জুৱাৰী কেইটাক আটক কৰে৷ ইফালে অভয়াপুৰী আৰক্ষীয়েও ৰোহিত হুছেইন, গনেশ সিং, চাহজাহান আলি আৰু হাফিজুল ইছলাম নামৰ জুৱাৰী কেইটাক গ্ৰেপ্তাৰ কৰি জে’ললৈ প্ৰেৰণ কৰে৷ আনকি বুধবাৰেও সৰ্থেবাৰীৰ বিভিন্ন স্থানৰ পৰা আৰক্ষীয়ে ৭ টাকৈ আই পি এল জুৱাৰীক গ্ৰেপ্তাৰ কৰিছিল৷ আশ্চৰ্যজনক বিষয়টো হৈছে অসম আৰক্ষীয়ে সৰু সৰু আই পি এল জুৱাৰীবোৰক গ্ৰেপ্তাৰ কৰিলেও আজিলৈকে কোনো এটা মাফিয়াক গ্ৰেপ্তাৰ কৰা নাই৷ আনকি অসমত অনলাইন আই পি এল জুৱাৰ মাষ্টাৰ মাইণ্ড হিচাপে পৰিচিত তিনিচুকীয়াৰ বেৰীয়া ভাতৃদ্বয় নীতিন বেৰীয়া আৰু বিকাশ বেৰীয়াক ৰহস্যজনকভাৱে আৰক্ষীয়ে বছৰ বছৰ ধৰি গ্ৰেপ্তাৰ কৰিব নোৱাৰিলে৷ এই বেৰীয়া ভাতৃৰ পৃষ্ঠপোষকতাত সমগ্ৰ উজনি অসমতে বিশেষকৈ তিনিচুকীয়াত একাংশ সম্ভান্ত ব্যৱসায়ীৰ পৰিয়ালৰ সন্তানে আই পি এল জুৱা চলোৱাত নামি পৰিছে৷ অভিযোগ অনুসৰি তিনিচুকীয়া আৰক্ষী অধীক্ষকৰ কাৰ্যালয়ৰ লগতে দিছপুৰলৈ কমিচনৰ ধন প্ৰেৰণ কৰাৰ সুবাদতে এইসকল আই পি এল জুৱা মাফিয়া আজিও মুকলিকৈ বে-আইনী বেপাৰ চলাবলৈ সক্ষম হৈছে৷ অৱশ্যে অসমত এতিয়া উক্ত বে-আইনী আই পি এল জুৱাৰ সমান্তৰালভাৱে চৰকাৰী অনুমোদিত অনলাইন আই পি এল জুৱাও চলি আছে৷ ফেয়াৰ প্লে, ওৱান এক্স বেট ইত্যাদি কেইবাটাও অনলাইন আই পি এল জুৱাৰ এপৰ দ্বাৰা অসমত বৈধভাৱে আই পি এল জুৱা চলা পৰিলক্ষিত হৈছে৷ এনে বৈধ আই পি এল জুৱাৰ বাবেও সৰ্বস্বান্ত হৈছে বহুজন৷ গুৱাহাটীৰ অলিয়ে-গলিয়ে চৰকাৰী অনুমোদিত অনলাইন জুৱা এপৰ বিজ্ঞাপন ভৰি পৰিছে৷