Logo
image

চকুৰ উপসৰ্গও হ’ব পাৰে কৰ্কট ৰোগৰ ইংগিত

কৰ্কটৰোগীৰ সংখ্যা প্ৰায় প্ৰতিদিনেই বৃদ্ধি পাইছে৷ ইণ্ডিয়ান কাউন্সিল অৱ মেডিকেল ৰিছাৰ্চৰ তথ্য মতে দেশত প্ৰতিদিনে প্ৰায়  ১৩০০ জন লোকৰ কৰ্কট ৰোগত আক্ৰান্ত হৈ মৃত্যু হয়৷ কৰ্কট ৰোগত আক্ৰান্ত হোৱাৰ সংখ্যা বৃদ্ধিৰ বাবেই মানুহৰ গড় আয়ুসো বঢ়া-টুটা হৈ আছে৷ আগতে কৰ্কট ৰোগত আক্ৰান্তৰ গড় আয়ুস আছিল ৪০-৭০৷ কম দিনৰ ভিতৰতে গড় আয়ুস ৩০-৬৯ লৈ হ্ৰাস পাইছে৷ প্ৰাপ্ত বয়স্কৰ উপৰি প্ৰতি বছৰে কৰ্কট ৰোগত আক্ৰান্ত শিশুৰ সংখ্যাও বৃদ্ধি পাইছে৷ কৰ্কট ৰোগ চিনাক্ত কৰাত পলম হোৱাৰ বাবেই ই বহুতৰ বাবে প্ৰাণনাশক হৈ পৰে৷ বিভিন্ন ধৰণৰ কৰ্কট ৰোগ অনুসৰি ইয়াৰ উপসৰ্গবিলাকো পৃথক হয়৷ সেই বাবে এইক্ষেত্ৰত প্ৰথমতেই সজাগ নহ’লে কৰ্কট ৰোগৰ পৰা উপশম পোৱাৰ সম্ভাৱনা কমি যায়৷ কৰ্কট ৰোগৰ কিছু লক্ষণ চকুতো ধৰা পৰে৷ চকুত দেখা দিয়া কেইটামান উপসৰ্গ কলন, হাওঁফাওঁৰ  কৰ্কটৰোগৰো লক্ষণ হ’ব পাৰে৷

⬛হঠাতে চকু ৰঙা পৰাঃ কেতিয়াবা কম সময়ৰ ভিতৰতে কেইবাবাৰো চকু ৰঙা পৰিলে গুৰুত্বসহকাৰে ল’ব লাগে৷ চকু ৰঙা পৰা  সাধাৰণ চকুৰ অসুখ নহ’বও পাৰে৷ ইও হ’ব পাৰে কৰ্কট ৰোগৰ এক লক্ষণ৷

⬛ঘনাই চকু জ্বলা-পোৰা কৰাঃ সাধাৰণতে ধূলি-বালিৰ বাবে কেতিয়াবা চকুত জ্বলা-পোৰা অনুভৱ হ’ব পাৰে৷ কিন্তু একেৰাহে কেইবাদিনো ধৰি চকু জ্বলা-পোৰা লাগিলে চিকিৎসকৰ পৰামৰ্শ ল’ব লাগে৷ ইও হ’ব পাৰে কৰ্কট ৰোগৰ এক লক্ষণ৷

⬛চকুপানী ওলোৱাঃ চকুপানী ঘনাই ওলালেও গুৰুত্ব নিদিয়াকৈ থাকিব নালাগে৷ দীঘলীয়া সময়ৰ বাবে চকু জ্বলাপোৰাৰ উপৰি চকুপানী ওলোৱাটো কৰ্কট ৰোগৰ লক্ষণ হ’ব পাৰে৷

⬛ঘনাই চকুৰ বিষঃ সঘনাই চকুৰ বিষত আক্ৰান্ত হ’লে ই সাধাৰণ চকুৰ অসুখ বুলি গণ্য কৰা উচিত নহয়৷ চকুৰ বিষত সঘনাই আক্ৰান্ত হ’লে ই স্তন কেন্সাৰৰো লক্ষণ হ’ব পাৰে৷ মুঠতে চকুৰ অসুখত আক্ৰান্ত হ’লে চিকিৎসকৰ পৰামৰ্শ লোৱাটো জৰুৰী৷ উপৰোক্ত উপসৰ্গই দেখা দিলে হাওঁফাওঁ, স্তন আৰু প্ৰষ্টেট কেন্সাৰৰ আশংকা থাকে৷ সেয়েহে তাৎক্ষণিকভাৱে চিকিৎসকৰ পৰামৰ্শ লৈ যাৱতীয় পৰীক্ষা সম্পন্ন কৰিলে কৰ্কট ৰোগৰ আশংকাৰ পৰা হাত সাৰিব পাৰি৷