Logo
image

নিযুক্তিক কেন্দ্ৰ কৰি উত্তাল চামতাৰ কামৰূপ মহাবিদ্যালয়ঃ অস্থায়ীভাৱে কৰ্মৰত প্ৰাৰ্থীক চাকৰিৰ পৰা বঞ্চিত কৰি অনিয়মেৰে আন প্ৰাৰ্থীক নিযুক্তি দিয়াৰ অভিযোগ

ডিজিটেল সংবাদ, চামতাঃ পশ্চিম নলবাৰীৰ উচ্চ শিক্ষাৰ অনুষ্ঠান চামতা কামৰূপ মহাবিদ্যালয়ত হৈ যোৱা তৃতীয় আৰু চতুৰ্থ বৰ্গৰ ৮ টা পদৰ নিযুক্তিত অনিয়ম হোৱাৰ অভিযোগত শুকুৰবাৰে উত্তাল হৈ পৰে মহাবিদ্যালয় চৌহদ৷ উল্লেখ্য যে বিগত প্ৰায় ৮-৯ বছৰে কামৰূপ মহাবিদ্যালয়ত চতুৰ্থ বৰ্গৰ পদত সামান্য পাৰিশ্ৰমিকৰ বিনিময়ত অস্থায়ীভাৱে প্ৰণৱ হালৈ, প্ৰতীমা বৰ্মন,  ৰাতুল বৰ্মন, ৰাণী বৰ্মন, মন্টুল দাস, মনোজ তালুকদাৰে চাকৰি নিয়মীয়া হোৱাৰ আশাত কৰ্মৰত আছিল। শেহতীয়াভাৱে পদ কেইটাৰ বাবে সাক্ষাৎকাৰ অনুষ্ঠিত কৰাত আটাইকেইজন সাক্ষাৎকাৰত অৱতীৰ্ণ হয়। কিন্তু মহাবিদ্যালয় কৰ্তৃপক্ষই পূৰ্বৰে পৰা খাটি থকাসকলক নিযুক্তিৰ পৰা বঞ্চিত কৰি ভিন্ন প্ৰান্তৰ পৰা অহা প্ৰাৰ্থীক নিৰ্বাচিত কৰাত এতিয়া তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে৷ ইয়াৰ পিছতে নিযুক্তিৰ ক্ষেত্ৰত অনিয়ম হোৱাৰ অভিযোগ আনে বঞ্চিত প্ৰাৰ্থীসকলে। দীৰ্ঘ বছৰে কাম কৰাৰ পিছত এতিয়া চাকৰিৰ বঞ্চিত হোৱাক লৈ মহাবিদ্যালয়ৰ সন্মুখত প্ৰতিবাদ সাব্যস্ত কৰে৷ আনহাতে মহাবিদ্যালয়খনৰ পৰিচালনা সমিতিৰ সভাপতি আৰু অধ্যক্ষই এই সকলো অভিযোগ নসাৎ কৰে৷