Logo
image

নগাঁৱৰ বসন্ত উৎসৱত আৰক্ষীক যুৱকৰ প্ৰহাৰ

আমাৰ অসম, ১৫ মে’:  নগাঁৱৰ নেহৰুবালীত শনিবাৰে নিশা উদযাপন হোৱা বসন্ত উৎসৱৰ যুৱ প্ৰজন্মৰ হাৰ্ট থ্ৰব জুবিন গাৰ্গৰ অনুষ্ঠানত এজন যুৱকৰ উদ্ভণ্ডালিয়ে চৰম সীমা অতিক্ৰম কৰে৷ এই ঘটনাত সুৰাৰ ৰাগীত থকা যুৱক এজনে আৰক্ষীৰ সৈতে হতাহতিত লিপ্ত হোৱাৰ লগতে আৰক্ষী বিষয়া উৎপল বৈশ্যক শাৰীৰিকভাৱে আক্ৰমণ কৰে৷ ইয়াকে কেন্দ্ৰ কৰি বসন্ত উৎসৱস্থলীত তীব্ৰ উত্তেজনাই বিৰাজ কৰে৷ এটা সময়ত আৰক্ষীয়ে যুৱকজনক আটক কৰি উত্তম মধ্যম দিয়ে৷ ইপিনে, আটকাধীন যুৱকজনক আন একাংশ যুৱকে আৰক্ষীৰ কৱলৰ পৰা উদ্ধাৰ কৰি নিয়াৰ চেষ্টা চলোৱাত পৰিস্থিতিয়ে জটিল ৰূপ লয়৷ উল্লেখ্য, শনিবাৰে নিশা বসন্ত উৎসৱৰ সংগীতানুষ্ঠানত জুবিন গাৰ্গে প্ৰায় আঢ়ৈ ঘণ্টা ধৰি অনুষ্ঠান পৰিৱেশন কৰে৷ উক্ত অনুষ্ঠানতে ৰাইদঙীয়াৰ নতুন ভোগবাৰীৰ লোকসংস্কৃতিৰ সাধক ৯১ বছৰীয়া মাণিক কলিতাক কলংপৰীয়া বঁটা প্ৰদান কৰা হয়৷ একেটা অনুষ্ঠানতে মাষ্টাৰ শ্বেফৰ খিতাপ অৰ্জন কৰিবলৈ সক্ষম হোৱা শান্তা শৰ্মাকো সম্বৰ্ধনা জ্ঞাপন কৰা হয়৷