Logo
image

কেঁচু খান্দোতে ওলাইছে সাপ, শিশু সৰবৰাহকাৰী চক্ৰৰ হাত দীঘল

আমাৰ অসম, ১৬ মে’: গুৱাহাটীৰ বিতৰ্কিত চিকিৎসক দম্পতীয়ে অবৈধভাৱে তুলি লোৱা দুই শিশুৰ ওপৰত যৌন নিৰ্যাতন চলোৱা ঘটনাৰ তদন্তই নতুন পাক লৈছে৷ এক কথাত আৰক্ষীৰ তদন্তত কেঁচু খান্দোতে সাপ ওলোৱাৰ উপক্ৰম ঘটিছে৷ মহানগৰ আৰক্ষীয়ে অভিযুক্ত ধৃত চিকিৎসক দম্পতী সংগীতা দত্ত, ৱালিউল ইছলাম আৰু মধ্যভোগী দালাল উৎপলা বসুক একেলগে জেৰা কৰাৰ পাছতেই গুৱাহাটীৰ কেইবাখনো নাৰ্চিংহোমে চলাই অহা ছাৰ’গেচীৰ এখন বৃহৎ ক’লা বজাৰৰ বিস্ফোৰক তথ্য পোহৰলৈ আহিছে৷ নিঃসন্তান দম্পতীৰ কোলাত সন্তান তুলি দিয়াৰ নামত ছাৰ’গেচীৰ অচিলাৰে ব্যক্তিগত হাস্পতালে নৱজাতক ক্ৰয়-বিক্ৰয়ৰ ভয়ংকৰ বেপাৰ উন্মোচন হৈছে৷ তাৎপৰ্যপূৰ্ণভাৱে ছাৰ'গেচীৰ এই বেপাৰত গুৱাহাটীৰ কেইবাখনো নামী-দামী হাস্পতালৰ কতৃৰ্পক্ষ তথা চিকিৎসকৰ নাম সাঙোৰ খাই পৰিছে৷ যাৰ পৰিপ্ৰেক্ষিততে গুৱাহাটীৰ আৰক্ষীয়ে এইবাৰ ছাৰ'গেচীৰ নেক্সাছৰ শিপাৰ সন্ধানত অনুসন্ধান আৰম্ভ কৰিছে৷ ছাৰ'গেচীৰ ক’লা বেপাৰৰ চক্ৰটোৰ আঁৰত থকা দালালৰ লগত তিনিখন নাৰ্চিংহোম ক্ৰমে– দিছপুৰ পলিক্লিনিক হাস্পতাল, ডাউন-টাউন হাস্পতাল, প্ৰতীক্ষা হাস্পতালৰ যোগসূত্ৰ লাভ কৰিছে তদন্তকাৰী আৰক্ষীয়ে৷ মহানগৰীৰ লালগণেশ আৰু শ্ৰীনগৰত দুটাকৈ ছাৰ’গেচী কেয়াৰ চেণ্টাৰ খুলি বেপাৰ চলোৱা মধ্যভোগী দালাল উৎপলা বসুয়ে জেৰাত নাম লোৱা সহযোগী দালালৰ লগতে এই তিনিখন নাৰ্চিংহোমৰ চিকিৎসক তদন্তৰ আউটিলৈ অহাৰ ইংগিত দিছে তদন্তকাৰী আৰক্ষীয়ে৷ উল্লেখ্য, ডাঃ সংগীতা দত্ত আৰু ডাঃ ৱালিউল ইছলামে ইতিপূৰ্বে আৰক্ষীৰ জেৰাত দিছপুৰ পলিক্লিনিক হাস্পতালৰ আইভিএফ চেণ্টাৰৰ জৰিয়তে দালাল উৎপলা বসুৱে ২০১৯ চনতে সন্তান দুটিক যোগান ধৰাৰ কথা স্বীকাৰ কৰিছিল৷ ইফালে, গ্ৰেপ্তাৰৰ উমান পাই প্ৰথমে উৎপলাই আত্মগোপন কৰিছিল যদিও তদন্তকাৰী আৰক্ষীয়ে পৰিয়ালৰ লোকৰ ওপৰত মানসিক হেঁচা প্ৰয়োগ কৰাত উপায়ন্তৰ হৈ শুকুৰবাৰে নিশা পল্টনবজাৰ থানাত আত্মসমৰ্পণ কৰিবলৈ বাধ্য হৈছিল৷ তাৎপৰ্যপূৰ্ণভাৱে উৎপলা বসু দিছপুৰ পলিক্লিনিক হাস্পতাললৈ বিভিন্ন স্থানৰ পৰা ছাৰ'গেট মাতৃসকলক আনি দিয়াৰ মধ্যভোগী আছিল বুলি স্বীকাৰ কৰিছে দিছপুৰ পলিক্লিনিকৰ আইভিএফ চেণ্টাৰৰ মুৰব্বী কংকন শৰ্মাই৷ সংবাদ মাধ্যমৰ আগত কংকন শৰ্মাই কয়– ‘২০২১ চনত ছাৰ'গেচী সম্পৰ্কত ভাৰতত কঠোৰ আইন বলৱৎ হোৱাৰ পাছতেই আমি ছাৰ'গেচীৰ কাম বাদ দিছোঁ৷ ছাৰুগেচী ব্যৱস্থাক ভাৰতীয় আইনে স্বীকৃতি দিছে৷ পূৰ্বে ভাৰতত বাণিজ্যিকভাৱে ছাৰ’গেচী হৈছিল যদিও ২০২১ চনৰ পৰা সেয়া বন্ধ হৈছে৷ উৎপলা বসুৱে আমাৰ হাস্পতালৰ আইভিএফ চেণ্টাৰৰ অধীনত হোৱা ছাৰ'গেচী প্ৰক্ৰিয়াটোত নিঃসন্তান দম্পতী আৰু ছাৰ'গেট মাতৃসকলৰ লগত সমন্বয়কৰ দায়িত্ব পালন কৰিছিল৷ কিন্তু উৎপলা বসু আমাৰ হাস্পতালৰ কৰ্মচাৰী নাছিল৷ ছাৰ'গেট মাতৃসকলক গৰ্ভধাৰণৰ পৰা সন্তান প্ৰসৱলৈ ৯টা মাহ বেজী তথা ঔষধ-পাতিকে ধৰি শুশ্ৰূষাৰ দায়িত্ব লৈছিল৷ দিছপুৰ পলিক্লিনিকেই নহয়, আন আন হাস্পতালৰ সৈতেও ছাৰ'গেচী সমন্বয়কৰ কাম কৰিছিল উৎপলাই৷’ স্বাভাৱিকতেই এতিয়া দিছপুৰ পলিক্লিনিক হাস্পতাল কতৃৰ্পক্ষৰ এই অকপট স্বীকাৰোক্তিৰ পৰা স্পষ্ট হৈ পৰিছে যে গুৱাহাটীৰ একাংশ নাৰ্চিংহোমৰে মিলি উৎপলাই ছাৰ'গেচীৰ বেপাৰ চলাইছিল৷ ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ লগতে উত্তৰ-পূবৰ দুখীয়া মহিলা-যুৱতীক টাৰ্গেট কৰি টকাৰ লোভ দেখুৱাই ছাৰ'গেচীৰ বৃহৎ ৰেকেট গঢ়ি তুলিছিল উৎপলাই৷ আনকি উৎপলা বসুৰ ভাতৃ অভিজিৎ বসুৱেও ভগ্নী উৎপলাই দিছপুৰ পলিক্লিনিক, ডাউন-টাউন হাস্পতাল আৰু প্ৰতীক্ষা হাস্পতালৰ হৈ ছাৰ'গেচীৰ কাম কৰা বুলি মন্তব্য কৰিছিল৷ অৱশ্যে গুৱাহাটী আৰক্ষীয়ে মহানগৰীৰ নামী-দামী হাস্পতালৰ চিকিৎসকৰ বিৰুদ্ধে অভিযান চলাবলৈ সাজু হৈছে যদিও শেষ মুহূৰ্তত এই অভিযানত কিমান সফল হ’ব সেয়া সময়তহে স্পষ্ট হ’ব৷