Logo
image

গেৰুৱাকৰণৰ পৰা খণ্ডযুদ্ধলৈ… ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ বিহুমঞ্চত বিষম পৰিস্থিতি

আমাৰ অসম, ১৬ মে’: ৰাজ্যৰ প্ৰান্তে প্ৰান্তে বিভিন্ন বিহুমঞ্চত অবাঞ্ছিত পৰিস্থিতিৰ সৃষ্টি কৰিছে একাংশ অসংস্কৃতিৱান লোকে৷ লক্ষণীয়ভাৱে বিহু উৎসৱৰ মৰ্যাদা হ্ৰাস কৰা ধৰণৰ বিষম পৰিস্থিতিৰ আঁৰত কেৱল সুৰামত্ত যুৱকেই নহয়, একাংশ উদ্যোক্তা আৰু আৰক্ষীৰ লোকো আছে৷ নগাঁৱৰ পৰা লখিমপুৰলৈ, গোগামুখৰ পৰা তেজপুৰলৈ, উত্তৰ গুৱাহাটীৰ পৰা ঢকুৱাখনালৈ বিভিন্ন বিহু উৎসৱত গেৰুৱাকৰণৰ পৰা খণ্ডযুদ্ধলৈকে বিচিত্ৰ অবাঞ্ছিত ঘটনা ঘটিছে৷ বিশেষকৈ ঢকুৱাখনাৰ ম’হঘুলি চাপৰিত চাৰিকড়িয়া নৈৰ পাৰৰ ঐতিহ্যমণ্ডিত ফাটবিহুত এইবাৰ একাধিক অপ্ৰীতিকৰ ঘটনা ঘটিছে৷ আৰম্ভণিৰ দিনাই পতাকা উত্তোলনক কেন্দ্ৰ কৰি সৃষ্টি হয় অবাঞ্ছিত পৰিস্থিতিৰ৷ পৰৱৰ্তী সময়ত ফাটবিহুৰ উদ্যোক্তাৰ দ্বাৰা বিহুৰ মঞ্চতেই প্ৰহৃত হয় আমন্ত্ৰিত বিহুশিল্পী৷ কেৱল সিমানতে ঐতিহাসিক ফাটবিহুৰ বিতৰ্কৰ ওৰ পৰা নাই৷ ফাটবিহুৰ মঞ্চত শিল্পী-সাহিত্যিকৰ তুলনাত গেৰুৱা দলৰ নেতা-পালিনেতাৰ ভিৰে সংস্কৃতিপ্ৰেমী আৰু সচেতন ৰাইজক অসন্তুষ্ট কৰিছে৷ গেৰুৱাকৰণৰ অভিযোগৰ উপৰি ফাটবিহুৰ মুখপত্ৰ ‘বিহুৱান’ত সন্নিৱিষ্ট মুখ্যমন্ত্ৰীৰ শুভেচ্ছাবাণীক লৈও বিতৰ্কৰ সৃষ্টি হৈছে৷ মুখ্যমন্ত্ৰীৰ শুভেচ্ছাবাণীত উল্লেখ থকা ‘...মিচিং জনগোষ্ঠীৰ বৰ্ণাঢ্য লোকসংস্কৃতিৰ অপূৰ্ব প্ৰকাশ ফাটবিহু….’ শীৰ্ষক বাক্যশাৰীয়ে স্বাভাৱিকতেই প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে৷ ‘...ভূটানৰ পৰা অহা লোকে বিহুৰ প্ৰতি আকৰ্ষিত বিহু পৰিৱেশন কৰাৰ পাছৰে পৰা…’ শীৰ্ষক বাক্যশাৰীয়েও প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে৷ মুখ্যমন্ত্ৰীৰ শুভেচ্ছাবাণীত থকা গুৰুতৰ বিসংগতিয়ে সচেতন মহলক স্তম্ভিত কৰিছে৷ ইফালে, লখিমপুৰৰ বিহু উৎসৱত নীল আকাশ আৰু জুবলীৰ সংগীতানুষ্ঠানত উদণ্ড যুৱকে ভয়ংকৰ পৰিস্থিতিৰ সৃষ্টি কৰে৷ গোগামুখত আছুৰ ব’হাগী বিদায় উৎসৱত সুৰামত্ত যুৱকৰ দলে সন্ত্ৰাস চলায় আৰু বিহু মণ্ডপ লণ্ডভণ্ড কৰে৷ নগাঁৱৰ বিহু অনুষ্ঠানতো আৰক্ষী আৰু অৰ্ধসামৰিক বাহিনীৰ জোৱানৰ মাজত মাৰপিট লাগে৷ উত্তৰ গুৱাহাটীত বিহু অনুষ্ঠানত অবাঞ্ছিত পৰিস্থিতিৰ সৃষ্টি কৰা এজন যুৱকক বিহু কমিটীয়ে ক্ষমা খুজিবলৈ কোৱাৰ বাবেই উদণ্ড যুৱকজনে বিহু কমিটীৰ সম্পাদকক দাৰে ঘপিয়ায় আৰু সম্পাদকজন আহত হয়৷ অৱশ্যে আৰক্ষীয়ে তৎপৰতাৰে উদণ্ড যুৱকজনক গ্ৰেপ্তাৰ কৰে৷ তেজপুৰত বিহু উৎসৱত দায়িত্ব পালন কৰি থকা সাংস্কৃতিক কৰ্মীক আৰক্ষী বিষয়াই নিৰ্মমভাৱে প্ৰহাৰ কৰে৷ এনে ধৰণৰ বহু ঘটনাই এইবাৰ ব’হাগ বিহুৰ গৌৰৱোজ্জ্বল পৰম্পৰাত কালিমা সানিলে৷ বিহুৰ উদ্যোক্তাসকল তথা আৰক্ষী আৰু অসামৰিক প্ৰশাসনে এনেধৰণৰ অপ্ৰীতিকৰ ঘটনা প্ৰতিহত কৰিবৰ বাবে নিশ্চয় নতুনকৈ চিন্তা কৰিব লাগিব৷

লখিমপুৰত নীল আকাশ-জুবলীৰ অনুষ্ঠানত মাৰপিট-ছুৰিকাঘাত, গোগামুখত আছুৰ ব’হাগী উৎসৱতনিচাসক্ত যুৱকৰ সন্ত্ৰাস

ৰাজ্যৰ বিভিন্ন প্ৰান্তত ৰঙালী বিহু সন্মিলন চলি থকাৰ সময়তে একাংশ বিহু সন্মিলনস্থলীত বিভিন্ন অঘটন সংঘটিত হৈ আহিছে৷ শেহতীয়াকৈ লখিমপুৰ-ধেমাজিতো এনে ঘটনা সংঘটিত হোৱাৰ বাতৰি পোহৰলৈ আহিছে৷ বিশেষকৈ একাংশ নিচাসক্ত যুৱকৰ উদ্ভণ্ডালি আৰু তাণ্ডৱত বিহুতলীত অভাৱনীয় পৰিস্থিতিৰ সূচনা হৈ আহিছে৷ ১৪ মে’ নিশা ধেমাজি জিলাৰ গোগামুখত অনুষ্ঠিত এখন বিহু সন্মিলনত সৃষ্টি হোৱা অনাহূত পৰিস্থিতিয়ে উপস্থিত হাজাৰ হাজাৰ বিহুযপ্ৰেমীক ক্ষোভিত কৰি তোলে৷ প্ৰাপ্ত খবৰ অনুসৰি যোৱা নিশা গোগামুখ আঞ্চলিক ছাত্ৰ সন্থাৰ উদ্যোগত গোগামুখত অনুষ্ঠিত হয় কেন্দ্ৰীয় ব’হাগী বিদায় উৎসৱ৷ এই উৎসৱত¸ বিহুতলীত  জনসমুদ্ৰৰ মাজতে একাংশ উদণ্ড যুৱকে মুঠ চাৰিশখন চকী, বহুকেইখন টেবুল, শিল্পী ৰোহিত সোণাৰৰ দুখনকৈ বাহনৰ লগতে কুৰিখনৰো অধিক দুচকীয়া আৰু চাৰিচকীয়া বাহন, লাখ টকাৰ ছাউণ্ড চিষ্টেম ভাঙি চূৰমাৰ কৰে৷ উল্লেখ্য,এইবাৰ গোগামুখ আঞ্চলিক ছাত্ৰ সন্থাই গৌৰৱময় ৩৯ সংখ্যক কেন্দ্ৰীয় ব’হাগী বিদায় উৎসৱ দুদিনীয়া কাৰ্যসূচীৰে গোগামুখ নগৰ হাইস্কুল খেলপথাৰ প্ৰাংগণত অনুষ্ঠিত কৰে৷ দুয়োটা দিনৰ কাৰ্যসূচী জনসমুদ্ৰৰ মাজেৰে শান্তিৰে সামৰণি হ’বলৈ যোৱাৰ সময়তে যোৱা নিশা এজন সুৰামত্ত যুৱকে এগৰাকী যুুৱতীৰ গোপন অংগত হাত দি অশ্লীল ইংগিত দিয়ে৷ যুৱকজনৰ এনে কাণ্ডত যুৱতীগৰাকীয়ে যুৱকজনক তীব্ৰ কৰ্কথনা কৰে৷ এনে সময়তে লম্পট যুৱকজনে যুৱতীগৰাকীক প্ৰহাৰ কৰিবলৈ ধৰে৷ ইয়াতে ক্ষুব্ধ হৈ বিহুতলীত উপস্থিত থকা একাংশ লোকে দুয়োকে বাধা দিয়াৰ চেষ্টা কৰে৷ ইয়াতে দুটা ফৈদৰ সৃষ্টি হয় আৰু দুয়োপক্ষৰ মাজত মাৰপিট লাগে৷ গণপ্ৰহাৰত যুৱকজন আঘাতপ্ৰাপ্ত হোৱাত চিকিৎসালয়লৈ লৈ যোৱা হয়৷ চিকিৎসালয়লৈ নিয়া ঘটনাকে আলম লৈ আঘাতপ্ৰাপ্ত যুৱকজনৰ কেইবাজনো সতীৰ্থই যুৱকজনৰ মৃত্যু হোৱা বুলি অপপ্ৰচাৰ চলায়৷ এনে অপপ্ৰচাৰৰ ফলতে বহু সুৰামত্ত নিচাসক্ত যুৱক আহি গোগামুখ আঞ্চলিক ছাত্ৰ সন্থাৰ ব’হাগী বিদায়স্থলীত এফালৰ পৰা চকী-টেবুল, মঞ্চ, পেণ্ডেল, ছাউণ্ড চিষ্টেম ভাঙি পেলায়৷ তদুপৰি, শিল্পী ৰোহিত সোণাৰৰ দুখন বিলাসী বাহনৰ লগতে বিহুতলীৰ কাষত থকা কুৰিখনৰো অধিক চাৰিচকীয়া আৰু দুচকীয়া বাহন ভাঙি চূৰমাৰ কৰাৰ লগতে আছুকৰ্মীকো আক্ৰমণ কৰে৷ সুৰামত্ত যুৱকে প্ৰায় চাৰিশখন চকী, লাখটকীয়া ছাউণ্ড চিষ্টেম, ভাঙি চূৰমাৰ কৰে৷ পাছত গোগামুখ আৰক্ষীয়ে লাঠিচালনা কৰি কোনোমতে পৰিস্থিতি নিয়ন্ত্ৰণ কৰিবলৈ সক্ষম হয়৷ নিচাসক্ত যুৱকে গোগামুখক লজ্জিত কৰা কাণ্ডই গোগামুখবাসীক স্তম্ভিত কৰি তুলিছে আৰু দোষীৰ উচিত শাস্তি দাবী জনাইছে৷ ইফালে লখিমপুৰতো ১৩ মে’ৰ নিশা নকাৰীত অনুষ্ঠিত বিহু সন্মিলনত দুটা পৃথক ঘটনা সংঘটিত হয়৷ নকাৰীত নীল আকাশৰ সাংস্কৃতিক অনুষ্ঠান চলি থকাৰ সময়তে বিহুতলীতে এজন যুৱকক প্ৰহাৰ কৰি আহত কৰাত যুৱকজন ৰক্তাক্ত হৈ পৰে৷ পাছত যুৱকজনক বিহু সমিতিৰ এজন কৰ্মকৰ্তাই আঁতৰাই লৈ যায়৷ তেনেদৰে বিহুতলীৰ বাহিৰত দুটা ফৈদৰ মাজত বাক্‌-বিতণ্ডা লগাৰ পাছত এজন যুৱকে আন এজন যুৱকক ছুৰিকাঘাত কৰিবলৈ প্ৰচেষ্টা চলায় যদিও সৌভাগ্যক্ৰমে ঘটনা সিমানতে সামৰণি পৰে৷ আনহাতে, ১২ মে’ৰ নিশা লখিমপুৰ নগৰৰ উত্তৰ লখিমপুৰ চৰকাৰী উচ্ছতৰ মাধ্যমিক বিদ্যালয়ৰ খেলপথাৰত চলি থকা কেন্দ্ৰীয় ৰঙালী উৎসৱৰ সাংস্কৃতিক অনুষ্ঠানত আন অঘটন সংঘটিত হয়৷ জনপ্ৰিয় কণ্ঠশিল্পী জুবলীয়ে মঞ্চত গীত পৰিৱেশন কৰি থকাৰ সময়তে কোনো উদণ্ড যুৱকে মঞ্চলৈ লক্ষ্য কৰি শিলগুটি নিক্ষেপ কৰাত মঞ্চৰ কাষতে থকা এজন লোক গুৰুতৰভাৱে আহত হয়৷ শিলগুটিয়ে এজন লোকৰ মূৰত আঘাত কৰাত তেওঁৰ মূৰ ফাটি গৈ চিকিৎসাধীন হ’বলগা হয়৷

তেজপুৰত বিহু ফাংচনত আৰক্ষীৰ তাণ্ডৱ, সাংস্কৃতিক কৰ্মীক প্ৰহাৰ

নতুনকৈ পৰিধান কৰা খাকী পোছাকৰ ক্ষমতাৰ ৰাগিত তেজপুৰৰ মনোজ কলিতা নামৰ যুৱকজনক সুৰাপান কৰাৰ অভিযোগত সদলবলে গুৰলা-গুৰুলকৈ প্ৰহাৰ কৰাৰ অভিযোগত চাৰিদুৱাৰ আৰক্ষী থানাৰ এজন উপ-পৰিদৰ্শকৰ বিৰুদ্ধে ন্যায় বিচাৰি এজাহাৰ দাখিল কৰাৰ লগতে ন্যায় বিচাৰি আদালতৰ কাষ চপাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে ভুক্তভোগী কলিতাই৷ অভিযোগ অনুসৰি, এজন সৰবৰহী সাংস্কৃতিক তথা সংবাদকৰ্মী, তেজপুৰৰ নিকটৱৰ্তী বিহগুৰি মেকনৰ চুবুৰীৰ বিশিষ্ট মৃৎ আৰু ভাস্কৰ্যশিল্পী টংকেশ্বৰ কলিতাৰ পুত্ৰ মনোজ কলিতাক ১২মে’ৰ নিশা নিপন শইকীয়া নামৰ উপ-পৰিদৰ্শক জনৰ লগতে তেওঁৰ সহযোগী একাংশ আৰক্ষীয়ে বৰ্বৰোচিতভাৱে প্ৰহাৰ কৰে৷ ঘটনা সন্দৰ্ভত মনোজে চাৰিদুৱাৰ আৰক্ষী থানাত দাখিল কৰা এজাহাৰত উল্লেখ কৰিছে যে, ১২ মে’ত সন্ধিয়া পাঁচ বজাৰ পৰাই মনোজে চাৰিদুৱাৰ বনগাঁও আঞ্চলিক ৰঙালী বিহু সন্মিলনৰ মূল সাংস্কৃতিক অনুষ্ঠানত সমিতিৰ আমন্ত্ৰণত আৰু প্ৰদান কৰা দায়িত্ব অনুসৰি নিশা অনুষ্ঠানৰ ভিডিঅ’ ৰেকৰ্ডিং কৰি আছিল৷ ৰেকৰ্ডিং কৰি থকা অৱস্থাতে নিশা প্ৰায় ১২বজাত ভাত খাই অহাৰ পাছত এখন তামোল খোৱাৰ বাবে মূৰ ঘূৰায় আৰু যথেষ্ট শাৰীৰিক অসুস্থতা অনুভৱ কৰাৰ পাছত আকস্মিকভাৱে বমি হয় মনোজৰ৷ সেই সময়ত মুখখন দুই হাতৰে ঢাকি ধৰিছিল যদিও মনোজৰ কেমেৰা ষ্টেণ্ডৰ সন্মুখৰ চকীত বহি থকা চাৰিদুৱাৰ থানাৰ সহকাৰী উপ-পৰিদৰ্শক নিপন শইকীয়াৰ কোনো আত্মীয়ৰ গাত পৰা বুলি নিপন শইকীয়াক টেলিফোনেৰে জনোৱাৰ পাছত কোনো বাচ-বিচাৰ নকৰি মনোজক উপৰ্যুপৰি প্ৰহাৰ কৰি বাহিৰলৈ উলিয়াই নি কোনো মানুহে নেদেখাকৈ টিনৰ বেৰাত  মূৰ আচাৰী আহত কৰে৷ আনকি সেইখিনি সময়ত মনোজে নিজৰ কোনো ভুল নাই আৰু আকস্মিকভাৱে অসুস্থ হৈ পৰা বাবেহে তেনে হ’ল বুলি কৈ নিজৰ সাংবাদিকৰ পৰিচয়-পত্ৰ দেখুৱাত আৰক্ষীয়ে পৰিচয়-পত্ৰও দলিয়াই উপৰ্যুপৰি প্ৰহাৰ কৰা বুলি এজাহাৰখনত উল্লেখ কৰি এই ঘটনাত কেইবাজনো আৰক্ষী জোৱান, এ পি আৰ জি জোৱানসহ দিনেশ চন্দ্ৰ ডেকা নামৰ যান-বাহন আৰক্ষীৰ এজন লোকো জড়িত আছে বুলি উল্লেখ কৰিছে৷ উল্লেখ্য, ঘটনাটোক পৃথকৰূপ দিবলৈ মনোজে সুৰাপান কৰাৰ অভিযোগ উত্থাপন কৰাৰ পাছতে মনোজে প্ৰত্যাহ৩ান জনাই প্ৰকাশ কৰিছে যে সুদীৰ্ঘ ১৫-১৬ বছৰে জিলা প্ৰশাসনৰ উপৰি বিভিন্ন সাংস্কৃতিক কাৰ্যসূচীত এনে দৃশ্য সংগ্ৰহৰ কাম কৰি অহাৰ পাছতো আজিলৈকে কোনোদিন সুৰাপান কৰাৰ অভিযোগ তেওঁৰ বিৰুদ্ধে কোনেও দিব পৰা নাই৷ যদিহে উক্ত নিশা সুৰাপান কৰি মনোজে উদ্ভণ্ডালি কৰিছিল তেনেহ’লে আৰক্ষীয়ে নিজেই আইন হাতত তুলি লোৱাৰ সলনি মনোজক কৰায়ত্ত কৰি স্বাস্থ্য পৰীক্ষা নকৰিলে কিয় বুলি মন্তব্য কৰি মনোজে কয় যে, এনেসকল আৰক্ষীয়েই সমগ্ৰ আৰক্ষীৰ প্ৰতি সৰ্বসাধাৰণৰ আস্থা ভংগ কৰে৷ উল্লেখ্য, প্ৰায় এবছৰ পূৰ্বে নিযুক্তি লাভ কৰি চাৰিদুৱাৰত প্ৰবেচনত থকা আৰক্ষী উপ-পৰিদৰ্শক শইকীয়া আৰু তেওঁৰ সহযোগীসকলে প্ৰহাৰ কৰাৰ সময়তো মনোজে বাৰম্বাৰ স্বাস্থ্য পৰীক্ষাৰ কথা কৈছিল যদিও সেই কথাত তেওঁলোকে গুৰুত্ব দিয়া নাছিল৷ উল্লেখ্য, এটি ছমহীয়া সন্তানৰ পিতৃ মনোজে আইনৰ সহায় লোৱাত এতিয়া বিভিন্ন প্ৰকাৰে গোচৰটো উঠাই ল’বলৈও হেঁচা দিয়াৰ লগতে বিভিন্ন কূটকৌশল ৰচনা কৰাৰো অভিযোগ কৰিছে মনোজৰ পৰিবাৰ তথা সাংস্কৃতিককৰ্মী ধৰিত্ৰীয়ে৷ এই ঘটনাকলৈ মনোজক জনা সকলোৰে মাজত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হোৱাৰ লগতে বিষয়টোৰ অভিযুক্ত খাকী পোছাকধাৰী হোৱাৰ বাবেই যাতে সুৰক্ষা দিয়া নহয় তাৰো দাবী উঠিছে৷ এই ঘটনাত মনোজে শৰীৰ বিভিন্ন স্থানত আঘাত পোৱাৰ লগতে এখন ভৰিৰে ভালদৰে খোজকাঢ়িব পৰা নাই৷