Logo
image

কংগ্ৰেছে বিশ্বজয় কৰিলে! মন্ত্ৰী পীয়ূষৰ কটাক্ষ

আমাৰ অসম, ১৬ মে’: কৰ্ণাটক জিকি বিশ্বজয় কৰা বুলি কংগ্ৰেছক কটাক্ষ কৰে মন্ত্ৰী পীয়ূষ হাজৰিকাই৷ মন্ত্ৰী হাজৰিকাই সোমবাৰে সংবাদ মাধ্যমৰ আগত কয়– কৰ্ণাটকত কংগ্ৰেছে জয় লাভ কৰিব বুলি আমি কেইবা মাহ আগেয়ে গম পাইছিলো৷ কংগ্ৰেছে কৰ্ণাটক দখল কৰাত অস্বাভাৱিকতা একো নাই৷ পূৰ্বেও কৰ্ণাটক কংগ্ৰেছৰ দখলতে আছিল৷ কৰ্ণাটকত যি দলৰ চৰকাৰ হয় কেন্দ্ৰত তাৰ ওলোটা চৰকাৰ হয়৷ কৰ্ণাটকত কংগ্ৰেছৰ চৰকাৰ হ’লে দিল্লীত বিজেপিৰ চৰকাৰ হয়৷ যোৱাবাৰ কৰ্ণাটকত কংগ্ৰেছেই জিকিছিল৷ এইবাৰ কৰ্ণাটক জিকি যেন কংগ্ৰেছে বিশ্বজয়হে কৰিছে! লোকসভা নিৰ্বাচনলৈ আৰু এবছৰ আছে৷ লোকসভা নিৰ্বাচনলৈ ছমাহ থকা সময়ত ক’ত নিৰ্বাচন হয়– মধ্যপ্ৰদেশ, ছত্তীশগড় আৰু ৰাজস্থানত৷ যোৱাবাৰ এই তিনিওখন ৰাজ্যত বিজেপি ধূলিস্যাৎ হৈ গৈছিল৷ নিৰ্বাচনলৈ তেতিয়া ছমাহ আছিল৷ তেতিয়াও বিজেপিৰ ‘লেণ্ডশ্লাইড ভিক্টৰী’ হৈছে৷ কৰ্ণাটকত কংগ্ৰেছে জিকাৰ কথা অস্বীকাৰ কৰা নাই৷ স্মৰ্তব্য, মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কৰ্ণাটকত নিৰ্বাচনী প্ৰচাৰ চলাবলৈ গৈ কৰ্ণাটক এইবাৰ বিজেপিয়ে দখল কৰিবই বুলি কৈছিল৷ আনকি নিৰ্বাচনৰ সময়ত কংগ্ৰেছে ঘোষণা কৰা পাঁচ গেৰাণ্টি সন্দৰ্ভত তাচ্ছিল্য কৰি কৈছিল ৰাহুল গান্ধীৰ নিজৰেই গেৰাণ্টি নাই, ৰাইজক কি গেৰাণ্টি দিব?