Logo
image

শ্বাহৰুখ পুত্ৰৰ বিৰুদ্ধে অভিসন্ধি, ফান্দত পৰিল নাৰ্ক’টিক বিষয়া

আমাৰ অসম, ১৭ মে’: বলীউডৰ বাদশ্বাহ শ্বাহৰুখ খানৰ পুত্ৰ আৰিয়ান খানক এখন প্ৰমোদতৰীৰ পৰা গ্ৰেপ্তাৰ কৰি প্ৰায় দুবছৰৰ পূৰ্বে দেশজুৰি খলকণিৰ সৃষ্টি কৰা সমীৰ ৱাংখেড়ে নামৰ নাক’টিক্স কণ্ট্ৰল ব্যুৰ’ৰ বিষয়াজনে শ্বাহৰুখ খানৰ পৰিয়ালৰ পৰা ২৫ কোটি টকা দাবী কৰিছিল৷  অন্যথা আৰিয়ান খানক মাদক দ্ৰব্যৰ গোচৰত জড়িত কৰিব বুলি এনচিবিৰ মাণ্ডলিক সঞ্চালক ৱাংখেড়েই শ্বাহৰুখ খানৰ পৰিয়ালক ভাবুকি প্ৰদান কৰিছিল৷ কেন্দ্ৰীয় তদন্তকাৰী সংস্থা চিবিআয়ে এই অভিযোগত সমীৰ ৱাংখেড়েৰ বিৰুদ্ধে  গোচৰ তৰিছে৷ চিবিআয়ে সমীৰ ৱাংখেড়ে সন্দৰ্ভত এই ভয়ংকৰ অভিযোগ উত্থাপন কৰি গোচৰ তৰাৰ লগে লগে ২০২১চনৰ সেই ঘটনা যে শ্বাহৰুখ খানৰ পুত্ৰৰ বিৰুদ্ধে ডাঙৰ ষড়যন্ত্ৰ আছিল সেয়া একপ্ৰকাৰ মুকলি হৈ পৰিছে৷ সমীৰ ৱাংখেড়েই ২০২১চনৰ ২ অক্টোবৰৰ নিশা শ্বাহৰুখ পুত্ৰসহ মুঠতে ১৪জনক কৰ্ডেলিয়া নামৰ ক্ৰুজখনৰ পৰা আটক কৰি প্ৰথমে ৩জনক গ্ৰেপ্তাৰ কৰিছিল৷ প্ৰমোদতৰী বা ক্ৰুজখন মুম্বাইৰ পৰা গোৱালৈ যোৱাৰ সূচী আছিল আৰু ৩নিশা ২দিনৰ এই যাত্ৰা বিভিন্ন অনুষ্ঠানেৰে ৰোমাঞ্চকৰভাৱে পৰিচালনা কৰাৰ পৰিকল্পনা আছিল৷ সেই কৰ্ডেলিয়া নামৰ ক্ৰুজখনত যাত্ৰীৰ সাজত উপস্থিত আছিল তেতিয়াৰ এনচিবি-ৰ মাণ্ডলিক সঞ্চালক সমীৰ ৱাংখেড়ে আৰু তেওঁৰ দল৷ প্ৰমোদতৰীখনে মুম্বাইৰ উপকূল ত্যাগ কৰাৰ পাছতে পাৰ্টী আৰম্ভ হৈছিল আৰু সমীৰ ৱাংখেড়ে তথা তেওঁৰ দলে অভিযান আৰম্ভ কৰি আৰিয়ান খানসহ ১৪জনক আটক কৰি মুঠতে সেইনিশাই অৰিয়ানৰ বন্ধু আৰবাজ মাৰ্চেণ্ট আৰু স্বল্পখ্যাত মডেল মুনমুন ধামেচাক গ্ৰেপ্তাৰ কৰিছিল৷ একেটা গোচৰত পৰৱৰ্তী সময়ত আৰু ১৭জনক গ্ৰেপ্তাৰ কৰা হৈছিল৷ সমীৰ ৱাংখেড়েসহ এনচিবিৰ তদন্তকাৰীয়ে দাবী কৰা অনুসৰি ক্ৰুজখনৰ পৰা তেওঁলোকে ১৩গ্ৰাম কোকেইন, ৫ গ্ৰাম মেফেড্ৰ’ন, ২১গ্ৰাম মাৰিজুৱানা, ২২টা এমডিএমএ পিল, ১.৩৩ লাখ নগদ টকা জব্দ কৰিছিল৷ এনচিবি-য়ে সেই সময়ত সাংবাদিকক জনাইছিল যে আৰিয়ান খানে তেওঁৰ কামিজৰ আস্তিনত ড্ৰাগছ লুকাই ৰখাৰ লগতে মুন-মুন ধামেছাই ছেনিটেৰী পেডত ড্ৰাগছ লুকুৱাই ৰাখিছিল৷ এনচিবিয়ে যোগান ধৰা সেই খবৰ সংবাদ মাধ্যমৰ বাবে অতি ‘ৰম-ৰমা’ আছিল আৰু প্ৰতিটো খবৰেই ‘হটকেক’ৰ দৰে বিক্ৰী হৈছিল৷ বেচৰকাৰী ৰাষ্ট্ৰীয় টেলিভিছনৰ কোনো মুখ্য সম্পাদকে এই খবৰ বিক্ৰী কৰি টিআৰপি বঢ়াবলৈ নিজৰ বুকুত চপৰিয়াই অদ্ভূত আচৰণো কৰিছিল৷ অন্যান্য সংবাদ সংস্থাই এনচিবি-য়ে যোগান ধৰা এই খবৰ মাছে খোৱা টোপৰ দৰে গিলি ততোধিক অতিৰঞ্চিতভাৱে প্ৰচাৰ কৰিছিল৷ সমগ্ৰ বলীউড তেতিয়া যেন ড্ৰাগছময় হৈ পৰিছিল৷ সেই পৰিস্থিতিৰ সুযোগ লৈ ৱাংখেড়েই আৰিয়ান খানক বচাই দিয়াৰ বিনিময়ত শ্বাহৰুখ খানৰ পৰিয়ালৰ পৰা ২৫কোটি টকা দাবী কৰিছিল৷ অন্যথা নাৰ্কটিক্স বা মাদক দ্ৰব্যৰ গোচৰত আৰিয়ানক জড়িত কৰি কাৰাগাৰৰ পৰা ওলাব নোৱাৰা ব্যৱস্থা কৰিব বুলি ভাবুকি দিছিল৷ কিন্তু ইখনৰ পাছত সিখন আদালতে জামিন নাকচ কৰাৰ পাছত ২২দিনৰ অন্তত আৰিয়ান খানে জামিন লাভ কৰে৷ অৱশেষত ২০২২চনৰ মে’ত বিশেষ তদন্তকাৰী গোট আৰু আদালতে আৰিয়ান খানক এই গোচৰত নিৰ্দোষী বুলি ঘোষণা কৰে৷ কিয়নো আদালতত সমীৰ ৱাংখেড়ে আৰু এনচিবি-ৰ তদন্তকাৰীয়ে আৰিয়ানৰ হাতত ড্ৰাগছ মজুত থকা আৰু সেৱন কৰাৰ প্ৰমাণ দাখিল কৰিব নোৱাৰিলে৷ এনচিবি-ৰ আভ্যন্তৰীণ তদন্ততো এয়া সমীৰ ৱাংখেড়েৰ ষড়যন্ত্ৰ হিচাপেহে প্ৰমাণ হ’ল৷ ফলত শাস্তিমূলক ব্যৱস্থা লৈ এনচিবিয়ে ৱাংখেড়েক তেওঁৰ ৰাজহ বিভাগলৈ ঘূৰাই পঠিয়াই দিলে আৰু ৰাজহ বিভাগে তেওঁক চেন্নাইলৈ বদলি কৰিলে৷ ভাৰতীয় ৰাজহ সেৱাৰ বিষয়া ৱাংখেড়ে এনচিবিত ডেপুটেচনত আছিল৷ 

এই চাঞ্চল্যকৰ ঘটনাই ৰবছৰ ৮মাহ অতিক্ৰম কৰাৰ পাছত চিবিআয়ে সমীৰ ৱাংখেড়েৰ বিৰুদ্ধে ২৫কোটি  টকা দাবী কৰাৰ অভিযোগত গোচৰ ৰুজু কৰিছে৷ গোচৰত শ্বাহৰুখ খানৰ পৰিয়ালক ভাবুকি দিয়াৰ অভিযোগো আছে৷ চিবিআয়ে প্ৰাৰম্ভিক অনুসন্ধানৰ অন্তত এই গোচৰ ৰুজু কৰিছে৷ চিবিআয়ে জনাইছে ২ অক্টোবৰৰ নিশা সকলো অভিযুক্তৰ সৈতে এনচিবি-য়ে তেওঁলোকৰ কাৰ্যালয়লৈ সাক্ষী হিচাপে কেপি গোছাভি আৰু ছেনভিল ডিছুজা নামৰ দুজন ব্যক্তিক আনিছিল৷ ইয়াৰে গোছাভিক আটকাধীন আৰিয়ানৰ ফটো আৰু ভিডিঅ’ লোৱাৰ সুবিধা দিছিল ৱাংখেড়ে বাহিনীয়ে আৰু সেই ফটো মিডিয়া-ছ’ছিয়েল মিডিয়াত ভাইৰেল হৈ পৰিছিল৷ তাৰ সুযোগ লৈয়েই ৱাংখেড়েই শ্বাহৰুখৰ পৰিয়ালৰ পৰা ২৫ কোটি টকা দাবী কৰিছিল৷ চিবিআইৰ অনুসন্ধানত ৱাংখেড়ে আয়ৰ সৈতে সামঞ্জস্যহীন সম্পত্তি ধৰা পৰিছে৷ একে তদন্তত আন বিষয়া আশিস ৰঞ্জন, বিশ্ববিজয় সিং আৰু কেপি গোছাভি ফান্দত পৰিছে৷ এতিয়ালৈকে তদন্তত ৱাংখেড়েৰ ৪টা বিলাসবহুল ঘৰ, বহুবাৰ বিদেশ ভ্ৰমণ, বহু লাখকটীয়া কেইবাটাও ঘড়ী বিচাৰি উলিয়াইছে চিবিআয়ে৷ ৱাংখেড়েৰ ঘৰত চিবিয়ায়ে ১৩ঘণ্টা ধৰি তালাচী চলাই তেওঁৰ বিৰুদ্ধে দুৰ্নীতি আৰু আৰিয়ান খানৰ বিৰুদ্ধে কৰা ষড়যন্ত্ৰৰ বহু প্ৰমাণ উদ্ধাৰ কৰা বুলি দাবী কৰিছে৷ আনহাতে তেওঁৰ বিৰুদ্ধে চলা চিবিআইৰ গোচৰ সন্দৰ্ভত সমীৰ ৱাংখেড়েই কয়– তেওঁ দেশপ্ৰেমী হোৱাৰ বাবে মাচুল ভৰিবলগীয়া হৈছে৷