Logo
image

নলবাৰীত বিজেপিৰ সংখ্যালঘু নেতাই হত্যা কৰিলে বিজেপি নেত্ৰী পত্নীক

আমাৰ অসম, ১৭ মে’: স্বামী-স্ত্ৰীৰ সংঘাতক কেন্দ্ৰ কৰি আজি নলবাৰীত সংঘটিত হয় এটা লোমহৰ্ষক হত্যাকাণ্ড৷ অন্য লোকৰ সৈতে অবৈধ সম্পৰ্ক বজাই ৰখাৰ অভিযোগক লৈ স্বামী-স্ত্ৰীৰ মাজত চলি থকা সংঘাতৰ পৰিণতিত স্বামীয়ে নৃশংসভাৱে পত্নীক হত্যা কৰে৷ এই ঘটনাই তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে৷ নলবাৰী পৌৰসভাৰ প্ৰাক্তন উপ-পৌৰপতি মনজুৰুল আলমৰ বিৰুদ্ধে উত্থাপন হৈছে পত্নীহত্যাৰ গুৰুতৰ অভিযোগ৷ আজি দিনৰ প্ৰায় ১১ বজাত নলবাৰী চহৰৰ ইছলাম চুপাত  সংঘটিত হয় এই নৃশংস ঘটনা৷ অভিযোগ অনুসৰি, কালি পুৱা পতি-পত্নীৰ মাজত কোনো কথাক লৈ কাজিয়াৰ সূত্ৰপাত ঘটে৷ এটা সময়ত কাজিয়াই চূড়ান্তপৰ্যায় পোৱাত স্বামী মনজুৰুল আলম ওৰফে ৰিজুৱে [৪০] তেওঁৰ পত্নী চামচিয়া বেগমৰ [৩২] পিছমূৰত এটা প্ৰকাণ্ড হাতুৰীৰে প্ৰহাৰ কৰাত তেজেৰে তুমৰলি হৈ মজিয়াত পৰি যায় চামচিয়া৷ লগে লগে মৃত্যু ঘটে একুৰি বাৰ বছৰীয়া মহিলাগৰাকীৰ৷ নলবাৰী পৌৰসভাৰ প্ৰাক্তন উপ-পৌৰপতি তথা বিজেপিৰ সংখ্যালঘু মৰ্চাৰ নলবাৰী টাউন মণ্ডলৰ সভাপতি মনজুৰুল আলমে নিজৰ ঘৰৰ ভিতৰতে হাতুৰীৰে কোবাই পত্নীক হত্যা কৰাৰ অভিযোগ উত্থাপন হোৱাত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হয়৷ উল্লেখ্য, স্বামীৰ আক্ৰমণত নিহত চামচিয়া বেগম বিজেপি মহিলা মৰ্চাৰ নলবাৰী টাউন মণ্ডলৰ সাধাৰণ সম্পাদিকা৷ উক্ত ঘটনাৰ পিছতেই নলবাৰী সদৰ থানাৰ আৰক্ষীৰ এটা দল ঘটনাস্থলীত উপস্থিত হৈ ঘৰৰ মজিয়াত তলমূৰকৈ পৰি থকা মহিলাগৰাকীৰ মৃতদেহ উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে নলবাৰীৰ শ্বহীদ মুকুন্দ কাকতি অসামৰিক চিকিৎসালয়লৈ প্ৰেৰণ কৰে৷ আনহাতে, ঘটনাস্থলীৰ পৰা আৰক্ষীয়ে হত্যাকাণ্ডত ব্যৱহৃত হাতুৰীটো জব্দ কৰে৷ পত্নীৰ পৰপুৰুষৰ সৈতে সম্পৰ্ক থকাৰ সন্দেহ কৰিয়েই স্বামী মনজুৰুল আলমে চামচিয়া বেগমক হত্যা কৰা বুলি একাংশ লোকে সন্দেহ কৰিছে আৰু এই বিষয়ে আৰক্ষীকো অৱগত কৰিছে৷ ইফালে, উক্ত ঘটনাৰ পাছতেই অভিযুক্ত স্বামী মনজুৰুল আলমে নলবাৰী চহৰৰ এখন ব্যক্তিগত খণ্ডৰ বিদ্যালয়ত অষ্টম শ্ৰেণীত অধ্যয়নৰত পুত্ৰক বিদ্যালয়ৰ পৰা আনিবলৈ যোৱাৰ চলেৰে ঘৰৰ পৰা লৰালৰিকৈ বাইকেৰে ওলাই আহি নলবাৰী সদৰ থানাত আত্মসমৰ্পণ কৰে৷ পাছত নলবাৰী আৰক্ষীয়ে উক্ত হত্যাকাণ্ড সন্দৰ্ভত এটা গোচৰ পঞ্জীয়ন কৰি অভিযুুুক্ত স্বামী মনজুৰুল আলমক গ্ৰেপ্তাৰ কৰে৷ আনহাতে, উক্ত ঘটনাৰ পিছতেই অভিযুক্ত মনজুৰুলৰ মাতৃ চকিনা বেগমে ঘৰৰ লগতে বাহিৰৰ মূল গেটত তলা লগাই নাতিয়েকক বিদ্যালয়ৰ পৰা আনিবলৈ যোৱাৰ চলেৰে পলায়ন কৰে৷ মনজুৰুল আলমৰ মাতৃও উক্ত হত্যাকাণ্ডত জড়িত থকা বুলি একাংশ লোকে অভিযোগ উত্থাপন কৰিছে৷ অৱশ্যে আৰক্ষীৰ তদন্ততহে চামচিয়া বেগমৰ হত্যাকাণ্ডৰ সমস্ত কাহিনী পোহৰলৈ আহিব৷ সম্প্ৰতি উক্ত হত্যাকাণ্ড সন্দৰ্ভত আৰক্ষীৰ তদন্ত অব্যাহত আছে৷ নিহত মহিলাগৰাকীৰ আত্মীয়ই অভিযোগ কৰা মতে, পূৰ্বেও স্বামী মনজুৰুলে পত্নীক হত্যাৰ অপচেষ্টা চলাইছিল৷ আনহাতে, একাংশই অভিযোগ কৰা মতে, বিজেপি নেতাজনৰ আন মহিলাৰে আছিল অবৈধ প্ৰেম৷ এনে পৰিস্থিতিত নিহত মহিলাগৰাকীৰ আত্মীয়সকলে ন্যায় বিচাৰি নলবাৰী সদৰ থানাত উপস্থিত হৈ হত্যাকাণ্ডৰ উচিত বিচাৰ আৰু হত্যাকাৰীৰ কঠোৰ শাস্তিৰ দাবী জনায়৷