Logo
image

ধৰিত্ৰীয়ে ভৰ সহিব পৰা নাই ক্ৰমবৰ্ধমান নিউয়ৰ্ক মহানগৰৰ

আমাৰ অসম, ১৮ মে’: উত্তৰাখণ্ডৰ যোশীমঠ নামৰ পাহাৰীয়া সৰু চহৰখন প্ৰাকৃতিক আৰু মানৱসৃষ্ট কাৰণত অলপ অলপকৈ ডুবিবলৈ ধৰাৰ খবৰ প্ৰকাশ হোৱাৰ সময়ত প্ৰকৃতিৰ ৰোষতকৈয়ো অপৰিকল্পিত নিৰ্মাণৰ বাবে চৰকাৰ-প্ৰশাসন আৰু বাসিন্দাক অধিক দোষাৰোপ কৰা হৈছিল৷ কিন্তু সেই একেই মানৱসৃষ্ট কাৰণতে বিশ্বৰ আটাইতকৈ খ্যাতনামা চহৰৰ অন্যতম নিউয়ৰ্ক চিটীও ক্ৰমান্বয়ে মাটিৰ তললৈ ডুবি  যাবলৈ ধৰিছে৷ প্ৰতিবছৰে নিউয়ৰ্ক চহৰখন ১-২ মিলিমিটাৰকৈ মাটিৰ তললৈ সোমাই গৈ আছে৷ নিউয়ৰ্ক চহৰ ডুবাৰ মূল কাৰণ হৈছে ইয়াৰ বুকুত নিৰ্মাণ কৰা স্কাইস্ক্ৰেপাৰকে ধৰি অসংখ্য কংক্ৰিটৰ নিৰ্মাণৰ ভৰ৷ আকাশ স্পৰ্শ কৰা অট্টালিকা নিৰ্মাণ কৰি বিশ্বৰ সন্মুখত মাৰ্কিন চৰকাৰে যি গৰ্ব কৰিছিল, সেই গৰ্ব এনেদৰে এদিন আাক্ষৰিকভাৱেই ধুলিৰ লগত মিলি যাব তেনে আশংকা কোনেও কৰা নাছিল৷ অৱশ্যে নিউয়ৰ্ক চহৰ ডুবি যোৱাৰ দোষত কেৱল এই নিৰ্মাণেই নহয়, দুটাকৈ ভয়ংকৰ চাইক্লনৰ ফলত চহৰৰ ভিতৰত সোমাই পৰা সমুদ্ৰৰ লুণীয়া পানীৰ দ্বাৰা হোৱা ক্ষতিৰ দৰে প্ৰাকৃতিক কাৰণো আছে৷ কিন্তু মূল কাৰণ হৈছে চহৰখনৰ বুকুত নিৰ্মাণ কৰা বিশাল বিশাল অট্টালিকাৰ কংক্ৰিটৰ ভৰ৷ অন্ততঃ গৱেষকে এয়াই নিউয়ৰ্ক চহৰ ডুবাৰ প্ৰধান কাৰণ বুলি দাবী কৰিছে৷ 

‘এডভান্সিং আৰ্থ এণ্ড স্পেচ ছায়েন্স’ নামৰ এখন বিখ্যাত জাৰ্ণালত নিউয়ৰ্ক চহৰ ক্ৰমাৎ মাটিৰ তললৈ বহি যোৱা বা ডুবি যোৱা বুলি গৱেষণালব্ধ তথ্য প্ৰকাশ পোৱাৰ লগে লগে বিশ্বজুৰি তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হৈছে৷ ৰ’ড আইলেণ্ড বিশ্ববিদ্যালয়ৰ ‘গ্ৰেজুৱেট স্কুল অব অচেন’গ্ৰাফী’ শিক্ষা প্ৰতিষ্ঠানৰ গৱেষকে এই তথা প্ৰকাশ কৰিছে৷ তাত কোৱা হৈছে– ‘সমগ্ৰ বিশ্বৰ বহু উপকূলৱৰ্তী চহৰৰ দৰে নিউয়ৰ্ক চহৰো ক্ৰমাৎ তললৈ বহি গৈছে৷ ঘাইকৈ বৃহৎ অট্টালিকাৰ বোজা আৰু নিৰ্মাণৰ ঘনত্বৰ বাবে চহৰখনৰ ভূমিভাগে সেই বোজা সহ্য কৰিব পৰা নাই৷ আঠ নিযুত বাসিন্দা থকা চহৰখন সামগ্ৰিকভাৱে বছৰি ৰ-২ মিলিমিটাৰ তললৈ বহি গৈছে৷ কেতবোৰ স্থানৰ ডুবি যোৱাৰ হাৰ ইয়াতকৈ অধিক৷’ 

নিউয়ৰ্ক চহৰখনৰ অৱস্থিতি অতি জটিল হিমনদীৰ বিস্তীৰ্ণ অঞ্চলত৷ ইয়াৰ উপৰিভাগৰ ভূমিভাগ গঠিত হৈছে চূণশিল, বালিশিল, বোকাশিলৰ পৰা, য’ত বোকাময় হ্ৰদৰ  উপৰি এসময়ত বৰফৰ পৰা উদ্ভৱ হোৱা হিমনদী আছিল৷ সেই কাৰণতে নিউয়ৰ্ক চহৰৰ ভূমিৰ উপৰিভাগ কঠিন নহয়, বৰং ভংগুৰ আৰু¸ কোমল৷ ইতিমধ্যে চহৰখনৰ উচ্ছতাতকৈ কাষৰীয়া আটলণ্টিক মহাসাগৰৰ জলপৃষ্ঠৰ উচ্ছতা বৃদ্ধি পোৱাৰ দিশে আগবাঢ়িছে৷ সেই আশংকা বিশ্বৰ অন্যান্য উপকূলৱৰ্তী চহৰৰ তুলনাত ৩-৪ গুন অধিক৷ গৱেষকসকলে তেওঁলোকৰ তথ্যত ভয়ংকৰ দাবী কৰি কৈছে ২১০০ চনত নিউয়ৰ্ক ৫০০ৰ পৰা ১৫০০ মিলিমিটাৰ মাটিৰ তললৈ বহি যাব৷ গৱেষণাপত্ৰখনত গৱেষকসকলে ‘ছাবছিডেন্স’ শব্দটো ব্যৱহাৰ কৰিছে, যাৰ অৰ্থ ‘ছিংকিং’ বা অসমীয়াত ডুবন্ত৷ ইয়াৰ অন্যাৰ্থ, গৱেষকে নিউয়ৰ্কক ডুবন্ত চহৰ বুলিয়েই বৰ্ণনা কৰিছে৷ গৱেষকৰ মতে চহৰখনৰ দুৰ্বল ভিত্তিয়ে তাৰ ওপৰত নিৰ্মাণ কৰা অজস্ৰ অট্টালিকাৰ ভাৰ ল’বলৈ অক্ষম হৈছে৷ সুউচ্ছ অট্টালিকা অৰ্থাৎ স্কাইস্ক্ৰেপাৰৰ ভৰ নিউয়ৰ্কৰ বাবে অসহনীয় হৈ পৰিছে৷ তদুপৰি অতি ঘন ঘনকৈ অসংখ্য অট্টালিকা নিৰ্মাণ কৰা হৈছে৷ নিৰ্মাণৰ এই ঘনত্বই নিউয়ৰ্কৰ বহনক্ষমতা হ্ৰাস কৰি আনিছে৷ ‘প’ষ্ট গ্লেচিয়েল আইচ’ষ্টেটিক ইফেক্ট’ৰ ফলত ইতিমধ্যে চহৰখনৰ ভূমিভাগ ভংগুৰ হৈ পৰিছে৷ 

একে সময়তে দুটা ভয়ংকৰ চাইক্লনৰ ফলত নিউয়ৰ্ক চহৰখনৰ ভূমিৰ উপৰিভাগ আৰু অন্তৰ্ভাগ ক্ষতিগ্ৰস্ত হৈছে৷ ২০১২ চনত হোৱা হাৰিকেন ছেণ্ডি আৰু ২০২১ চনত হোৱা হাৰিকেন ইডাৰ ফলত চহৰখনৰ ভিতৰলৈ সমূদ্ৰৰ লুণীয়া পানী সোমাই আহিছিল৷ সেই লুণীয়া জল পাছত বাহিৰলৈ উলিয়াই পঠিওৱা সম্ভৱ নহ’ল৷ লুণীয়া পানী শুহি ল’লে চহৰৰ নৰম মাটিয়ে৷ সেই লুণীয়া পানীয়ে চহৰখনৰ ভেটি আৰু অন্তৰ্ভাগৰ মাটিৰো প্ৰবল ক্ষতি কৰিলে৷ এনে ক্ষতি চাইক্লন বা হাৰিকেনে সদায় উপকূলৱৰ্তী অঞ্চলত কৰে৷ কিন্তু আন আন স্থানত অৰ্থাৎ উপকূলৰ কাষতে নিউয়ৰ্কৰ দৰে বিশাল বিশাল অট্টালিকাৰে ভৰপূৰ চহৰৰ অৱস্থিতি সিমান দেখা নাযায়৷ নিউৰ্য়কে ফল ভূগিছে সমূদ্ৰবেষ্টিত হৈয়ো প্ৰকৃতিৰ নিময় নমনাকৈ কৰা নিৰ্মাণৰ বাবে৷ যি স্কাইস্ক্ৰেপাৰক লৈ মাৰ্কিন জনগণে গৌৰৱ কৰিছিল সেই স্কাইস্ক্ৰেপাৰ এদিন ধুলিৰ লগত মিলি যাব প্ৰকৃতিৰ ৰোষত৷ কেৱল ভাৰতৰ যোশীমঠেই নহয়, মানৱসৃষ্ট কাৰণতে ধুলিসাৎ হ’ব মাৰ্কিন গৰ্ব নিউয়ৰ্কো৷