
ষ্টেট বেংকৰ গ্ৰাহকৰ একাউণ্টৰ পৰা ২:৩০ লাখ টকা হৰলুকিঃ মোবাইল ফোন হেক কৰি দুষ্ট চক্ৰই টকা হৰলুকি কৰাৰ সন্দেহ
ডিজিটেল সংবাদ, বজালীঃ ভাৰতীয় ষ্টেট বেংক আদিকে ধৰি বিভিন্ন বিত্ত প্ৰতিষ্ঠানৰ পৰা সঘনাই গ্ৰাহকৰ সঞ্চয় ধন হৰলুকি হোৱা ঘটনাই একাংশ ৰাইজক চিন্তিত কৰি তুলিছে৷ এইবাৰ পাঠশালাস্থিত ভাৰতীয় ষ্টেট বেংকৰ পৰা পুনৰ ধন হৰলুকি হোৱা ঘটনা পোহৰলৈ আহিছে ৷ জানিব পৰা মতে উক্ত বিত্তীয় প্ৰতিষ্ঠানটোৰ গ্ৰাহক তথা বজালীৰ বৰবাং বামুণপাৰাৰ নিৱাসী দীপক শৰ্মাৰ একাউণ্টৰ পৰা যোৱা ২৫ এপ্ৰিলৰ পৰা ২৭ এপ্ৰিললৈ ২ লাখ ৩০ হাজাৰ টকা নোহোৱা হয়৷ উল্লেখ্য যে টকা হৰলুকি হোৱাৰ সময়ৰে পৰা তেওঁৰ মোবাইল ফোনটো বিকল হৈ পৰে বুলি গ্ৰাহক দীপক শৰ্মাই জনিবলৈ দিয়ে ৷ কোনো দুষ্ট চক্ৰই তেওঁৰ অজ্ঞাতে মোবাইল ফোনটো হেক কৰি এই কাৰ্য সংঘটিত কৰা বুলি সন্দেহ প্ৰকাশ কৰিছে শৰ্মাই৷ উক্ত ঘটনা সন্দৰ্ভত পাঠশালাৰ শাখা প্ৰবন্ধকগৰাকীক অৱগত কৰা হয় যদিও এতিয়ালৈ কোনো সহাৰি লাভ কৰা নাই বুলি দীপক শৰ্মাই সংবাদ মাধ্যমক জানিবলৈ দিছে ৷ ইয়াৰ পিছত টকা হৰলুকি ঘটনা সন্দৰ্ভত যোৱা ২৮এপ্ৰিলত পাঠশালাৰ আৰক্ষী চকীতো এখন এজাহাৰ দাখিল কৰে যদিও এতিয়ালৈকে ভুক্তভোগী শৰ্মাই কোনো সুফল লাভ কৰা নাই ৷ যাৰ বাবে সাচতীয়া ধন হৰলুকি ঘটনাৰ ন্যায় বিচাৰি দিশহাৰা হৈ পৰিছে দীপক শৰ্মাই ৷