Logo
image

ঐতিহাসিক মেট্ৰিকৰ ফলাফল, শেষবাৰলৈ ঘোষিত স্থানপ্ৰাপ্ত

‘আমাৰ অসম’ৰ ষ্টাফ ৰিপ’ৰ্টাৰ, ২৩ মে’: হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ (মেট্ৰিক) ২০২৩ বৰ্ষৰ ফলাফল সোমবাৰে পুৱা ১০ বজাত আকস্মিকভাৱে ঘোষণা কৰা হয়৷ কিন্তু মেট্ৰিক পৰীক্ষাৰ ইতিহাসত এইটোৱে শেষৰটো মেট্ৰিক পৰীক্ষা হ’ব নেকি? কেৱল শেষৰটো মেট্ৰিক পৰীক্ষাই নহয়, সোমবাৰে ঘোষিত মেট্ৰিক পৰীক্ষাত স্থান লাভ কৰাসকল শেষবাৰৰ বাবে ঘোষিত স্থানপ্ৰাপক হিচাপে চিহ্নিত হৈ ৰ’ব নেকি? ২০২৩-২৪ বৰ্ষৰ মেট্ৰিক পৰীক্ষাই অসমৰ শিক্ষাজগতৰ ইতিহাসৰ শেষৰটো মেট্ৰিক পৰীক্ষা বুলি ইতিমধ্যে ব্যাপকভাৱে চৰ্চা হৈছে৷ চৰকাৰীভাৱে এই সন্দৰ্ভত কোনো কথা স্পষ্টভাৱে অৱগত কৰা নাই যদিও নতুন শিক্ষানীতি কাৰ্যকৰী হোৱাৰ পাছতেই হয়তো মেট্ৰিক পৰীক্ষা শব্দটো ইতিহাস হ’ব৷ উল্লেখ্য, ২০২৪-২৫ শিক্ষাবৰ্ষৰ পৰা দেশৰ অন্য প্ৰান্তৰ লগতে অসমতো নতুন শিক্ষানীতি বলৱৎ হ’ব লাগে৷ নতুন শিক্ষানীতি অনুসৰি দশম শ্ৰেণীৰ চূড়ান্ত পৰীক্ষাৰ ব্যৱস্থা নাথাকিব৷ ইয়াৰ ঠাইত ৯-১২ পদ্ধতিৰ শিক্ষা ব্যৱস্থা আৰম্ভ হ’ব৷ এই ব্যৱস্থা দুটা ভাগত বিভক্ত হ’ব৷ এটা ৯-১০ আৰু আনটো ১১-১২৷ নতুন শিক্ষানীতি অনুসৰি ৯+৩ ব্যৱস্থা আৰম্ভ কৰাৰ পৰিৱৰ্তে বৰ্তমানৰ শিক্ষানীতি অনুসৰি ১০+২ ব্যৱস্থা প্ৰচলিত হৈ আছে৷ ৯-১০ ব্যৱস্থাত দুটাকৈ চূড়ান্ত পৰীক্ষা অনুষ্ঠিত হ’ব৷ দুয়োটা পৰীক্ষাৰ নম্বৰ মিলাই চূড়ান্ত ফলাফল ঘোষণা কৰা হ’ব৷ আনহাতে, ১১-১২ ব্যৱস্থাত চিমেষ্টাৰ পদ্ধতি প্ৰৱৰ্তন হ’ব৷ বৰ্তমানে হাইস্কুল শিক্ষান্ত পৰীক্ষা বা উচ্ছতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাত স্থান লাভৰ যি ব্যৱস্থা প্ৰচলিত হৈ আছে নতুন শিক্ষানীতি কাৰ্যকৰী হোৱাৰ পাছত নাথাকিব৷ ২০২৪-২৫ বৰ্ষৰ পৰা নতুন শিক্ষানীতি সমগ্ৰ দেশত কাৰ্যকৰী হ’ব লাগে যদিও এই পৰ্যন্ত অসম চৰকাৰে চূড়ান্ত সিদ্ধান্ত লোৱা নাই৷ নতুন শিক্ষানীতিৰ প্ৰতিটো প্ৰস্তাৱেই এইপৰ্যন্ত অসমত ‘তাত্বিক’ বিষয়বস্তু হিচাপে বিবেচিত হৈ আছে৷ এই ব্যৱস্থাসমূহ আৰম্ভ কৰিবলৈ হ’লে শিক্ষাখণ্ডত যথেষ্ট আন্তঃগাঁথনিৰ প্ৰয়োজন হ’ব৷ চৰকাৰে নতুন শিক্ষানীতি অহা বছৰৰ পৰা অসমত একে সময়তে, সম্পূৰ্ণৰূপে আৰম্ভ কৰিব নে পৰ্যায়ক্ৰমে ইয়াৰ কাৰ্যকৰী ব্যৱস্থা হ’ব সেয়া এইপৰ্যন্ত স্পষ্ট হোৱা নাই৷ নতুন শিক্ষানীতি অনুসৰি অসমত মেট্ৰিক পৰীক্ষা থাকিব নে নাই, নে ২০২২-২৩ বৰ্ষৰ মেট্ৰিকেই শেষ মেট্ৰিক হ’ব, স্থানপ্ৰাপ্তৰ তালিকা বনোৱা হ’ব নে নাই সেয়া সময়েহে ক’ব৷ উল্লেখ্য, পূৰ্বৰ পৰম্পৰা ভংগ কৰি মাধ্যমিক শিক্ষা পৰিষদে সোমবাৰে আচম্বিতে ঘোষণা কৰে ২০২৩ বৰ্ষৰ হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ফলাফল৷ উক্ত পৰীক্ষাত অৱতীৰ্ণ হৈছিল ৪,১৫,৩২৪ গৰাকী পৰীক্ষাৰ্থী৷ ইয়াৰে ভিতৰত ৩,০১,৮৮০গৰাকী পৰীক্ষাৰ্থী উত্তীৰ্ণ হয়৷ এইবেলি হাইস্কুল শিক্ষান্ত পৰীক্ষাত উত্তীৰ্ণৰ হাৰ ৭২.৬৯ শতাংশ৷ উত্তীৰ্ণসকলৰ ভিতৰত ১,৪২,৫২৪জন ছাত্ৰ আৰু ১,৫৯,৩৫৬গৰাকী ছাত্ৰী৷ এইবেলিৰ হাইস্কুল শিক্ষান্ত পৰীক্ষাত ৯৪,৯১৩গৰাকী প্ৰথম বিভাগত, ১,৪৮,৫৭৩ গৰাকী দ্বিতীয় বিভাগত আৰু ৫৮,৩৯৪ গৰাকী তৃতীয় বিভাগত উত্তীৰ্ণ হয়৷ এইবেলিৰ হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ অন্যতম দিশ ছাত্ৰ উত্তীৰ্ণৰ হাৰ ছাত্ৰীতকৈ উন্নত৷ এইবেলি ৭৪.৭১ শতাংশ ছাত্ৰ উত্তীৰ্ণ হোৱাৰ বিপৰীতে ৭০.৯৬ শতাংশ ছাত্ৰী উত্তীৰ্ণ হয়৷ হাইস্কুল শিক্ষান্ত পৰীক্ষাত ঢেকীয়াজুলিৰ শংকৰদেৱ শিশু নিকেটনৰ ছাত্ৰ হৃদম ঠাকুৰীয়াই ৯৯.৩৩ শতাংশ নম্বৰেৰে প্ৰথম স্থান অধিকাৰ কৰে৷ ৯৮.৮৩শতাংশ নম্বৰ লাভ কৰি নগাঁও চৰকাৰী উচ্ছতৰ মাধ্যমিক বিদ্যালয়ৰ ছাত্ৰ ইছৰত ফাৰিহা, নলবাৰী আনন্দ বিদ্যা নিকেতনৰ লাকী দেৱী চৌধুৰী, মনমিতা শৰ্মা আৰু সোণাৰিৰ ছেইণ্ট যোছেফ স্কুলৰ ছাত্ৰ আদিত্য অনুপম কোঁৱৰে দ্বিতীয় স্থান দখল কৰে৷ ৯৮.৬৬ শতাংশ নম্বৰ লাভ কৰি দৰঙৰ দুমুনীচকী ইংলিছ স্কুলৰ ছাত্ৰ নীলুফাৰ ৰহমান, গোলাঘাট ভোলাগুৰিৰ আদৰ্শ বিদ্যাপীঠ স্কুলৰ অনিন্দিতা বৰা আৰু নলবাৰী বাহাৰঘাটৰ শংকৰদেৱ শিশু নিকেতনৰ ছাত্ৰ মৃগাংক ভট্টাচাৰ্যই তৃতীয়স্থান দখল কৰে৷ ৰাজ্যৰ ভিতৰত শীৰ্ষ ১০টাৰ ভিতৰত স্থান লাভ কৰে মুঠ ৬১গৰাকী প্ৰতিভাসম্পন্ন ছাত্ৰ-ছাত্ৰীয়ে৷ লক্ষণীয় যে পৰম্পৰা অনুসৰি ২-৩ দিন পূৰ্বে ঘোষণা কৰা হয় হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ফলাফলৰ দিন৷ কিন্তু এইবেলি কোনো পূৰ্বঘোষণা অবিহনে সোমবাৰে পুৱাই সংবাদ মাধ্যমৰ আগত পুৱা ১০ বজাত ফলাফল ঘোষণা কৰাৰ কথা সদৰী কৰে৷ সেইমতে পুৱা ঠিক ১০ বজাত ঘোষণা কৰা হয় হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ফলাফল৷

প্ৰথম স্থানত ঢেকীয়াজুলিৰ শংকৰদেৱ শিশু নিকেতনৰ হৃদম ঠাকুৰীয়া

‘আমাৰ অসম’ৰ তেজপুৰৰ প্ৰতিবেদক: ঢেকীয়াজুলি শংকৰদেৱ শিশু নিকেতনৰ ছাত্ৰ হৃদম ঠাকুৰীয়াই হাইস্কুল শিক্ষান্ত পৰীক্ষাত ৰাজ্যৰ ভিতৰত প্ৰথম স্থান দখল কৰি শ্বহীদ নগৰী ঢেকীয়াজুলিলৈ সুনাম কঢ়িয়াই আনিছে৷ ফলাফল ঘোষণাৰ পাছতেই নিকেতনখনত উৎসৱমুখৰ পৰিৱেশৰ সৃষ্টি হয়৷ হৃদমৰ ঠাকুৰীয়াৰ এই সাফল্যত নিকেতনখনৰ ছাত্ৰ-ছাত্ৰী আৰু আচাৰ্য-আচাৰ্যাসকল আনন্দিত হৈ পৰে৷ ফলাফল অনুসৰি ঢেকীয়াজুলি শংকৰদেৱ শিশু নিকেতনৰ ছাত্ৰ ঠাকুৰীয়াই ৬০০ নম্বৰৰ ভিতৰত মুঠ ৫৯৬ নম্বৰ লাভ কৰিছে৷ মেধাৱী ছাত্ৰজনে অসমীয়াত ৯৮, ইংৰাজীত ১০০, সাধাৰণ গণিতত ১০০, উচ্ছ গণিতত ১০০, সমাজ বিজ্ঞানত ১০০ আৰু বিজ্ঞানত ৯৮ নম্বৰ লাভ কৰিছে৷ ঠাকুৰীয়াৰ এই সাফল্যৰ পাছত ঢেকীয়াজুলি শংকৰদেৱ শিশু নিকেতনৰ প্ৰধান আচাৰ্য গিৰীন্দ্ৰ চন্দ্ৰ শৰ্মা আৰু উপ-প্ৰধান আচাৰ্য ৰাজীৱ দাসে সাংবাদিকৰ আগত কয় যে শিক্ষা পদ্ধতি ভাল হ’লে ফলাফলো ভাল হ’ব৷  হৃদম ঠাকুৰীয়াৰ ফলাফলে নিকেতনখনৰ সুনাম বৃদ্ধি কৰিলে৷ হৃদম ঠাকুৰীয়া সদায় নিকেতনলৈ আহিছিল৷ ছাত্ৰজন কোনো দিনে শ্ৰেণীত অনুপস্থিত নাছিল৷ ছাত্ৰজন আত্মবিশ্বাসী আছিল৷ সংগীতৰ লগতে কুইজ, তৰ্ক, আকস্মিক বক্তৃতা, কবিতা আবৃত্তি আদিত  বৰ আগ্ৰহী আছিল৷ ঢেকীয়াজুলি অঞ্চলৰ বিভিন্ন অনুষ্ঠান-প্ৰতিষ্ঠানে আয়োজন কৰা শৈক্ষিক প্ৰতিযোগিতাত ঠাকুৰীয়াই ভাগ লৈছিল আৰু শ্ৰেষ্ঠ বিবেচিত হৈছিল৷ আনহাতে,  হাইস্কুল শিক্ষান্ত পৰীক্ষাত প্ৰথম স্থানত জিলিকি উঠা মেধাৱী ছাত্ৰ হৃদম ঠাকুৰীয়া, তেওঁৰ পিতৃ-মাতৃ আৰু তেওঁ অধ্যয়ন কৰা নিকেতনৰ আচাৰ্য-আচাৰ্যাসকলক বিভিন্ন দল, সংগঠন, অনুষ্ঠান-প্ৰতিষ্ঠানে অভিনন্দন জনাইছে৷ মন্ত্ৰী অশোক সিংহালে শংকৰদেৱ শিশু নিকেতনৰ আন্তঃগাঁঠনি উন্নয়নৰ বাবে বিধায়ক এলেকা উন্নয়ন পুঁজিৰ পৰা ২০লাখ টকাৰ আগবঢ়োৱাৰ লগতে হৃদমৰ পৰৱৰ্তী পঢ়াৰ খৰচ বহন কৰিব বুলি সদৰী কৰিছে৷

চিকিৎসক হ’ব খোজে দ্বিতীয় স্থানপ্ৰাপক ইশ্বৰাত ফাৰিহা

‘আমাৰ অসম’ৰ নগাঁৱৰ ষ্টাফ ৰিপ’ৰ্টাৰ: হাইস্কুল শিক্ষান্ত পৰীক্ষাত দ্বিতীয় স্থান লাভ কৰিছে নগাঁৱৰ ৰেঁণেছা উচ্ছ মাধ্যমিক বিদ্যালয়ৰ ছাত্ৰী ইশ্বৰাত ফাৰিহাই৷ ছাত্ৰীগৰাকীৰ এই সাফল্যত বিদ্যালয়খনত এক উৎসৱমুখৰ পৰিৱেশৰ সৃষ্টি হয়৷ ছাত্ৰীগৰাকীয়ে ৯৮.৮৩ শতাংশ নম্বৰেৰে মুঠ ৫৯৩ নম্বৰ লাভ কৰিছে৷ নগাঁও জিলাৰ জুৰীয়া দ গাঁৱৰ শিক্ষক হিফজুৰ ৰহমান আৰু গৃহিণী হাছিনা জাহান খানৰ জীয়ৰী ইশ্বৰাতে প্ৰথম দহটাৰ ভিতৰত স্থান লাভ কৰিব বুলি ভাবিছিল যদিও দ্বিতীয় স্থান পাব বুলি ভবা নাছিল৷ তেওঁ দ্বিতীয় স্থান লাভ কৰি উৎফুল্ল হৈ পৰাৰ লগতে আবেগিক হৈ পৰে৷ বিদ্যালয়ৰ পাঠদান চলি থকাৰ সময়ত ঘৰত দৈনিক ৪/৫ ঘণ্টা অধ্যয়ন কৰা ইশ্বৰাতে বাছনি পৰীক্ষাৰ পাছত দৈনিক ৯/১০ ঘণ্টা অধ্যয়ন কৰিছিল৷ তেওঁৰ এই সাফল্যৰ বাবে শিক্ষক- শিক্ষয়িত্ৰী, পিতৃ-মাতৃ, পৰিয়ালৰ লোকৰ অৰিহণাৰ কথা উল্লেখ কৰে৷  বিদ্যালয়খনৰ অধ্যক্ষ পাৰ্থজিৎ বৰুৱাই প্ৰেৰণা দিয়াৰ কথা বিশেষভাৱে ছাত্ৰীগৰাকীয়ে উল্লেখ কৰে৷ অসমীয়া মাধ্যমত অধ্যয়ন কৰা ছাত্ৰীগৰাকীয়ে উচ্ছতৰ মাধ্যমিকত বিজ্ঞান শাখাত নামভৰ্তি কৰিব যদিও কোন শিক্ষানুষ্ঠানত নামভৰ্তি কৰিব সেয়া থিৰাং কৰা নাই৷ ভৱিষ্যতে এগৰাকী ভাল চিকিৎসক হোৱাৰ মন ইশ্বৰাতৰ৷ টিউচন অবিহনেই এই সাফল্য লাভ কৰা ইশ্বৰাতৰ মতে, অসমত শিক্ষাৰ এক সুস্থ পৰিৱেশ গঢ়ি উঠিছে৷ নিজৰ ওপৰত বিশ্বাস ৰখাৰ লগতে কঠোৰ পৰিশ্ৰম কৰিলে সফল নোহোৱাৰ কোনো কাৰণ নাই৷ নগাঁও চহৰৰ খ্ৰীষ্টানপট্টীত পিতৃ-মাতৃৰ সৈতে ভাৰাঘৰত থাকি ইশ্বৰাতে অধ্যয়ন কৰিছিল৷ ছাত্ৰীগৰাকীয়ে ভূপেন হাজৰিকা, জুবিন গাৰ্গ আৰু অৰিজিত সিঙৰ গীত শুনি ভাল পায়৷

দ্বিতীয় স্থানপ্ৰাপক আদিত্য অনুপমক লৈ মাহমৰাত শোভাযাত্ৰা

‘আমাৰ অসম’ৰ মাহমৰা আৰু সোণাৰিৰ প্ৰতিবেদক: হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ফলাফলত চৰাইদেউ জিলাৰ মাহমৰাৰ আদিত্য অনুপম কোঁৱৰে ৫৯৩ নম্বৰ প্ৰাপ্তিৰে দ্বিতীয় স্থান লাভ কৰি গৌৰৱ কঢ়িয়াই আনিছে৷ সোণাৰিৰ ছেইণ্ট যোচেফ হাইস্কুলৰ পৰা পৰীক্ষাত অৱতীৰ্ণ হোৱা আদিত্য অনুপম কোঁৱৰে অসমীয়াত ৯৮, ইংৰাজীত১০০, গণিতত ৯৭, বিজ্ঞানত ১০০, সমাজ বিজ্ঞানত ৯৮, উচ্ছ গণিতত ১০০ নম্বৰসহ ৯৮.৮৩ শতাংশ নম্বৰ লাভ কৰিছে৷ মাহমৰা কোঁৱৰ গাঁৱৰ বাসিন্দা, কৰ্মসূত্ৰে সোণাৰি ৰজাধাপৰ নিবাসী তথা সোণাৰি মহাবিদ্যালয়ৰ অধ্যাপক মনোৰঞ্জন কোঁৱৰ আৰু পলি গগৈ কোঁৱৰৰ পুত্ৰ আদিত্য অনুপম কোঁৱৰে ৰাজ্যখনৰ ভিতৰতে দ্বিতীয় স্থান লাভ কৰাত মাহমৰাৰ লগতে ছাত্ৰজনে অধ্যয়ন কৰা বিদ্যালয়খনত উৎসৱমুখৰ পৰিৱেশৰ সৃষ্টি হয়৷ বিদ্যালয়ৰ উৎসাহী শিক্ষক-শিক্ষয়িত্ৰী, ছাত্ৰ-ছাত্ৰী আৰু অভিভাৱকসকলে ছাত্ৰজনক লৈ নগৰখনৰ মাজেৰে এক শোভাযাত্ৰাও উলিয়ায়৷ আনহাতে, মেধাৱী ছাত্ৰজনে দ্বিতীয় স্থান আশা কৰা নাছিল যদিও প্ৰথম দহটা স্থানৰ ভিতৰত থাকিব বুলি আশা কৰিছিল৷ ছাত্ৰজনে এই ফলাফলৰ বাবে পিতৃ-মাতৃৰ লগতে বিদ্যালয়ৰ শিক্ষাগুৰু, সোণাৰি মহাবিদ্যালয়ৰ একাংশ শিক্ষাগুৰুৱে সহায়-সহযোগিতা কৰাৰ কথা  স্মৰণ কৰে৷ ভৱিষ্যতে এজন সফল চিকিৎসক হোৱাৰ ইচ্ছা মনত পুহি ৰখাৰ কথাও ব্যক্ত কৰি অনুপমে নগাঁৱৰ ৰামানুজন জুনিয়ৰ কলেজত বিজ্ঞান শাখাত নামভৰ্তি কৰিব বুলি জানিবলৈ দিয়ে৷ আনহাতে, ফলাফল ঘোষণা কৰাৰ পাছতে মেধাৱী ছাত্ৰজনৰ বাসগৃহত উপস্থিত হৈ জিলাখনৰ বিভিন্ন দল-সংগঠন, ব্যক্তিয়ে অভিনন্দন জনায়৷ মাহমৰা সমষ্টিৰ বিধায়ক তথা অসম চৰকাৰৰ কেবিনেট মন্ত্ৰী যোগেন মহন, সোণাৰিৰ বিধায়ক ধৰ্মেশ্বৰ কোঁৱৰ সাংসদ তপন কুমাৰ গগৈ আদিকে ধৰি বিভিন্ন অনুষ্ঠান-প্ৰতিষ্ঠান তথা ব্যক্তিয়ে ছাত্ৰজনক অভিনন্দন জ্ঞাপন কৰিছে৷

শীৰ্ষৰ আঠটা স্থানেৰে উজলিল নলবাৰী, একে স্কুলৰে দুগৰাকী দ্বিতীয় স্থানত

নলবাৰীৰ পৰা চম্পক বৈশ্য (আমাৰ অসম) ঃ সোমবাৰে ঘোষিত হাইস্কুল শিক্ষান্ত পৰীক্ষাত নলবাৰী জিলাৰ মুঠ আঠগৰাকী ছাত্ৰ-ছাত্ৰীয়ে প্ৰথম দহটা স্থানৰ ভিতৰত স্থান দখল কৰিবলৈ সক্ষম হৈছে৷ হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ এনে সফলতাই স্বাভাৱিকতে জিলাখনলৈ গৌৰৱ কঢ়িয়াই আনিছে৷ শিক্ষাৰ নৱ-দ্বীপখ্যাত জিলনখনে এইবেলিও পূৰ্বৰ ধাৰা অক্ষুণ্ণ ৰাখিবলৈ সক্ষম হৈছে৷ ঘোষিত ফলাফল অনুসৰি জিলাখনৰ আনন্দ বিদ্যা নিকেতন নামৰ ব্যক্তিগত খণ্ডৰ শিক্ষানুষ্ঠানখনৰ পৰাই দুগৰাকীকৈ ছাত্ৰীয়ে দ্বিতীয় স্থান লাভ কৰি বিদ্যালয়খনৰ লগতে জিলাখনলৈ সুনাম কঢ়িয়াই আনিছে৷ বিদ্যালয়খনৰ এনে ফলাফলত বৈছে আনন্দৰ বন্যা৷ নলবাৰীৰ খাৰজাৰা (সেউজী নগৰ) নিৱাসী ব্যৱসায়ী গৌৰমণি দেৱনাথ আৰু মুগকুছি এম ই স্কুলৰ সহকাৰী শিক্ষয়িত্ৰী হিৰণ চৌধুৰীৰ কনিষ্ঠ কন্যা লাকী দেৱী চৌধুৰীয়ে ৯৮.৩৩শতাংশ নম্বৰেৰে সৰ্বমুঠ ৫৯৩ নম্বৰ লাভ কৰে৷ সম্প্ৰতি নলবাৰীৰ এখন ব্যক্তিগত খণ্ডৰ শিক্ষানুষ্ঠানত উচ্ছতৰ মাধ্যমিকৰ বিজ্ঞান শাখাৰ ডেম’ ক্লাছ কৰি থকা লাকীয়ে ভৱিষ্যতে এগৰাকী চিকিৎসক হোৱাৰ সপোন পুহি ৰখা বুলি সংবাদ মাধ্যমৰ আগত প্ৰকাশ কৰে৷ পঢ়াৰ ক্ষেত্ৰত নিৰ্দিষ্ট সময়সূচী নাছিল যদিও প্ৰতিদিনে নিয়মীয়াকৈ অধ্যয়ন কৰা বুলি কৃতী ছাত্ৰীগৰাকীয়ে জানিবলৈ দিছে৷ দ্বিতীয় স্থান লাভ কৰিব বুলি নিশ্চিত নাছিল যদিও প্ৰথম দহটা স্থানৰ ভিতৰত স্থান লাভ কৰিব বুলি ভিতৰি ভিতৰি আশা কৰিছিল মেধাৱী ছাত্ৰীগৰাকীয়ে৷ অসমীয়া আৰু সমাজ বিজ্ঞান বিষয়ত বাহিৰে বাকী আটাইকেইটা বিষয়তে তেওঁ ঘৰুৱা শিক্ষকৰ সহায় লৈছিল৷ মেধাৱী ছাত্ৰী গৰাকীয়ে তেওঁৰ এনে কৃতিত্বৰ বাবে পিতৃ-মাতৃৰ লগতে বিদ্যালয়খনৰ শিক্ষাগুৰুসকলৰ অৱদান থকাৰ কথা প্ৰকাশ কৰে৷ তেওঁৰ এনে ফলাফলক লৈ বহুত ভাল লাগিছে বুলি উল্লেখ কৰি তেওঁ কয় যে নিয়মীয়াকৈ মনোযোগসহকাৰে অধ্যয়ন কৰিলে ফলাফল ভাল হ’বই৷ কৃতী ছাত্ৰীগৰাকীয়ে আজৰি সময়ত খেলা-ধূলা আৰু ছবি আঁকি ভাল পায়৷ ৰাজ্য চৰকাৰে শেহতীয়াভাৱে অসমীয়া মাধ্যমৰ বিদ্যালয়সমূহত ষষ্ঠ শ্ৰেণীৰ গণিত আৰু বিজ্ঞান বিষয় দুটা ইংৰাজী মাধ্যম হিচাপে প্ৰৱৰ্তন কৰা পদক্ষেপক ইতিবাচক বুলি মন্তব্য কৰে৷ তেওঁ অসমীয়াত ৯৭, ইংৰাজীত ১০০, সাধাৰণ গণিতত ১০০, সাধাৰণ বিজ্ঞানত ৯৮, সমাজ বিজ্ঞানত ৯৭ আৰু উচ্ছ গণিতত ১০০ নম্বৰ লাভ কৰে৷ ইপিনে, বিদ্যালয়খনৰ আন এগৰাকী কৃতী ছাত্ৰী মনমিতা শৰ্মায়ো সৰ্বমুঠ ৫৯৩ নম্বৰ কৰি ৰাজ্যৰ ভিতৰতে দ্বিতীয় স্থান লাভ কৰিবলৈ সক্ষম হৈছে৷ কৃতী শিক্ষাৰ্থীগৰাকীয়ে অসমীয়াত ৯৭, ইংৰাজী বিষয়ত ১০০, সাধাৰণ বিজ্ঞানত ১০০, সাধাৰণ গণিতত ১০০, সমাজ বিজ্ঞানত ৯৮ আৰু ঐচ্ছি্যক গণিতত ১০০ নম্বৰ লাভ কৰিবলৈ সক্ষম হৈছে৷ অসমীয়া আৰু সমাজ বিজ্ঞান বিষয়ত বাহিৰে বাকী বিষয়সমূহত ঘৰুৱা শিক্ষকৰ সহায় লোৱা মনমিতাই আজৰি সময়ত কবিতা লিখি আৰু উপন্যাস পঢ়ি ভাল পায়৷ কৃতী ছাত্ৰীগৰাকীয়ে তেওঁৰ এই সফলতাৰ আঁৰত পিতৃ-মাতৃ, শিক্ষক-শিক্ষয়িত্ৰীৰ অৰিহণা থকা বুলি দোহাৰে৷ সম্প্ৰতি নলবাৰীতে বিজ্ঞান শাখাত নামভৰ্তি কৰিব বুলি জানিবলৈ দি মনমিতাই ভৱিষ্যতে চিকিৎসক হোৱাৰ আশা মনত পুহি ৰাখিছে বুলিও উল্লেখ কৰে৷ নলবাৰী জিলাৰ হাৰিভাঙা নিৱাসী প্ৰয়াত অমৰ জ্যোতি চৌধুৰী আৰু লিপিকা দেৱীৰ একমাত্ৰ কন্যা মনমিতাই সপ্তম শ্ৰেণীত অধ্যয়ন কৰি থকা সময়ৰ পৰাই নলবাৰী চহৰৰ চ’ক বজাৰৰ মোমায়েকহতঁৰ ঘৰত থাকিয়েই পঢ়া-শুনা কৰিছিল৷ কৃতী ছাত্ৰীগৰাকীয়েও স্থান লাভ কৰিব বুলি নিশ্চিত নাছিল যদিও ভাল নম্বৰ লাভ কৰিব বুলি আশা কৰিছিল৷

তৃতীয় স্থানপ্ৰাপক মৃগাংকৰ মন অধ্যাপক হোৱাৰ

‘আমাৰ অসম’ৰ ঘগ্ৰাপাৰৰ প্ৰতিবেদক: হাইস্কুল শিক্ষান্ত পৰীক্ষাত নলবাৰী জিলাৰ ঘগ্ৰাপাৰ থানাৰ অন্তৰ্গত শংকৰদেব বিদ্যা নিকেতন, বাহাৰঘাটৰ ছাত্ৰ মৃগাংক ভট্টাচাৰ্যই ৰাজ্যৰ ভিতৰত তৃতীয় স্থান লাভ কৰি বিদ্যালয়খনৰ লগতে অঞ্চলটোলৈ গৌৰৱ কঢ়িয়াই আনে৷ বৰখালা নিৱাসী তথা যোগেশ্বৰী দৰ্শন বিদ্যালয়ৰ শিক্ষক দিলীপ কুমাৰ ভট্টাচাৰ্য আৰ নৱনীতা দেৱীৰ কনিষ্ঠ পুত্ৰ মৃগাংকই সৰ্বমুঠ ৫৯২ নম্বৰ লাভ কৰে৷ ভৱিষ্যতে এজন অধ্যাপক হোৱাৰ সপোন দেখা মৃগাংকই ফলাফলকলৈ যথেষ্ট সুখী৷ দৈনিক অধ্যয়নৰ কোনো নিৰ্ধাৰিত সময় নথকা ছাত্ৰজনে ছাত্ৰ-ছাত্ৰীক উদ্দেশ্যি কয় যে নিয়মীয়াকৈ অধ্যায়ন কৰিলে জীৱনত সফলতা অৰ্জন কৰিব পাৰি৷ উল্লেখ্য, বিগত ২০১৪ আৰু ২০১৯ বৰ্ষটো ক্ৰমে সপ্তম আৰু নৱম স্থান পাই গৌৰৱ কঢ়িয়াই আনিছিল৷ আজিও তৃতীয় স্থান পোৱা খবৰে বিদ্যালয়ৰ প্ৰধানাচাৰ্য তিলক চন্দ্ৰ তালুকদাৰকে ধৰি সকলো আচাৰ্য আৰু আচাৰ্য্যাৰ লগতে পৰিচালনা সমিতিৰ সভাপতি মহেশ্বৰ কলিতা আৰু সম্পাদক মহেশ্বৰ ভট্টাচাৰ্যই আনন্দ প্ৰকাশ কৰে৷ প্ৰধানাচাৰ্য তালুকদাৰে কয় যে বিগত ২০০৯ চনৰে পৰা বৰ্তমানলৈ এশ শতাংশই উত্তীৰ্ণ হৈ অঞ্চলত সুনাম দখল কৰি আছে শিক্ষানুষ্ঠানখনে৷ এইবেলিও মুঠ ৫৬জন পৰীক্ষাৰ্থীৰ আটাইকেইজনে উত্তীৰ্ণ হৈ পূৰ্বৰ ধাৰা অক্ষুণ্ণ ৰাখিছে৷ ইয়াৰ ভিতৰত স্থানপ্ৰাপ্ত মৃগাংককে ধৰি মুঠ ষোল্লজনে ডিষ্টিংচন, ১৯ জনে ষ্টাৰ, সাধাৰণভাৱে প্ৰথম বিভাগত ১৬ জন আৰু পাঁচজন দ্বিতীয় বিভাগত উত্তীৰ্ণ হয়৷ আজি ফলাফলৰ পাছতে বিদ্যালয় প্ৰাংগণৰ পৰা স্থানপ্ৰাপ্ত পৰীক্ষাৰ্থীজনক লৈ এক শোভাযাত্ৰা উলিয়ায়৷ ইয়াৰ আগতে বিদ্যালয়ৰ সন্মুখত ফটকা ফুটাই মুখত ৰং সানি ছাত্ৰ-ছাত্ৰীসকলে আনন্দ প্ৰকাশ কৰা দেখা যায়৷

তৃতীয় স্থানত গোলাঘাটৰ ভোলাগুৰিৰ অনিন্দিতা

‘আমাৰ অসম’ৰ নুমলীগড়ৰ প্ৰতিবেদক: সোমবাৰে ঘোষিত হাইস্কুল শিক্ষান্ত পৰীক্ষাত গোলাঘাট জিলাৰ বাদুলিপাৰৰ ব্যক্তিগত খণ্ডৰ অসমীয়া মাধ্যমৰ বিদ্যালয় আদৰ্শ বিদ্যাপীঠ, ভোলাগুৰিৰ অনিন্দিতা বড়াই অসমৰ ভিতৰত তৃতীয় স্থান অধিকাৰ কৰিবলৈ সক্ষম হৈছে৷ তেওঁ বাদুলিপাৰ বুঢ়াগাঁৱৰ শিক্ষক দেৱকান্ত বড়া আৰু ৰূপালী ডেকা বড়াৰ দ্বিতীয় কন্যা৷ ছাত্ৰীগৰাকীয়ে অসমীয়াত ৯৮, ইংৰাজীত ১০০, সাধাৰণ বিজ্ঞানত ৯৭, সমাজ বিজ্ঞানত ১০০, গণিতত ৯৭ আৰু উচ্ছ গণিতত ১০০ নম্বৰসহ ৯৮.৬৭শতাংশ নম্বৰ লাভ কৰিবলৈ সক্ষম হৈছে৷ গ্ৰামাঞ্চলৰ বিদ্যালয়খনৰ এই ফলাফলক লৈ আনন্দমুখৰ হৈ পৰে বিদ্যালয়খনৰ পৰিৱেশ৷ ভৱিষ্যতে ছাত্ৰীগৰাকীয়ে এগৰাকী অভিযন্তা হোৱাৰ আশা পুহি ৰাখিছে বুলি আমাৰ আগত ব্যক্ত কৰে৷ আনহাতে, বিদ্যালয়খনৰ পৰা পৰীক্ষাত অৱতীৰ্ণ হোৱা ৩০জন পৰীক্ষাৰ্থীৰ আটাইকেইজনেই প্ৰথম বিভাগত উত্তীৰ্ণ হৈছে৷ ইয়াৰে জ্ঝজনে ডিষ্টিংচন আৰু ১০জনে ষ্টাৰ নম্বৰ লাভ কৰিছে৷

অষ্টম স্থানত গহপুৰৰ সাৰাংগণা আৰু পাৰ্থপ্ৰতিম

‘আমাৰ অসম’ৰ গহপুৰৰ প্ৰতিবেদক: হাইস্কুল শিক্ষান্ত পৰীক্ষাত গহপুৰ মহকুমাৰ লগতে জিলাখনলৈ অষ্টম স্থান দখলেৰে সুনাম কঢ়িয়াই আনিছে গহপুৰ টাউন স্কুলৰ ছাত্ৰী শাৰাংগণা ভূঁঞা আৰু বৰঙাবাৰী মৰ্ণিং ষ্টাৰ হাইস্কুলৰ ছাত্ৰ পাৰ্থপ্ৰতিম ভূঁঞাই৷ উল্লেখ্য যে, ২০০৭ চনতে গহপুৰ নগৰৰ মাজমজিয়াত প্ৰতিষ্ঠা লাভ কৰা ‘গহপুৰ টাউন স্কুলৰ’ অধ্যক্ষ বকুল ফুকন, উপাধ্যক্ষ পিণ্টু গগৈ আৰু সকলো শিক্ষক-শিক্ষয়িত্ৰীৰ প্ৰচেষ্টাৰ ফলত গহপুৰলৈ গৌৰৱ কঢ়িয়াই অনা শাৰাংগণাই মুঠ ৫৮৭ নম্বৰ লাভ কৰে৷ তেওঁ ইংৰাজীত ১০০, উচ্ছ গণিতত১০০, বিজ্ঞানত ১০০, গণিতত ১০০, সমাজ বিজ্ঞানত ৯৮ আৰু অসমীয়াত ৮৯ নম্বৰ লাভ কৰিছে৷ শাৰাংগণা কলাবাৰী কলিতা গাঁৱৰ মনমোহন ভূঁঞা আৰু ৰাণী কাকতীৰ জীয়ৰী৷ আনহাতে যাদৱ চলিহাৰ পৰিচালন সঞ্চালনাৰে পৰিচালিত বৰঙাবাৰী মৰ্ণিং ষ্টাৰ হাইস্কুলৰ  ছাত্ৰ পাৰ্থপ্ৰতিম ভূঁঞাই মুঠ ৫৮৭ নম্বৰ লাভেৰে অষ্টম স্থান দখল কৰিছে৷ ভূঁঞাই ইংৰাজীত ৯৮, উচ্ছ গণিতত ১০০, গণিতত ১০০, সমাজ বিজ্ঞানত ৯৭, বিজ্ঞানত ১০০, অসমীয়াত ৯২ নম্বৰ লাভ কৰে৷ পাৰ্থপ্ৰতিম ছয়দুৱাৰ মহাবিদ্যালয়ৰ উপাধ্যক্ষ পদ্মেশ্বৰ ভূঁঞা আৰু অধ্যাপিকা ৰীতামণি বৰাৰ পুত্ৰ৷ উল্লেখ্য যে, মৰ্ণিং ষ্টাৰ হাইস্কুলৰ পৰা আজিৰ তাৰিখলৈ চাৰিগৰাকী মেধাবী ছাত্ৰ-ছাত্ৰীয়ে অসমৰ ভিতৰত স্থান দখল কৰি বিদ্যালয়খনৰ সুনাম অক্ষুণ্ণ ৰাখিবলৈ সক্ষম হৈছে৷