Logo
image

বাতবিষৰ সমস্যাত এইবোৰ সাৱধানতা লওক

খোজ কঢ়াটো স্বাস্থ্যৰ বাবে উপকাৰী৷ কিন্তু বাতবিষৰ সমস্যা থাকিলে খোজ কঢ়াটো অতি যন্ত্ৰণাদায়ক হয়৷ আৰ্থাৰাইটিছ বা বাতবিষৰ সমস্যা থাকিলে বেগাই খোজকঢ়া অথবা লাহে লাহে খোজকঢ়াটো যেনেদৰে ভাল নহয়, তেনেকৈ খোলা-বমা পথত খোজকঢ়াটোও বিপদজনক৷ ইয়াৰ বাবে আনকি ককাঁলৰ সমস্যা হ’ব পাৰে৷ চিকিৎসকসকলৰ মতে বাতবিষ বা গাঁঠিৰ বিষ থাকিলে কিছুমান নিৰ্দিষ্ট ছন্দেৰে খোজ কাঢ়িব লাগে৷ প্ৰথমতে উল্লেখ কৰা হ’ল বাতবিষ কিয় হয়–
বিভিন্ন হাড়ৰৰ সংযোগস্থল অৰ্থাৎ অস্থিসন্ধি ক্ষতিগ্ৰস্ত হ’লে বাতবিষ হয়৷ এই সমস্যা হোৱাৰ লগে লগে প্ৰচণ্ড বিষৰ উপৰি চলা-ফুৰা কৰাটো সমস্যা হৈ পৰে৷ হাড়ৰ অস্থিসন্ধিত কাৰ্টিলেজ নামৰ এবিধ উপাদান থাকে৷ কাৰ্টিলেজৰ ক্ৰমাগত ক্ষয়ৰ লগে লগে বাতবিষ হ’বলৈ আৰম্ভ কৰে৷ চিকিৎসা শাস্ত্ৰৰ মতে বাতবিষ বহুধৰণৰ আছে৷ কিন্তু ভাৰতত হোৱা বাতবিষৰ অধিকাংশই অস্থিঅ’আৰ্থাৰাইটিছ৷ অস্থিসন্ধিৰ কাৰ্টিলেজত ক্ষতি হোৱাৰ লগে লগে এইবিধ বাতবিষ আৰম্ভ হয়৷
অৱশ্যে আধুনিক চিকিৎসা শাস্ত্ৰমতে বাতবিষ থাকিলেও নিৰ্দিষ্ট ছন্দত খোজ কাঢ়িলে সমস্যা নহয়৷ বাতবিষৰ সমস্যা থাকিলে খোজকঢ়াৰ ক্ষেত্ৰত এইকেইটা নিয়ম মানি চলক–
(১) বেগাই খোজ নাকাঢ়িব৷ প্ৰথমে ৱাৰ্মআপ কৰি লওক৷ ইয়াৰ পাছত লাহে লাহে খোজকঢ়া আৰম্ভ কৰক৷ মনত ৰাখিব, খোজকঢ়াৰ সময়ত যাতে ভৰিৰ অস্থিসন্ধিত অতিৰিক্ত চাপ নপৰে৷
(২) চেণ্ডেল পিন্ধি খোজকঢ়াৰ চেষ্টা নকৰিব৷ দৌৰা, শৰীৰ চৰ্চা কৰা অথবা খোজকঢ়াৰ বাবে বজাৰত এবিধ বিশেষ জোতা পোৱা যায়৷ তেনে জোতা পিন্ধিহে খোজ কাঢ়ক৷
(৩) খোজ কাঢ়ি ভাল লাগে বুলি বেছি সময় খোজ কাঢ়িলে বাতবিষৰ সমস্যা বাঢ়িব পাৰে৷ গতিকে খোজকঢ়াৰ বাবে এটা নিৰ্দিষ্ট সময় কৰি লওক৷ সেই সময়তকৈ অধিক খোজকঢ়াৰ চেষ্টা নকৰিব৷
(৪) খোলা-বমা পথত মুঠেই খোজ নাকাঢ়িব৷ সমতল পথ, য’ত আঁঠু বা ভৰিৰ ওপৰত হেঁচা নপৰে তেনে ঠাইত খোজ কাঢ়ক৷
(৫) কোনো কাৰণত যদি বাতবিষ বৃদ্ধি পায় চিকিৎসকৰ পৰামৰ্শ লওক৷ খোজকঢ়াৰ বাবে বিষ বাঢ়িছে বুলি, বিশ্ৰাম ল’লে ভাল হ’ব তেনে ধাৰণাৰ পৰা আঁতৰি থাকক৷