Logo
image

অষ্ট্ৰেলিয়াত টীম ইণ্ডিয়াৰ বীৰত্ব

অষ্ট্ৰেলিয়া ক্ৰিকেট দলৰ বাবে ব্ৰীছবেন আছিল দুৰ্গস্বৰূপ৷ ১৯৮৮ চনৰ পাছত এই স্থানত অষ্ট্ৰেলিয়া দলটো কোনো টেষ্টত পৰাস্ত হোৱা নাছিল৷ কিন্তু ব্ৰীছবেনত মঙলবাৰে ব’ৰ্ডাৰ-গাভাস্কাৰ ট্ৰফী শৃংখলাৰ অন্তিমখন টেষ্টত বিৰাট কোহলিবিহীন ভাৰতীয় দলে অষ্ট্ৰেলিয়াক তিনি উইকেটত পৰাস্ত কৰাৰ লগতে ক্ৰমাগত দ্বিতীয়বাৰ অষ্ট্ৰেলিয়াত টেষ্ট শৃংখলা জয়ৰ কৃতিত্ব লাভ কৰিলে৷ ২০১৮-১৯ বৰ্ষৰ অষ্ট্ৰেলিয়া ভ্ৰমণতো চাৰিখন টেষ্টৰ শৃংখলাত ভাৰত ২-১ ব্যৱধানত জয়ী হৈছিল৷ সেইবাৰ অষ্ট্ৰেলিয়াত টেষ্ট শৃংখলা জয় কৰা এছিয়াৰ প্ৰথমখন দেশ হিচাপে পৰিগণিত হৈছিল ভাৰত৷ এইবাৰ অৱশ্যে পৰিৱেশ ভাৰতীয় দলৰ অনুকূল নাছিল৷ এডিলেইডৰ প্ৰথম টেষ্টত মাত্ৰ ৩৬ ৰানতে প্ৰথম ইনিংছ সামৰা ভাৰত পৰাস্ত হৈছিল আঠ উইকেটত৷ ভাৰতীয় বেটছমেনৰ এই বিপৰ্যয়লৈ চাই পৰৱৰ্তী টেষ্টকেইখনত যে দলটোৱে এইদৰে প্ৰত্যাৱৰ্তন কৰিব পাৰিব, বহুতেই হয়তো সেই ধাৰণা কৰিব পৰা নাছিল৷ তাৰ অন্যতম কাৰণটো আছিল নিয়মিত অধিনায়ক বিৰাট কোহলি পিতৃত্বকালীন ছুটী লৈ প্ৰথম টেষ্টৰ পাছত স্বদেশলৈ উভতিছিল৷ আনহাতে, আঘাতৰ বাবে অভিজ্ঞ পেচ বলাৰ মহম্মদ ছামিও শৃংখলাৰ পৰা বাহিৰ হৈছিল৷ কিন্তু এডিলেইড টেষ্টৰ শোচনীয় পৰাজয়ৰ গ্লানি মেলব’ৰ্নত সুতে-মূলে পৰিশোধ কৰিছিল বিৰাট কোহলিবিহীন টীম ইণ্ডিয়াই৷ দ্বিতীয় টেষ্টত অষ্ট্ৰেলিয়াক সকলো বিভাগতে বিধবস্ত কৰি আঠ উইকেটত জয়ী হৈ চাৰিখন টেষ্টৰ শৃংখলাত সমতা স্থাপন [১-১] কৰিছিল দলটোৱে৷ এই জয়ৰ পাছত অধিনায়ক হিচাপে ৰাহানে অধিকাৰী হৈছিল এক অনন্য কৃতিত্বৰ৷ সেই সময়লৈ তিনিখন টেষ্টত ৰাহানেই ভাৰতীয় দলক নেতৃত্ব দিয়াৰ সুযোগ পাইছিল আৰু আটাইকেইখনতে ভাৰত জয়ী হৈছে৷ এই কৃতিত্ব অৰ্জন কৰা তেওঁ হৈছে দ্বিতীয়জন ভাৰতীয় অধিনায়ক৷ তাৰ পাছত অসাধাৰণ ধৈৰ্যশক্তিৰে প্ৰায় তিনি ঘণ্টা ক্ৰীজত থাকি ছিডনীৰ তৃতীয় টেষ্টত ভাৰতৰ পৰাজয় ৰোধ কৰিছিল হানুমা বিহাৰী আৰু ৰবিচন্দ্ৰন অশ্বিনে৷ তৃতীয় টেষ্টৰ পাছত আঘাতৰ সমস্যাই ভাৰতীয় দলক এনেদৰে ভাৰাক্ৰান্ত কৰি তুলিছিল যে অন্তিম টেষ্টৰ বাবে মূল একাদশ নিৰ্বাচন কৰাটোৱে টীম মেনেজমেণ্টৰ বাবে ডাঙৰ সমস্যা হৈ পৰিছিল৷ মহম্মদ ছামি, উমেশ যাদৱ আৰু যশপ্ৰীত বুমৰাৰ দৰে অভিজ্ঞ বলাৰৰ অনুপস্থিতিত মূল দলত স্থান দিয়া হৈছিল শ্বাৰ্দুল ঠাকুৰ আৰু টি নটৰাজনক৷  আনহাতে,  অলৰাউণ্ডাৰ ৰবীন্দ্ৰ জাদেজাৰ স্থানত সুযোগ পাইছিল ৱাশ্বিংটন সুন্দৰে৷ নিৰ্বাচকৰ আস্থাৰ মান ৰাখি এইসকল খেলুৱৈয়ে ব’ৰ্ডাৰ-গাভাস্কাৰ ট্ৰফী টেষ্ট শৃংখলা জয় কৰাত ল’লে গুৰুত্বপূৰ্ণ ভূমিকা৷ অষ্ট্ৰেলিয়া, ইংলেণ্ডৰ দৰে দেশৰ বাউন্স থকা আৰু পেচ বলাৰৰ সহায়ক উইকেটত ভাৰতীয় ক্ৰিকেটাৰ দুৰ্বল বুলি দীৰ্ঘদিন শুনি অহা অপবাদো যেন মোচন কৰিবলৈ সক্ষম হ’ল যুৱ ক্ৰিকেটাৰৰ সমাহাৰ ঘটা টীম ইণ্ডিয়াই৷ বিশ্বৰ অন্যতম শ্ৰেষ্ঠ পেচ আক্ৰমণৰ যোগ্য প্ৰত্যুত্তৰ দি ঋষভ পণ্টে পাঁচটা ইনিংছত সংগ্ৰহ কৰিলে ২৭৪ ৰান, যিটো হৈছে শৃংখলাৰ তৃতীয় সৰ্বাধিক৷ তেনেদৰে ছটা ইনিংছত ২৫৯ ৰান আহিছিল অ’পেনাৰ শুভমন গীলৰ বেটৰ পৰা৷ তেনেদৰে শ্বাৰ্দুল ঠাকুৰ আৰু কেৰিয়াৰৰ প্ৰথমখন টেষ্ট খেলা ৱাশ্বিংটন সুন্দৰৰ প্ৰদৰ্শনো আছিল উৎসাহজনক৷ অন্তিম টেষ্টত সুযোগ পোৱা শ্বাৰ্দুল আৰু সুন্দৰে ভাৰতৰ প্ৰথম ইনিংছত কঠিন পৰিস্থিতিত সপ্তম উইকেটত ১২৩ ৰান যোগ দি দলক সন্মানজনক স্থিতিত উপনীত কৰাইছিল৷ ব্ৰীছবেনত শ্বাৰ্দুলে সাতটা উইকেট লাভ কৰাৰ লগতে সংগ্ৰহ কৰিছিল ৬৯ ৰানো৷ তেনেদৰে সুন্দৰৰো বৰঙণি আছিল চাৰিটা উইকেট আৰু ৮৪ ৰান৷ অষ্ট্ৰেলিয়াত থকা সময়তে পিতৃ বিয়োগ হোৱা মহম্মদ ছিৰাজৰ বিষয়ে উল্লেখ নকৰিলেও ভুল কৰা হ’ব৷ তিনিখন টেষ্টত ছিৰাজে দখল কৰিছে ১৩টা উইকেট, যিটো হৈছে শৃংখলাৰ তৃতীয় সৰ্বাধিক৷ আনহাতে, নেট বলাৰ হিচাপে অষ্ট্ৰেলিয়ালৈ যোৱাৰ সুযোগ পোৱা টি নটৰাজনেও অন্তিম টেষ্টত অভিষেক ঘটাই দখল কৰিছিল তিনিটা উইকেট৷

ক’ভিড বিধি উলংঘাৰ অভিযোগ, বৰ্ণ-বিদ্বেষ আৰু আঘাতৰ সমস্যাৰ পাছত ভাৰতীয় দলৰ এই প্ৰদৰ্শন উচ্ছ প্ৰশংসিত হৈছে৷ অষ্ট্ৰেলিয়াত দলটোৰ এই প্ৰদৰ্শনে প্ৰমাণ কৰিলে টীম ইণ্ডিয়াৰ ৰিজাৰ্ভ বেঞ্চ কিমান শক্তিশালী৷ কৰ’না ভাইৰাছৰ বাবে দীৰ্ঘ সময় ক্ৰিকেটৰ গতিবিধি স্থবিৰ হৈ থকাৰ পাছত অজিংক্য ৰাহানে আৰু তেওঁৰ ব্ৰিগেডৰ এই প্ৰদৰ্শনে ভাৰতীয় ক্ৰিকেটলৈ কঢ়িয়াইছে নতুন সম্ভাৱনা৷ চাৰিখন টেষ্ট, পাঁচখন টুৱেণ্টী২০ আৰু তিনিখন এদিনীয়াৰ সূচী লৈ অহা মাহত ইংলেণ্ড আহিব ভাৰত ভ্ৰমণলৈ৷ অষ্ট্ৰেলিয়াত ভাৰতীয় দলে দেখুওৱা প্ৰদৰ্শনৰ পাছত এতিয়া ইংলেণ্ডৰ পৰাও নিশ্চয় দলটোৱে সমীহ আদায় কৰিবলৈ সক্ষম হ’ব৷ দীৰ্ঘ সময় ধৰি আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেট কাউঞ্চিলৰ টেষ্ট ৰেংকিঙৰ শীৰ্ষস্থানত আছিল ভাৰত৷ অষ্ট্ৰেলিয়াক তেওঁলোকৰ ভূমিত পৰাস্ত কৰি টীম ইণ্ডিয়াই আকৌ এবাৰ প্ৰমাণ কৰিলে যে সাম্প্ৰতিক সময়ত টেষ্ট ক্ৰিকেটত দলটো হৈছে অন্যতম শ্ৰেষ্ঠ৷