Logo
image

এই নিৰ্বাচন আঞ্চলিক স্বাৰ্থ, অস্তিত্বৰ অগ্নিপৰীক্ষা

আজি এটা নতুন আঞ্চলিক দল প্ৰতিষ্ঠা কৰাৰ মানসেৰে এই অভিৱৰ্তন অনুষ্ঠিত কৰা হৈছে৷ ইয়াৰ উদ্যোক্তাসকল মোৰ পৰিচিত৷ আজি প্ৰায় চাৰি-পাঁচ দশক ধৰি অসমৰ আঞ্চলিক স্বাৰ্থৰ হকে তেওঁলোকে যুঁজি আহিছে, মাত মাতি আহিছে৷ সেয়ে এটা আঞ্চলিক দলে ৰাইজৰ আস্থা হেৰুৱা সময়ত নতুন আপোচহীন লক্ষ্যৰে নতুন দল গঠিত হোৱা স্বাভাৱিক৷ এনেদৰে ইতিমধ্যে দুটা দল গঠিত হৈছে৷ আৰু এটা দলৰ কিবা প্ৰয়োজন আছিল নেকি, সেই প্ৰশ্ন স্বাভাৱিকতে ৰাইজৰ মনত উদয় হ’ব৷

মনত ৰখা ভাল যে এই দলবোৰ ঘৃণনীয় ‘কা’ আইনখনৰ বিৰুদ্ধে অসমজুৰি হোৱা সংগ্ৰামৰ থলীৰ পৰা ওলাই আহিছে৷ সেই আন্দোলনত বিভিন্ন আঞ্চলিক শক্তিয়ে আত্মপ্ৰকাশ কৰিছিল যদিও তেওঁলোক আনুষ্ঠানিকভাৱে এক হোৱা নাছিল আৰু ধাৰাবাহিকভাৱে একেলগে কাম কৰাও নাছিল৷ সেয়ে আন্দোলনৰ যোগেদি তেওঁলোক ঐক্যবদ্ধ নহ’ল আৰু এটা ঐক্যবদ্ধ মঞ্চৰো গঠন নহ’ল৷

ইতিমধ্যে নিৰ্বাচন আহি পালে৷ আটায়ে উপলব্ধি কৰিছে এই নিৰ্বাচনতে হ’ব অসমৰ আঞ্চলিক স্বাৰ্থ আৰু অস্তিত্বৰ অগ্নিপৰীক্ষা৷ বিজেপি দলে ধন-ক্ষমতাৰ লোভেৰে বিভিন্ন জনগোষ্ঠীয় সংগঠনক হাত কৰি এটা সংকটময় পৰিস্থিতিৰ জন্ম দিছে৷ অৰ্থাৎ অসমৰ সুকীয়া অস্তিত্ব, সাংস্কৃতিক পৰম্পৰা, আৰু ৰাজনৈতিক স্বাৰ্থ ৰক্ষা কৰিবলৈ ৰাজ্যখনৰ মুঠ জনসংখ্যাৰ এটা অংশহে আগবাঢ়ি আহিব৷ এই মানুহখিনি একগোট কৰি ৰখাতেই বিৰোধীৰ ৰাজনীতিৰ সাফল্য নিৰ্ভৰ কৰিব৷ কেনেবাকৈ ভোট ভাগ হ’লেই সেই সুৰুঙাৰে বিজেপি দলে সৰকি আহিব৷ এই কথা প্ৰতিটো বিৰোধী দলেই মনত ৰাখিব লাগিব৷

‘কা’বিৰোধী আন্দোলনত জড়িত হৈ থকা সময়তে বিৰোধীসকলে বিজেপিৰ চৰিত্ৰৰ বিষয়ে এটা ধাৰণা কৰিব পাৰিছিল৷ অসমৰ ৰাইজৰ সকলো দুৰ্বাৰ আৰু বিৰামহীন প্ৰতিবাদ, বিক্ষোভ উৰাই দি, সংসদত তীব্ৰ বেগে আলোচনাহীন পৰিৱেশ সৃষ্টি কৰি, মাজনিশা এই আইন গ্ৰহণ কৰা হৈছিল৷ আৰু তাৰ প্ৰতিক্ৰিয়াত অসমৰ চহৰে-নগৰে হাজাৰ-বিজাৰ জনতা ক্ষোভত উত্তাল হৈ হিলদল ভাঙি ৰাজপথত আগুৱাই গৈছিল আৰু পেঁপুৱা লগা মুখ্যমন্ত্ৰীয়ে কাতৰ কণ্ঠে ওৰে নিশা ৰাইজক শান্ত হ’বলৈ, ঘৰলৈ উভতি যাবলৈ অনুৰোধ কৰিছিল বাৰে বাৰে৷ জনতা তেনে আশ্বাসবাণীত সমূলি নিৰ্বিকাৰ হৈ আছিল৷ অৱশেষত পুলিচৰ গুলীচালনাত পাঁচজনকৈ যুৱক শ্বহীদ হৈছিল৷ জনগণৰ প্ৰতি চৰম অৱজ্ঞাৰ আন কি লক্ষণ দাঙি ধৰিব লাগে৷

আন্দোলন কিছু শান্ত হোৱাৰ পিছতো চৰকাৰে আন্দোলনকাৰীক ৰেহাই নিদি নানা গোচৰত অপৰাধী সজাইছে৷ অখিল গগৈ আৰু আন কোনো কোনোজনক মিছাকৈ মাওবাদী সজাই এবছৰে বন্দী কৰি ৰাখি অসমৰ জনগণৰ পৰা দূৰৈত ৰাখিছে৷ ইয়াতকৈ অসমবিৰোধী, স্বৈৰতন্ত্ৰী আচৰণ কিবা হ’ব পাৰেনে?

এই কথা কাৰো অবিদিত নহয় যে চৰকাৰৰ কোনো দুষ্কাৰ্য, কোনো ব্যৰ্থতাৰ প্ৰতিবাদ মাত্ৰেই ‘দেশদ্ৰোহী’ বা ‘ৰাষ্ট্ৰদ্ৰোহী’ অপৰাধ গণ্য হ’ব পাৰে এতিয়া, আৰু তাৰ শাস্তিও অমানুষিক৷ ফলত লেখকৰ কলম সংকুচিত, সাংবাদিকৰ কণ্ঠ সতৰ্ক, সৰ্বসাধাৰণে মুকলিকৈ মনৰ ভাব ব্যক্ত কৰিবলৈ ভয় কৰা পৰিৱেশ৷

ইতিমধ্যে দল তথা চৰকাৰটোৰ প্ৰকৃত চৰিত্ৰ সম্পৰ্কে এবছৰ আগলৈকে অসমৰ ৰাইজৰ এটা তিক্ত অভিজ্ঞতা হৈছিলেই৷ কৰ্মসংস্থান, মূল্যবৃদ্ধি ৰোধ, ৰাজ্যৰ ৰাষ্ট্ৰীয় খণ্ড বাহিৰৰ বেপাৰীক গতাই দিয়াৰ তৎপৰতা, কোনো ক্ষেত্ৰত চৰকাৰৰ সাফল্য চকুত নপৰিল৷ আনকি দুৰ্নীতিৰ বিৰুদ্ধে প্ৰচণ্ড তৰ্জন-গৰ্জন কৰা দলটোৰ চৰকাৰ ক্ৰমে কদৰ্য দুৰ্নীতিৰ গৰাহত সোমাই গৈছে৷ অবৈধ ধন সংগ্ৰহ বাদেই, চৰকাৰী বিভাগে পতা চাকৰিৰ পৰীক্ষাও দুৰ্নীতিৰ পংকত ডুব গৈছে৷ তাৎপৰ্যপূৰ্ণ যে তদন্তৰ দৃষ্টি ওপৰৰ স্তৰলৈ যোৱাই নাই৷ এনে পৰীক্ষাত দলৰ সমৰ্থকৰ পাছদুৱাৰেদি সহায় কৰাৰ সন্দেহজনক প্ৰমাণো উজনি অসমৰ এখন ঠাইত উদ্‌ঘাটিত হৈছে৷ অপৰাধী ৰাজনৈতিক অনুগ্ৰহত সাৰি যোৱাৰ উদাহৰণ দেখি অপৰাধীবিলাক উৎসাহিত হৈছে৷ অসম নালাগে, সমগ্ৰ ভাৰততে অপৰাধৰ সংখ্যা আৰু নৃশংসতা বৃদ্ধি হৈছে৷ বিশেষ বিশেষ সম্প্ৰদায়ৰ বিৰুদ্ধে ঘটা হিংসাত্মক অপৰাধৰ পৰা বহু অপৰাধী বিনাকষ্টে বা সামান্য ক্ষতিৰে সাৰি অহা দেখি সাধাৰণ শান্তিপ্ৰিয় নাগৰিক শিহৰিত আৰু অপৰাধী উৎসাহিত হৈছে৷ এক কৃত্ৰিম উত্তেজনাত জনগণক সততে মগ্ন কৰি ৰাখি দেশৰ দুৰ্দশা পাহৰাই ৰখা হৈছে৷

ইয়াৰ পৰা মুক্তিৰ বাবে মুকলি আকাশৰ তলত নিশ্চিতমনে উশাহ ল’ব পৰা পৰিৱেশৰ বাবে, বিজেপিক বাধা দিয়াটো সচেতন দেশপ্ৰেমিক নাগৰিকৰ প্ৰথম আৰু প্ৰধান কৰ্তব্য৷ মই নিশ্চিত যে প্ৰস্তাৱিত নতুন দলটোৰ উদ্যোক্তাসকলৰ এই বিষয়ে কোনো দ্বিধা নাই৷ সেয়ে এই লক্ষ্যৰ বাবে জনসজাগতা সঞ্চাৰ কৰিবলৈ তেওঁলোকে নিশ্চয় দ্বিধা নকৰিব৷

এইক্ষেত্ৰত এ আই ইউ ডি এফ দলটোক এঘৰীয়া কৰি মুশ্লিম ভোট নিশকতীয়া কৰিবলৈ, গণতন্ত্ৰবাদীসকলৰ মনত বিভ্ৰান্তি আৰু বেমেজালি সৃষ্টি কৰিবলৈ এক কৌশল কৰা হৈছে৷ যদি বিৰোধীসকলে শত্ৰুৰ আক্ৰমণত বিব্ৰত হৈ সেই কৌশলী প্ৰচাৰত সমৰ্থন দিয়ে বা নীৰৱ হৈ থাকে, সি তেওঁলোকৰ ভয়ংকৰ অদূৰদৰ্শিতা প্ৰতিপন্ন কৰিব৷ বদৰুদ্দিন আজমলৰ দাড়ি আৰু টুপি দেখিয়েই যদি তেওঁৰ বিষয়ে কিবা অদ্ভুত গুজব হজম কৰা হয়, তেন্তে ই দেখদেখকৈ অন্যায় হ’ব৷ তেওঁ মৌলানা কিন্তু কোনো সাধু-সন্ত বুলি নিজকে সাব্যস্ত কৰা নাই৷ তেওঁ কিছুমান মুশ্লিম মানুহে নেতা বুলি মনা ব্যক্তি৷ তেওঁৰ বিষয়ে আমাৰ কিবা-কিবি আপত্তি থাকিব পাৰে, কিন্তু তেওঁক দেশদ্ৰোহী ষড়যন্ত্ৰকাৰী আৰু মুশ্লিম আধিপত্যবাদী সজোৱা নিজেই এক কুটিল ষড়যন্ত্ৰ৷ কোনো আঞ্চলিক বা জাতীয়তাবাদী দলে গোটে গোটে এনে প্ৰচাৰ গিলাটো উক্ত দলৰ ৰাজনৈতিক সাধুতা অথবা পৰিপক্বতাৰ লক্ষণ হ’ব নোৱাৰে৷ নতুন দলে এনে বিষাক্ত অপপ্ৰচাৰৰ সজোৰে বিৰোধিতা কৰিব লাগিব৷ আমি মুশ্লিমৰ হৈ একপক্ষীয়ভাৱে কাম কৰাৰ পক্ষপাতী নহয়, কিন্তু সকলো সাধাৰণ শান্তিপ্ৰিয় নাগৰিকৰ লগতে মুশ্লিম নাগৰিকৰো নিৰাপত্তা বিচাৰোঁ৷

জনসাধাৰণক দেশৰ আসন্ন সংকটৰ পৰা পৰিত্ৰাণ কৰিবলৈ জনসাধাৰণক এইক্ষেত্ৰত ঐক্যবদ্ধ কৰিব লাগিব৷ তাৰ বাবে সকলো বিৰোধী দল, শক্তি ঐক্যবদ্ধ হ’ব লাগিব৷ ইয়াৰ গত্যন্তৰ নাই৷ আশা কৰোঁ আজি গঠিত হ’ব লগা দলে এইক্ষেত্ৰত গুৰুত্বপূৰ্ণ ভূমিকা ল’ব৷ তাৰ জন্মলগ্নত মোৰ শুভেচ্ছা থাকিল৷

[আঞ্চলিক গণ মৰ্চাৰ গুৱাহাটীত অনুষ্ঠিত ৰাজনৈতিক অভিৱৰ্তনৰ উদ্বোধনী ভাষণ]