Logo
image

অমিত শ্বাহৰ আহ্বান মানি লুট কৰি নিয়া অস্ত্ৰ ওভতালে দুৰ্বৃত্তই

‘আমাৰ অসম’, ৩ জুনঃ কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহৰ আহ্বানৰ প্ৰতি সঁহাৰি জনাই মণিপুৰৰ একাংশ লোকে তেওঁলোকে গোষ্ঠী সংঘৰ্ষৰ সময়ত নিৰাপত্তাৰক্ষীৰ পৰা লুট কৰি নিয়া আগ্নেয়াস্ত্ৰ সমৰ্পণ কৰিছে৷ মণিপুৰৰ বিভিন্ন স্থানত শুকুৰবাৰে ১৪০ টাৰো অধিক আগ্নেয়াস্ত্ৰ প্ৰশাসনৰ ওচৰত চমজাই দিছে ৰাজ্যখনৰ বাসিন্দাই৷ কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে  চাৰিদিনীয়া ভ্ৰমণসূচী লৈ মণিপুৰলৈ আহি পৰিস্থিতি চম্ভালিবলৈ চেষ্টা কৰে৷ বৃহস্পতিবাৰে কেন্দ্ৰীয় গৃহমন্ত্ৰীজনে দুবৃৰ্ত্তই লুট কৰি নিয়া অস্ত্ৰ ঘূৰাই দিবৰ বাবে আহ্বান জনাইছিল৷ ইয়াৰ পূৰ্বে কেন্দ্ৰীয় গৃহমন্ত্ৰীয়ে ৰাজ্যৰ বিভিন্ন দল-সংগঠন আৰু একাধিক প্ৰভাৱশালী ব্যক্তি তথা বুদ্ধিজীৱীৰ সৈতে বহু কেইখন বৈঠক অনুষ্ঠিত কৰি মণিপুৰৰ গোষ্ঠীগত সমস্যা সমাধান কৰাৰ বাবে কেন্দ্ৰীয় চৰকাৰৰ সদিচ্ছাৰ কথা জনাইছিল৷ আনকি তেওঁ অহা পোন্ধৰ দিনৰ ভিতৰত ৰাজ্যখনৰ গোষ্ঠীগত সমস্যাৰ ৰাজনৈতিক সমাধান কৰিব বুলিও ঘোষণা কৰিছিল৷ এই চাৰিদিনীয়া ভ্ৰমণৰ একেবাৰে শেষত তেওঁ লুটি নিয়া অস্ত্ৰ ঘূৰাই দিয়াৰ আহ্বান জনাইছিল৷ গৃহমন্ত্ৰীৰ সেই আহ৩ানে যথেষ্ট ক্ৰিয়া কৰা বুলি  ধাৰণা কৰা হৈছে৷ কিয়নো শুকুৰবাৰে পুৱাই বিভিন্ন ব্যক্তিয়ে মুঠতে ১৪০ বিধ আগ্নেয়াস্ত্ৰ প্ৰশাসনৰ ওচৰত ওভতাই দিয়ে৷ এনেদৰে ওভতাই দিয়া অস্ত্ৰৰ ভিতৰত আছে ছেলফ লডিং ৰাইফল, কাৰ্বাইন, এ কে ছিৰিজৰ ৰাইফল, ইনছাছ ৰাইফল, লাইট মেচিনগান, এম-১৬ অত্যাধুনিক ৰাইফল, স্ম’ক গান, ইয়েৰ গেছ গান, ষ্টেনগান আৰু গ্ৰেণেড লঞ্চাৰ৷ যোৱা ৩ মে’ৰ পৰা আৰম্ভ হোৱা গোষ্ঠীগত সংঘৰ্ষৰ সময়ত সশস্ত্ৰ কুকি বিদ্ৰোহীয়ে চৰকাৰী নিৰাপত্তা বাহিনীৰ পৰা এই অস্ত্ৰ-শস্ত্ৰ লুট কৰি নিছিল৷ সেই অস্ত্ৰ-শস্ত্ৰৰেই কুকি বিদ্ৰোহীয়ে মেইটেই জনগোষ্ঠীৰ ওপৰত আক্ৰমণ চলাইছিল৷ প্ৰশাসনে জনোৱা অনুসৰি চৰকাৰী বাহিনীৰ পৰা লুটি নিয়া অস্ত্ৰ-শস্ত্ৰৰ শুকুৰবাৰে ঘূৰাই দিয়া সংখ্যা কিয়দংশহে, সিংহভাগ অস্ত্ৰ-শস্ত্ৰ এতিয়াও ঘূৰাই দিয়া নাই৷ বহুসংখ্যক বিদ্ৰোহীয়ে লুটি নিয়া অস্ত্ৰ-শস্ত্ৰ লৈ সীমান্ত পাৰ হৈ ম্যানমাৰত প্ৰৱেশ কৰা বুলি সন্দেহ কৰা হৈছে৷ ইতিমধ্যে যোৱা দেওবাৰৰ পৰা সেনাবাহিনীয়ে তেনে দুবৃৰ্ত্ত আৰু বিদ্ৰোহীৰ বিৰুদ্ধে চলোৱা অভিযানত প্ৰথম দুদিনতে ৪০ বিদ্ৰোহী নিহত হৈছিল৷ মঙলবাৰেও এজন আৰক্ষীসহ নিহত হৈছিল ৫ জন দুবৃৰ্ত্ত কিম্বা বিদ্ৰোহী৷ আনহাতে চৰকাৰী পৰিসংখ্যা অনুসৰি এমাহজুৰি অব্যাহত থকা গোষ্ঠী সংঘৰ্ষত প্ৰায় ৯০ জন লোকৰ মৃত্যু হৈছিল৷ অৱশ্যে বেচৰকাৰী তথ্য অনুসৰি সামগ্ৰিকভাৱে নিহতৰ সংখ্যা ৪ শতাধিক৷ চৰকাৰে কৰ্ণাটকৰ নিৰ্বাচনৰ সময়ত নিহতৰ সংখ্যা লুকুৱাই ৰাখিছিল৷ তদুপৰি সমগ্ৰ ৰাজ্যত সংঘৰ্ষৰ সময়ত ইণ্টাৰনেট সেৱা কৰ্তন কৰি ৰখাৰ বাবে নিহতৰ সংখ্যা কোনেও কাকো জনাব পৰা নাছিল৷ সেই সুযোগতে চৰকাৰে নিহতৰ তথ্য লুকুওৱা বুলি মুকলি অভিযোগ উঠিছে৷