Logo
image

‘অসমৰ গৌৰৱ’ অৰ্ণৱ গোস্বামী আৰু সাংবাদিকতাৰ দুঃসময়

যোৱা কুৰি বছৰ ধৰি অকল আমাৰ দেশত নহয়– বিদেশতো অৰ্ণৱ গোস্বামীয়ে এজন বিশেষভাৱে পৰিচিত প্ৰতিভাৱান সাংবাদিক হিচাপে খ্যাতি অৰ্জন কৰিবলৈ সক্ষম হৈছিল৷ অসম সন্তান অৰ্ণৱ গোস্বামীক লৈ অসমবাসীয়েও গৌৰৱবোধ কৰিছিল৷ কিন্তু ধন, ক্ষমতা আৰু প্ৰভাৱ বিস্তাৰ কৰাৰ লোভত বন্দী হৈ সেই অৰ্ণৱ গোস্বামীয়ে দেশৰ সাংবাদিকতাৰ জগতখনক কলুষিত কৰিব বুলি কোনেও আশা কৰা নাছিল৷ ৰিপাব্লিক টিভি আৰু ৰিপাব্লিক ভাৰত নামৰ দুটা জনপ্ৰিয় চেনেলৰ মালিক [মুখ্য সম্পাদকো] হৈ অৰ্ণৱ গোস্বামী টিআৰপি কেলেংকাৰিত জড়িত হৈ পৰাৰ পাছত স্বাভাৱিকতে দেশৰ চিন্তাশীল, সচেতন লোকসকলৰ দৃষ্টিত অৰ্ণৱ গোস্বামীৰ ভাৱমূৰ্তি সলনি হৈছে৷ বহু বিশিষ্ট ব্যক্তিয়ে এতিয়া অৰ্ণৱ গোস্বামীক ‘সন্ত্ৰাসবাদী সাংবাদিক’ বুলি ক’বলৈ আৰম্ভ কৰাই নহয়, তেওঁক টিভি চেনেলৰ বাতৰি তৈয়াৰ কৰা ‘কাৰখানা’ বুলিও ঠাট্টা কৰিবলৈ আৰম্ভ কৰিছে৷ অৰ্ণৱ গোস্বামীয়ে স্ব-স্বাৰ্থ পূৰণৰ বাবে সাংবাদিকতাৰ নীতি ভংগ কৰিছে৷ ৰিপাব্লিক টিভি চেনেলৰ ব্যৱস্থাপনাৰ ঠিকা কৰা এজনে প্ৰাপ্য পৰিশোধ নকৰাৰ বাবে আত্মহত্যা কৰা গোচৰটো মহাৰাষ্ট্ৰৰ নতুন চৰকাৰে নতুনকৈ আৰম্ভ কৰি সেই গোচৰত অৰ্ণৱ গোস্বামীক গ্ৰেপ্তাৰ কৰিছিল৷ কেন্দ্ৰীয় চৰকাৰৰ কেইজনমান মন্ত্ৰী আৰু বিজেপিৰ নেতা-কৰ্মীয়ে অৰ্ণৱ গোস্বামীৰ গ্ৰেপ্তাৰৰ প্ৰতিবাদ কৰাৰ বাহিৰে বিশেষভাৱে সাংবাদিকসকলক প্ৰতিবাদত চামিল হোৱা দেখা নগ’ল৷ তাৰ পাছতো মহাৰাষ্ট্ৰৰ মুখ্যমন্ত্ৰী উদ্ধৱ থাকৰে, গৃহমন্ত্ৰী অনিল দেশমুখক নামকাঢ়ি ধমক দিয়াই নহয়, সমগ্ৰ দেশ তেওঁৰ লগত থকাৰ দাবী কৰিছিল অৰ্ণৱ গোস্বামীয়ে৷ মহাৰাষ্ট্ৰ আৰক্ষীয়ে দাখিল কৰা অভিযোগনামাত সন্নিৱিষ্ট ৫১০ পৃষ্ঠাৰ [অৰ্ণৱ গোস্বামীয়ে ‘বাৰ্ক’ৰ চি ই অ’ পাৰ্থ দাশগুপ্তলৈ প্ৰেৰণ কৰা] হোৱাট্‌ছএপ বাৰ্তাসমূহ আৰু দাশগুপ্তই দিয়া উত্তৰৰ ভয়ানক অধ্যায় এটা পোহৰলৈ আহিছে৷ সেই হোৱাট্‌ছএপ মেছেজসমূহৰ জৰিয়তে দেশৰ নিৰাপত্তা বিঘ্নিত হ’ব পৰা বহু ভয়ংকৰ তথ্যও পোহৰলৈ আহিছে৷ পুলুৱামাত সন্ত্ৰাসবাদীৰ আক্ৰমণত চি আৰ পি এফৰ ৪০জন জোৱান নিহত হোৱা ঘটনাটো সংঘটিত হৈছিল ২০১৯ চনৰ ১৪ ফেব্ৰুৱাৰীৰ আবেলি ৩.১৫ বজাত৷ একেদিনাই আবেলি ৩.১৯ বজাত দাশগুপ্তলৈ ‘আমিয়েই অৰ্থাৎ ৰিপাব্লিক টিভিয়েই এই ঘটনাসমূহ লগে লগে প্ৰত্যক্ষ কৰা একমাত্ৰ চেনেল’ বুলি দাবী কৰি মেছেজ প্ৰেৰণ কৰিছিল অৰ্ণৱ গোস্বামীয়ে৷ একেদিনাই ‘আমি জয়ী হ’লো’ বুলিও বাৰ্তা প্ৰেৰণ কৰিছিল গোস্বামীয়ে৷ ছাৰ্জিকেল ষ্টাইকৰ কথা যিদৰে গোস্বামীয়ে আগতে জানিছিল, জম্মু-কাশ্মীৰৰ পৰা সংবিধানৰ ৩৭০ অনুচ্ছেদ বাতিল কৰা নতুন আইনৰ দ্বাৰা জম্মুক ৰাজ্যৰ মৰ্যাদা দি কাশ্মীৰ আৰু লাডাখক কেন্দ্ৰীয়শাসিত অঞ্চল কৰা আইনখন সংসদত কেতিয়া উত্থাপন কৰা হ’ব– সেই কথাও আগতীয়াকৈ জানিছিল গোস্বামীয়ে৷ দেশৰ নিৰাপত্তা বিঘ্নিত কৰিব পৰা আৰু একমাত্ৰ সামৰিক কতৃৰ্পক্ষই জানিব পৰা, মোদী মন্ত্ৰীসভাৰ আন মন্ত্ৰীয়েও নজনা তথ্যবোৰ অৰ্ণৱ গোস্বামীয়ে পালে ক’ৰ পৰা? এইবোৰ কথাই কেন্দ্ৰীয় চৰকাৰকো বিপদত পেলাব৷ পৃথিৱীৰ যিকেইখন দেশত এতিয়াও গণতন্ত্ৰ জীয়াই আছে, সেইবোৰ দেশত হ’লে ইতিমধ্যেই অৰ্ণৱ গোস্বামী গ্ৰেপ্তাৰ হ’লহেঁতেন৷

প্ৰচলিত গণতন্ত্ৰত সংবাদ মাধ্যম গণতন্ত্ৰৰ চতুৰ্থ স্তম্ভ হিচাপে সমাদৃত৷ আমাৰ দেশতো সংবাদ মাধ্যমৰ স্বাধীনতা বহুলাংশে হ্ৰাস পাইছে৷ সাংবাদিক চৰকাৰবিৰোধী হ’বই লাগিব বুলি কোনো কথা নাই৷ কিন্তু সাংবাদিক আৰু সংবাদ মাধ্যম দেশ আৰু দেশৰ জনতাৰ প্ৰতিহে বিশেষভাৱে দায়বদ্ধ হ’ব লাগে৷ ২০১৯ চনৰ লোকসভা নিৰ্বাচনত বিজেপি নেতৃত্বাধীন মৰ্চাক ক্ষমতাত আসীন কৰাবৰ বাবে অৰ্ণৱ গোস্বামীয়ে চেষ্টা কৰিছিল আৰু সাংবাদিকতাৰ লক্ষ্মণ ৰেখা অতিক্ৰম কৰি নিজকে ৰাজনীতিৰ লগত একাকাৰ কৰিছিল৷ এই সম্পৰ্কে সন্দেহৰ অৱকাশ নাই৷ অৱশ্যে বৰ্তমানৰ কেন্দ্ৰীয় চৰকাৰ যিহেতু অৰ্ণৱ গোস্বামী আৰু ৰিপাব্লিক টিভিক ৰক্ষণাবেক্ষণ দিয়াৰ বাবে দায়বদ্ধ– গতিকে অৰ্ণৱ গোস্বামীৰ হয়তো বিশেষ একো শাস্তি নহ’ব৷ এই হোৱাট্‌ছএপ মেছেজবোৰৰ কথা অৰ্ণৱ গোস্বামীয়ে ইতিমধ্যে স্বীকাৰ কৰিছে৷ এই অপৰাধ বুলি গণ্য হ’ব পৰা বিষয়বোৰৰ যদি তদন্ত নহয় আৰু একো বিচাৰ নহয়– তেতিয়াহ’লেও অনেক লোকে সংবাদ সেৱাৰ প্ৰতি আস্থা হেৰুৱাবলৈ আৰম্ভ কৰিব৷ নিজকে ক্ষতিগ্ৰস্ত কৰি হ’লেও প্ৰত্যাহ্বানৰ মুখামুখি হৈ বহু সাংবাদিকেই নিষ্ঠাৰে সংবাদসেৱা কৰি আহিছে৷ দেশৰ এনে জটিল প্ৰেক্ষাপটত, আইন-আদালত আৰু অনুষ্ঠান-প্ৰতিষ্ঠানবোৰে গৰিমা হেৰুওৱাৰ এই দুৰ্দিনৰ সময়ত দেশৰ অধিক সংখ্যক লোকেই এতিয়াও সংবাদ সেৱা আৰু সাংবাদিককে ভৰসা বুলি জ্ঞান কৰে৷ এই সাংবাদিক আৰু সংবাদ জগতখনেই গণতন্ত্ৰক সুৰক্ষিত কৰিবলৈ নিশ্চয় চেষ্টা অব্যাহত ৰাখিব৷ 

এদিন অসমৰ মানুহে ‘অসমৰ গৌৰৱ’ বুলি জ্ঞান কৰা অৰ্ণৱ গোস্বামীলৈ মোৰ দৰে সাধাৰণ মানুহৰো পুতৌ উপজিছে৷ অৰ্ণৱৰ দেউতাক কৰ্নেল মনোৰঞ্জন গোস্বামী মোৰ পঞ্চাছ বছৰৰ ‘দাদা’৷ যদিও এবাৰ বিজেপিৰ পৰা গুৱাহাটী লোকসভাৰ নিৰ্বাচন খেলিছিল, তথাপিতো তেখেত এজন লেখক আৰু ‘ভাল মানুহেই’ আছিল৷ বৰদেউতাক দীনেশ গোস্বামীক [এসময়ৰ কেন্দ্ৰীয় মন্ত্ৰী] সকলোৱেই জানে৷ ককাদেউতাক খ্যাতিমান উকীল৷ মাকৰ ফালৰ আতাক গৌৰীশংকৰ ভট্টাচাৰ্যৰ সান্নিধ্য সৰুকালত লাভ কৰা অৰ্ণৱ গোস্বামী এতিয়াও প্ৰখ্যাত আৰু ‘ডাঙৰ’ সাংবাদিকেই৷ কিন্তু এই মেধাৱী মানুহজনৰ ধন আৰু নাম-যশৰ বাবে ‘বিক্ৰী’ যোৱা আৰু চৰকাৰৰ পৃষ্ঠপোষকতাত ওভতগোৰে নচা অপকৰ্মৰ বাবেই তেওঁ মান-সন্মান হেৰুওৱাৰ অৱস্থা হৈছে৷ এয়া সাংবাদিকতা আৰু অসমৰ বাবেও একধৰণৰ ক্ষতিয়েই৷ তেওঁ আমাৰ বাবে আদৰ্শ হ’ব লাগিছিল– এতিয়া সেই বিশ্বাস তেওঁ নিজেই ভংগ কৰিলে৷ সেইবাবেই ক’ব পাৰি– বৰ্তমানৰ সময় আমাৰ সকলোৰে বাবে দুঃসময়, সাংবাদিকতাৰো দুঃসময়৷ ক্ষমতাৰ বাবে সকলো বিক্ৰী কৰিব পৰা ৰাজনীতিয়েও আমাৰ বহুতক বেয়া হ’বলৈ উচটাইছে৷ শেষ ৰক্ষা কৰিব লাগিব ভাল সাংবাদিকসকলে৷