Logo
image

মোদী আমেৰিকালৈ যোৱাৰ পূৰ্বেই মল্লযোদ্ধাক সৈমান কৰোৱাৰ চেষ্টা

‘আমাৰ অসম’, ৭ জুনঃ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে অহা ২১-২৪ জুনত আমেৰিকা ভ্ৰমণলৈ যোৱাৰ পূৰ্বেই ৭ গৰাকী মহিলা মল্লযোদ্ধাৰ যৌন নিৰ্যাতনৰ বিষয়টোৰ সমাধান হোৱা আৰু ক্ষোভ প্ৰশমিত হোৱাতো বিচাৰিছে কেন্দ্ৰীয় চৰকাৰে৷ স্থায়ী সমাধান হওক বা নহওক, অন্ততঃ বিশ্বখ্যাত মল্লযোদ্ধাসকল প্ৰতিবাদৰ পৰা আঁতৰি থকাটো কামনা কৰিছে মোদী চৰকাৰে৷ তাৰ ফলশ্ৰুতিতেই কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে প্ৰতিবাদী মল্লযোদ্ধাৰ সৈতে বৈঠক অনুষ্ঠিত কৰে৷ এই বৈঠক ফলপ্ৰসূ নহ’লেও সেয়া সমস্যা সমাধান তথা পৰিস্থিতি সাময়িকভাৱে শান্ত হৈ থকাৰ ক্ষেত্ৰত প্ৰথম পদক্ষেপ বুলি অভিহিত কৰা হৈছে৷ প্ৰায় একে সময়তে কেন্দ্ৰীয়   ক্ৰীড়া মন্ত্ৰী অনুৰাগ ঠাকুৰেও একেই উদ্দেশ্য লৈ প্ৰতিবাদী মল্লযোদ্ধাৰ সৈতে বৈঠক অনুষ্ঠিত কৰে৷ অৱশ্যে সেই বৈঠকতো কোনো সমাধানসূত্ৰ ওলোৱা নাই৷ কিন্তু ৰেছলিং ফেডাৰেশ্বনৰ সভাপতি তথা বিজেপিৰ সাংসদ ব্ৰীজভূষণ চাৰণ সিঙৰ বিৰুদ্ধে উত্থাপিত অভিযোগ আৰু ৰুজু হোৱা এজাহাৰৰ ক্ষেত্ৰত তাৎক্ষণিকভাৱে অভিযোগনামা দাখিল কৰাতো বিচাৰিছে কেন্দ্ৰীয় চৰকাৰে৷ অন্ততঃ প্ৰদানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ ২১-২৪ জুনৰ আমেৰিকা ভ্ৰমণ আৰু মাৰ্কিন ৰাষ্ট্ৰপতি জো বাইডেনক মোদীয়ে সাক্ষাৎ কৰাৰ পূৰ্বে তেনে এক পদক্ষেপৰ বাবে কেন্দ্ৰীয় চৰকাৰে জোৰদাৰ প্ৰস্তুতি চলাইছে৷ কিয়নো এনেধৰণৰ বিষয়ত চৰকাৰীভাৱে আমেৰিকা অতিশয় সংবেদনশীল৷ তদুপৰি যিকেইগৰাকী মল্লযোদ্ধাই যৌন নিৰ্যাতনৰ বিৰুদ্ধে মাহজুৰি প্ৰতিবাদ অব্যাহত ৰাখিছে, তাৰ প্ৰত্যেকগৰাকীয়েই আন্তৰ্জাতিক খ্যাতিসম্পন্ন ক্ৰীড়াবিদ৷ অলিম্পিকৰ পদকবিজয়ী সাক্ষী মালিক, বজৰং পুনিয়া, এছিয়াডৰ পদকবিজয়ী ৱিনেশ ফোগাটৰ উপৰি কমনৱেল্‌থ গেম্‌ছৰ পদক বিজয়ী মল্লযোদ্ধায়ো যৌন নিৰ্যাতনৰ অভিযোগত প্ৰতিবাদ কৰি আছে৷ আনহাতে, মল্লযোদ্ধাসকলক শাৰীৰিকভাৱে বল প্ৰয়োগ কৰি দিল্লী আৰক্ষীয়ে প্ৰতিবাদস্থলীৰ পৰা উৎখাত কৰাৰ ঘটনাত ক্ষুব্ধ হৈ ইতিমধ্যে আন্তঃৰাষ্ট্ৰীয় অলিম্পিক এছ’চিয়েশ্বনে কঠোৰ ভাষাৰে নিন্দা কৰিছে আৰু ভাৰতীয় আইনৰ আধাৰত মল্লযোদ্ধাসকলৰ অভিযোগ সমাধানৰ আহ্বান জনাইছে৷ এনে পৰিপ্ৰেক্ষিতত আন্তৰ্জাতিক খ্যাতিসম্পন্ন মল্লযোদ্ধাসকলৰ যৌন নিৰ্যাতনৰ বিষয়টো প্ৰধানমন্ত্ৰী মোদীৰ বাবে আমেৰিকা ভ্ৰমণকালত অস্বস্তিকৰ হৈ পৰিব পাৰে৷ সেই উদ্দেশ্যেই মোদী চৰকাৰে বিষয়টোৰ সমাধানৰ বাবে পদক্ষেপ গ্ৰহণ ৰা বুলি প্ৰতীয়মান কৰাৰ বাবেই তাৎক্ষণিকভাৱে কেতবোৰ কাৰ্যপন্থা গ্ৰহণৰ দিশে আগবাঢ়িছে৷ অন্ততঃ মাৰ্কিন ৰাষ্ট্ৰপতিৰ ৰাষ্ট্ৰীয় অতিথি হিচাপে যাবলগীয়া প্ৰধানমন্ত্ৰী মোদী যাতে এই বিষয়ক লৈ আমেৰিকাত অস্বস্তিকৰ পৰিস্থিতিৰ মুখত পৰিবলগীয়া নহয় সেয়ে মল্লযোদ্ধাসকলৰ ক্ষোভ প্ৰশমনৰ চেষ্টা চলোৱা হৈছে৷ আনহাতে, বিশ্বখ্যাত মল্লযোদ্ধাৰ অতি দীঘলীয়া প্ৰতিবাদত বিজেপি দলৰ ভিতৰতো অস্বস্তিকৰ পৰিস্থিতিৰ সৃষ্টি হৈছে৷ কিয়নো অভিযুক্ত ব্ৰীজভূষণ ৬ বাৰৰ লোকসভাৰ সাংসদ, যি বিগত ৫ বাৰ বিজেপিৰ প্ৰাৰ্থী হিচাপে বিজয়ী হৈ আহিছে৷ অথচ বিজেপি নেতৃত্বাধীন চৰকাৰখনে অভিযুক্তৰ বিৰুদ্ধে কোনো ব্যৱস্থা লোৱা নাই আৰু স্পৰ্শকাতৰ বিষয়টোৰ প্ৰতি দীৰ্ঘদিন উদাসীন হৈ আছে৷ আনকি বিজেপিৰ সাংসদ মানেকা গান্ধী, প্ৰীতম মুণ্ডে, হিছাৰৰ সাংসদ ব্ৰীজেন্দ্ৰ সিঙে ৰাজহুৱাকৈ প্ৰতিবাদকাৰী মল্লযোদ্ধাক সমৰ্থন জনাইছে৷ এনে একাধিক কাৰণত এতিয়া কেন্দ্ৰীয় চৰকাৰে মোদীৰ আমেৰিকা ভ্ৰমণৰ পূৰ্বে পৰিস্থিতি স্বাভাৱিক কৰিবলৈ উঠিপৰি লাগিছে৷ মঙলবাৰে দিল্লী আৰক্ষীয়ে ব্ৰীজভূষণ চাৰণ সিঙৰ উত্তৰ প্ৰদেশৰ বাসভৱনত ১২জন ব্যক্তিক জেৰা কৰে৷ তাৰ ভিতৰত ব্ৰীজভূষণ আছিল নে নাই সেয়া দিল্লী আৰক্ষীয়ে প্ৰকাশ কৰা নাই৷ কিন্তু ইয়াৰ ভিতৰত ব্ৰীজভূষণৰ সপক্ষে মাত মাতি থকা ব্যক্তিও আছে৷ এই পৰ্যন্ত দিল্লী আৰক্ষীয়ে মুঠতে ১৩৭ জনৰ সাক্ষ্য গ্ৰহণ কৰিছে৷ তদুপৰি ‘কড অব ক্ৰিমিনেল প্ৰচিডিঅ’ৰ’ৰ ১৬৪ অনুচ্ছেদৰ অধীনত মঙলবাৰে দণ্ডাধীশৰ উপস্থিতিত যৌন নিগ্ৰহৰ বলি হোৱা একাংশ মল্লযোদ্ধাৰো সাক্ষ্য গ্ৰহণ কৰা হৈছে৷ এই সাক্ষ্য আদালতত প্ৰমাণ হিচাপে বিবেচিত হ’ব৷