Logo
image

বিদ্যুৎ বিল বৃদ্ধি কিয়? বিভ্ৰান্ত মন্ত্ৰী নন্দিতাও

‘আমাৰ অসম’, ৯ জুনঃ অভাৱনীয় বিদ্যুৎ বিল বৃদ্ধিক লৈ উত্তাল ৰাজ্য৷ কি উজনি কি নামনি, কি ব্ৰহ্মপুত্ৰ উপত্যকা কি বৰাক উপত্যকা অভাৱনীয় বিদ্যুৎ মাচুল বৃদ্ধিৰ বিৰুদ্ধে হাহাকাৰ লাগিছে চৌদিশে৷ তাৰ মাজতে বিদ্যুৎ বিল বৃদ্ধি প্ৰসংগক লৈ বিভ্ৰান্তিৰ সৃষ্টি হৈছে৷ বিভ্ৰান্ত খোদ শক্তিমন্ত্ৰী নন্দিতা গাৰ্লোচা৷ বিদ্যুৎ মাচুল বৃদ্ধি প্ৰসংগত মন্ত্ৰী-বিধায়ক তথা বিধানসভাৰ অধ্যক্ষৰ মন্তব্যই যেন জ্বলা জুইত ঘিঁউহে ঢালিছে৷  বিভিন্ন দল-সংগঠনে ৰাজ্যৰ বিভিন্ন ঠাইত বিদ্যুৎ মাচুল বৃদ্ধিৰ বিৰুদ্ধে উত্তাল প্ৰতিবাদ সাব্যস্ত কৰিছে৷ তাৰ পাছতো নিজৰ মতত নাচোৰবান্দা মন্ত্ৰী-বিধায়ক৷ আনকি মুখ্যমন্ত্ৰীয়েও বিদ্যুৎ মাচুল বৃদ্ধিৰ কথা অস্বীকাৰ কৰি বিদ্যুতৰ অত্যধিক ব্যৱহাৰৰ বাবেহে বিদ্যুৎ বিল বঢ়া বুলি কয়৷ বৃহস্পতিবাৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কয়– ভাৰতৰ সকলো ঠাইতে বিদ্যুতৰ নাটনি হৈছে যদিও গুৱাহাটী বা আন ঠাইত লোডশ্বেডিং হোৱা নাই৷ কিন্তু বিদ্যুৎ বিল নিৰ্ভৰ কৰিব আমি কিমান বিদ্যুৎ ব্যৱহাৰ কৰিছোঁ, তাৰ ওপৰত৷ ঘৰে ঘৰে ৪টা ৰূমত ৪টা এচি চলালে বিদ্যুৎ বিল আহিবই৷ বিদ্যুতৰ দাম কোনেও বঢ়োৱা নাই৷ দাম একেটা হৈ আছে৷ ইউনিটত মাত্ৰ ৩০ পইচা বাঢ়িছে বিদ্যুৎ মাচুল৷ যোৱা মাহত বিদ্যুৎ বিল ২৫পইচা কমিছিল৷ বাকী ৰাজ্যৰ তুলনাত যিমান লোডশ্বেডিং হ’ব লাগিছিল হোৱা নাই৷ বিদ্যুৎ বিল বৃদ্ধিৰ কথা অস্বীকাৰ কৰিছে শক্তিমন্ত্ৰী নন্দিতা গাৰ্লোচায়ো৷ তেওঁ কয়–  গ্ৰাহকে যিমান বিদ্যুৎ ব্যৱহাৰ কৰিছে সিমানেই বিল আহিছে৷ স্মাৰ্টমিটাৰ সকলোবোৰ ঠিকে আছে৷ বিদ্যুৎ বিল একে আছে৷ ইফালে, সঘনাই বিদ্যুৎ কৰ্তন সন্দৰ্ভত অদ্ভূত যুক্তি দাঙি ধৰি তেওঁ কয়– অত্যধিক তাপমাত্ৰা বৃদ্ধিৰ ফলত ঠায়ে ঠায়ে বিদ্যুতৰ কেবল নষ্ট হৈছে৷ সেই কেবল মেৰামতি কৰিবলৈ ক’ৰবাত ক’ৰবাত বিদ্যুৎ কৰ্তন কৰিবলগীয়া হৈছে৷ কিন্তু এনে বক্তব্যৰ কিছুসময় পাছতেই তেওঁ কয় বিদ্যুৎ যোগানৰ বাবে যিসমূহ স্মাৰ্টমিটাৰ লগোৱা হৈছে তাৰে কিছুসংখ্যকৰ বিসংগতি আছে৷ বিসংগতি থকা স্মাৰ্ট মিটাৰ যোগান ধৰা ঠিকাদাৰৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰা হ’ব৷ অৰ্থাৎ শক্তিমন্ত্ৰী গাৰ্লোচাৰ নিজৰ মন্তব্যতে বিভ্ৰান্তি স্পষ্ট হৈ পৰিছে৷ ইফালে, বিদ্যুৎ মাচুল বৃদ্ধিক লৈ সাংস্কৃতিক কৰ্মী গৰিমা গাৰ্গেও ফেচবুকত এটা পোষ্ট দিছিল৷ গৰিমা গাৰ্গৰ পোষ্টৰ পাছতে বিষয়টো চৰ্চালৈ আহে বিদ্যুৎ মাচুল বৃদ্ধিৰ বিষয়টো৷ গৰিমা গাৰ্গে ফেচবুকত উল্লেখ কৰে– ‘যোৱা মাহত ১০,৫০০ টকা, এই মাহত প্ৰথম ৫ দিনত ২,০০০ টকা মানে মাহৰ শেষলৈ ১২ হাজাৰ টকা৷ বহেমিয়ানৰ ঘৰ বুলি দুটা কোঠাত বেছিভাগ সময় লাইট, ফেনো বন্ধ থাকে৷ আমাৰ ওচৰত ডাঙৰ গছো নাই৷’ এই বিশেষ প’ষ্টৰ পাছত বিদ্যুৎ বিভাগে এটা স্পষ্টীকৰণ পোষ্ট কৰে গৰিমা গাৰ্গৰ  প’ষ্টত৷ স্পষ্টীকৰণটোত কোৱা হয়– ‘হেল্লো মেডাম, আমি আমাৰ ৰেকৰ্ড পৰীক্ষা কৰিছোঁ আৰু লক্ষ্য কৰিছোঁ যে আপোনাৰ এপ্ৰিল মাহৰ প্ৰিপেইড বিলৰ পৰিমাণ আছিল ৬,০৯৮ টকা আৰু মে’ মাহৰ প্ৰিপেইড বিলৰ পৰিমাণ আছিল ৬,৪৫৯ টকা৷ অৱশ্যে, আপুনি এপ্ৰিলত কোনো ৰিচাৰ্জ কৰা নাছিল, সেয়েহে মে’ মাহত আপুনি দুমাহৰ বাবে ৰিচাৰ্জ কৰিবলগীয়া হৈছিল৷ বিদ্যুৎ বিভাগৰ এনে স্পষ্টীকৰণৰ পাছত গৰিমা গাৰ্গে ৰিচাৰ্জৰ সবিশেষ তথ্য দাখিল কৰি পুনৰ এটা পোষ্ট কৰে৷ প’ষ্টটোত তেওঁ কয়– কিছুমান কথা ভিত্তিহীনভাৱে এনেই কোৱা নাযায়৷ ৩০০ টকাৰ ‘বেলেন্স’ দেখি ৰাতি ২ বজাত ৰিচাৰ্জ কৰিছিলোঁ৷ ৮ জুন তাৰিখ উল্লেখ কৰা আছে৷ এতিয়া ১৫ ঘণ্টাত বাকী কিমান আছেগৈ সেয়াও স্পষ্ট হৈ আছে৷ আৰু ৰিচাৰ্জ নাথাকিলে দেখোন তৎক্ষণাত লাইন কাটি দিয়ে৷ আমাৰো প্ৰিপেইড কানেকশ্বনৰ জ্ঞান নথকাৰ বাবে বিহু অনুষ্ঠান চলি থকাৰ মাজত সেই অভিজ্ঞতা হৈছে৷ একো নাই বাৰু, এটা কথাই বুজিলোঁ যে আমাৰ সুবিধা-অসুবিধা বা সমস্যাৰ কথা ইয়াৰ পাছত আৰু নোকোৱাই বা নজনোৱাই ভাল৷’ গৰিমা গাৰ্গৰ এনে প’ষ্টে স্পষ্ট কৰে যে বিদ্যুৎ মাচুল বৃদ্ধিক লৈ চৰকাৰখনেই বিভ্ৰান্তিৰ সৃষ্টি কৰিলেও বিদ্যুৎ মাচুল বৃদ্ধি হোৱাটো সঁচা৷ কোৱা নিষ্প্ৰয়োজন যে গৰিমা গাৰ্গে কোৱাৰ ধৰণে কোনো লোকৰ প্ৰিপেইড কানেকচনত ধন জমা নাথাকিলে লগে লগে কাটি দিয়া হয় সংযোগ৷