Logo
image

জোঁটবন্ধনৰ ৰাজনীতি

ভাৰতৰ ৰাজনীতিত ৮০ দশকৰ শেষৰ পৰা ৯০ দশকৰ সময়ছোৱাত এনে এক পৰিস্থিতি বিৰাজ কৰিছিল যে দেশৰ জনসাধাৰণে কোনো এটা দলকে বিশ্বাসত ল’ব পৰা নাছিল৷ সেয়ে সেই সময়ছোৱাৰ ৰাজনীতি অতি অস্থিৰ হৈ পৰিছিল৷ ৰাজীৱ গান্ধীৰ হত্যাৰ পাছত ১৯৮০-৯০ চনত ৩৪৩ দিনৰ বাবে বিশ্বনাথ প্ৰতাপ সিং, ১৯৯০-৯১ চনত ২২৩ দিনৰ বাবে চন্দ্ৰ শেখৰ প্ৰধানমন্ত্ৰী থকাৰ পাছত পি ভি নৰসিংহ ৰাৱে প্ৰায় পাঁচ বছৰ জোঁটবন্ধনৰ জৰিয়তে যুক্ত ফ্ৰণ্ট গঠন কৰি শাসন কৰিছিল৷ ইয়াৰ পাছতে ১৯৯৬ চনৰ একাদশ লোকসভাত বিজেপিয়ে ১৬৯খন আসন লাভ কৰাৰ বিপৰীতে কংগ্ৰেছে পাইছিল ১৪০খন আসন৷ সেই সময়ত অসম গণ পৰিষদৰ দৰে আঞ্চলিক দলেও পাঁচখনকৈ আসন লাভ কৰিছিল৷ বৃহৎ দল হিচাপে বিজেপিৰ অটল বিহাৰী বাজপেয়ী ১৬ দিনৰ কাৰণে প্ৰধানমন্ত্ৰী হৈছিল৷ সেই সময়ত এনে পৰিস্থিতি হৈছিল যে চিপিআই[এম]ৰ জ্যোতি বসু প্ৰধানমন্ত্ৰী হোৱাৰ উপক্ৰম হৈছিল যদিও দলৰ পৰা সেউজ সংকেত নোপোৱাত জ্যোতি বসুৱে সেয়া দলৰ ঐতিহাসিক ভুল বুলিও কৈছিল৷ যি হওক এনে পৰিস্থিতিত ৩২৪ দিনৰ বাবে এইচ ডি দেৱেগৌড়া, ৩৩২ দিনৰ বাবে আই কে গুজৰাল প্ৰধানমন্ত্ৰীৰ আসনত বহিছিল৷ এনে অস্থিৰ ৰাজনৈতিক বাতাৱৰণত দেশৰ আন কাম পিছপৰিবলৈ ধৰে৷ দ্বাদশ লোকসভাতো এনে পৰিস্থিতি হ’ল যে বিজেপিয়ে ১৮২খন আসন আৰু কংগ্ৰেছে ১৪২খন আসন পালে৷ এইবাৰ অটল বিহাৰী বাজপেয়ী ১৯৯৮ চনৰ ১৯ মাৰ্চৰ পৰা ১৯৯৯ চনৰ ১০ অক্টোবৰলৈ এবছৰ সাত মাহৰ বাবে প্ৰধানমন্ত্ৰী হ’ল৷ এনে পৰিস্থিতিত দলবোৰৰ বাবে জোঁটবন্ধনৰ কোনো বিকল্প নাছিল, বিজেপিয়ে সৰ্বাধিক ২৫টালৈকে দল লৈ ৰাষ্ট্ৰীয় গণতান্ত্ৰিক মৰ্চা [NDA] গঠন কৰাৰ বিপৰীতে কংগ্ৰেছে সংযুক্ত প্ৰগতিশীল মৰ্চা [UPA] গঠন কৰি নিৰ্বাচনী ৰণকৌশল যুগুত কৰাত গুৰুত্ব দিলে আৰু এনে ব্যৱস্থাৰ বাবে ত্ৰয়োদশ লোকসভাত বিজেপিয়ে দ্বাদশ লোকসভাতকৈ দুখন আসন কম পোৱাৰ পাছতো বাজপেয়ীয়ে পাঁচ বছৰ প্ৰধানমন্ত্ৰী হৈ থাকিবলৈ সক্ষম হয়৷ ইয়াৰ পাছত চতুৰ্দশ লোকসভা নিৰ্বাচনতো কংগ্ৰেছে মাত্ৰ ১৪১খন আসন পায়ে মনমোহন সিঙক প্ৰধানমন্ত্ৰী আসনত বহুৱাব পাৰিছিল৷ য’ত বিজেপিৰ আসনৰ সংখ্যা কমিছিল ১৩০লৈ৷ সেইদৰে জোঁটবন্ধনৰ জৰিয়তে কংগ্ৰেছে দহ বছৰ শাসন কৰাৰ পাছত ২০১৪ চনত বিজেপি ৰাষ্ট্ৰীয় গণতান্ত্ৰিক মৰ্চাৰ জৰিয়তে এক শক্তিশালী স্থিতি পোৱাই নহয়, বিজেপিয়ে একক সংখ্যাগৰিষ্ঠতা পোৱাৰ পাছতো মিত্ৰদলৰ লগত চৰকাৰ পৰিচালনা কৰি আহিছে৷ এই প্ৰসংগসমূহ এইবাবেই আহিছে যে আৰু মাত্ৰ দুমাহৰ পাছতে অসম বিধানসভাৰ নিৰ্বাচন অনুষ্ঠিত হ’ব৷ শক্তিশালী অৱস্থাত থকা বিজেপিক পৰাভূত কৰাৰ বাবে ইতিমধ্যে ব্যাপক কুচকাৱাজ আৰম্ভ হৈছে৷ এফালে যিদৰে বিজেপিয়ে অগপৰ অস্তিত্ব ৰাখিবলৈ যত্ন কৰিছে, অৰ্থাৎ আঞ্চলিক ভোটাৰক অগপৰ পক্ষত ৰাখি বিজেপিৰ ৰাজনীতি বৰ্তাই ৰাখিবলৈ কল্পনা পাটোৱাৰীৰ দৰে গায়িকাই বিজেপিত যোগ দিয়াৰ পাছতো অগপলৈ পঠোৱা হৈছে, সেইদৰে ‘কা’বিৰোধী আন্দোলনৰ পটভূমিত সদৌ অসম ছাত্ৰ সন্থাই অসম জাতীয় পৰিষদ আৰু অখিল গগৈৰ দীৰ্ঘদিনৰ সংগ্ৰামী অভিজ্ঞতাৰে ৰাইজৰ দল প্ৰতিষ্ঠা হৈছে৷ এতিয়া ৰাজ্যখনত পূবৰ্ৰ পৰা থকা দলসমূহ যেনে কংগ্ৰেছ, এ আই ইউ ডি এফ বা বাঁওপন্থী আদিৰ বিপৰীতে নতুনকৈ গঠন হোৱা দুটাকৈ আঞ্চলিক দলে ৰাইজক ব্যাপক বিভ্ৰান্তিত পেলোৱা দেখা গৈছে৷ সদৌ অসম ছাত্ৰ সন্থা বা কৃষক মুক্তি সংগ্ৰাম সমিতিৰ এক নিৰ্দিষ্ট নিৰ্দিষ্ট অংশৰ মাজত জনসমৰ্থন আছে যদিও এই দুয়োটা সংগঠনে গঠন কৰা ৰাজনৈতিক দল একেবাৰে নতুন৷ এওঁলোকে নিজৰ জনসমৰ্থনক কিমান ভোটলৈ ৰূপান্তৰিত কৰিব পাৰে বা নতুন মানুহক আকৰ্ষণ কৰিব পাৰে, সেয়া সময়ে ক’ব৷ কিন্তু অসমৰ ৰাইজে এইবাৰ বিজেপিৰ পৰা পৰিত্ৰাণ বিচাৰিছে৷ এটাও নিৰ্বাচনী প্ৰতিশ্ৰুতি পালন নকৰা বিজেপিয়ে বিগত পাঁচ বছৰে যিবোৰ অপকৰ্ম কৰিছে, তাৰ তালিকা দীঘলীয়া হ’ব৷ বিশেষকৈ ‘কা’ৰ দৰে জাতিধ্বংসী আইন আনি অসমীয়াৰ  অপ্ৰিয়ভাজন হৈ পৰা বিজেপিক প্ৰতিহত কৰাটো অসমৰ প্ৰতিজন মানুহে বিচাৰে৷ সেয়ে বিৰোধীৰ ভোট বিভাজন যাতে নহয়, তাৰ বাবে সকলোৱেই দুঃচিন্তাত ভুগিছে৷ সেয়ে সকলোৱেই এটা সহজ সিদ্ধান্তত উপনীত হৈছে যে এক মহাজোঁট গঠন কৰিহে বিজেপিক ৰোধ কৰিব পৰা যাব৷ কিন্তু এতিয়াও এই মহাজোঁটৰ পৰা জাতীয় পৰিষদ আৰু ৰাইজৰ দলে দূৰত্ব বজাই ৰখাই নহয় বিজেপিৰ দৰেই এ আই ইউ ডি এফকো সমান সাম্প্ৰদায়িক দলৰূপে অভিহিত কৰি দুয়োটাৰ পৰাই সমদূৰত্ব বজাই ৰখাৰ কথা ঘোষণা কৰিছে৷ এনে পৰিস্থিতিত এতিয়া মহাজোঁট মহাসংকট হৈ পৰিছে৷ আনহাতে, অগপ ৰাষ্ট্ৰীয় দল বিজেপিৰ নেগুৰত ধৰাৰ বাবেই নিঃশেষপ্ৰায় হৈ যোৱাৰ দৰেই এতিয়া যদি নৱগঠিত আঞ্চলিক দল দুটায়ো কংগ্ৰেছৰ নেগুৰত ধৰিবলৈ যায়, তেন্তে ভৱিষ্যতে অসমত আঞ্চলিক ৰাজনীতিৰ পথটোৱেই প্ৰায় ৰুদ্ধ হৈ পৰিব৷ আনহাতে, ভাৰতৰ পশ্চিমবংগ, উৰিষ্যা, তামিলনাডু, দিল্লী আদিৰ দৰে ৰাজ্যত স্বতন্ত্ৰ আঞ্চলিক শক্তিৰ বিকাশহে সম্ভৱ হৈছে৷ এইক্ষেত্ৰত নৱগঠিত আঞ্চলিক দল দুটাই অতি বিচক্ষণতাৰে নিজৰ মাজত শীঘ্ৰে যদি জোঁটবন্ধন নকৰে, তেন্তে সেয়া দুয়োটা দলৰ বাবেই হ’ব হঠকাৰী সিদ্ধান্ত৷ কংগ্ৰেছে এ আই ইউ ডি এফৰ লগত কৰা জোঁটবন্ধনে নামনি অসমত যোগাত্মক ফল ধৰিব যদিও উজনি অসমত কংগ্ৰেছে ইয়াৰ কুফল ভোগ কৰিব লাগিব৷ সেয়ে উজনিৰ নিৰ্বাচনৰ ক্ষেত্ৰত কংগ্ৰেছেও জধে-মধে প্ৰাৰ্থী থিয় কৰাই যাতে আঞ্চলিক দল দুটাৰ ক্ষতি নকৰে, তাৰ প্ৰতি দৃষ্টি দিব লাগিব৷ মুঠৰ ওপৰত প্ৰত্যক্ষ বা পৰোক্ষ দুয়োধৰণে নিৰ্বাচনী বুজাবুজিৰ মাজত আগবাঢ়িলেহে ’২১ৰ নিৰ্বাচনত বিজেপিক যে প্ৰতিহত কৰিব পৰা যাব৷