![image](https://aamarasom.com/uploads/posts/dfll.jpg1687103941.jpg)
জোনালী নাথৰ হত্যাকাৰীৰ চাঞ্চল্যকৰ স্বীকাৰোক্তিঃ ৫০ হাজাৰ টকাৰ বিনিময়ত গাড়ীৰ ভিতৰতে হাছানুৰৰ সৈতে মিলি ডিঙি চেপি জোনালী নাথক হত্যা কৰিছিল আজিবৰে
ডিজিটেল সংবাদ, কৃষ্ণাইঃ গোৱালপাৰা জিলাৰ মাটিয়াৰ বিজেপি নেত্ৰী জোনালী নাথৰ হত্যাকাণ্ড সন্দৰ্ভত ন ন তথ্য পোহৰলৈ আহিছে ৷ হত্যাকাণ্ডৰ মূল অভিযুক্ত হাছানুৰ ইছলামৰ স্বীকাৰোক্তিৰ ভিত্তিত আৰক্ষীয়ে শনিবাৰে গ্ৰেপ্তাৰ কৰা আন জন অপৰাধী আজিবৰক লৈ দেওবাৰে পুৱাৰে পৰা তীব্ৰ অভিযান চলায় ৷ এই অভিযানত আজিবৰে নিজ মুখে হাছানুৰৰ সৈতে মিলি জোনালী নাথক হত্যা কৰাৰ কথা স্বীকাৰ কৰে ৷ গাড়ীৰ ভিতৰতে হাছানুৰ আৰু আজিবৰে মিলি ডিঙি চেপি জোনালী নাথক হত্য়া কৰাৰ কথা স্বীকাৰ কৰে। জোনালী নাথক হত্যা কৰা বাবে হাছানুৰ ইছলামে ৫০ হাজাৰ টকাত বন্দৱস্ত কৰিছিল আজিবৰ ৰহমানক । ইয়াৰে ২৬ হাজাৰ টকা হাছানুৰে আজিবৰক ইতিমধ্যে আদায় দিছিল আৰু ২৪ হাজাৰ টকা পিছত আদায় দিয়াৰ কথা আছিল বুলি আজিবৰে নিজ মুখে স্বীকাৰ কৰে। উল্লেখ্য যে হত্যাকাৰী আজিবৰক লৈ মাটিয়াৰ বিভিন্ন প্ৰান্তত চলিছে আৰক্ষীৰ অভিযান। আজিবৰৰ শিঙিমাৰীৰ বৰ বালুপাৰাস্থ ঘৰতো চলে আৰক্ষীৰ অভিযান। এই অভিযান কালত আৰক্ষীয়ে আজিবৰ ৰহমানৰ ঘৰৰ চৌহদৰ পৰা উদ্ধাৰ কৰে জোনালী নাথৰ বেগৰ অৱশিষ্ট ৷ জোনালী নাথ হত্যাকাণ্ডৰ পিছত আজিবৰৰ ঘৰৰ চৌহদত বেগ আৰু ছেণ্ডেল পুৰি পেলোৱা হৈছিল ৷ জোনালী নাথৰ বেগটো আজিবৰ ৰহমানৰ পত্নীয়ে পুৰি পেলাইছিল৷ আৰক্ষীয়ে পুৰা বেগটিৰ অৱশিষ্ট সংগ্ৰহ কৰে। আনহাতে, জোনালীৰ মৃতদেহ শালপাৰাৰ ৰাষ্ট্ৰীয় ঘাইপথত পেলাই উভতি আহোঁতে মাজজাখিলিৰ দোকানত ক্ৰয় কৰা মিৰিণ্ডাৰ বটলটোও আৰক্ষীয়ে হত্যাকাৰী আজিবৰৰ ঘৰৰ পৰা উদ্ধাৰ কৰে।