Logo
image

দিল্লীত সমষ্টি পুনৰ নিৰ্ধাৰণত শেষস্পৰ্শ অমিত শ্বাহ-মুখ্যমন্ত্ৰীৰ

‘আমাৰ অসম’, ১৯ জুনঃ ২০২৪ৰ লোকসভা নিৰ্বাচনৰ পূৰ্বে অসমৰ সমষ্টিৰ পুনৰ নিৰ্ধাৰণ হোৱাটো প্ৰায় চূড়ান্ত হ’ল৷ চলিত মাহৰ ভিতৰতে দেশৰ নিৰ্বাচন আয়োগে প্ৰকাশ কৰিব সমষ্টি পুনৰনিৰ্ধাৰণৰ খচৰা৷ আনুষ্ঠানিকতা অনুসৰি নিৰ্বাচন আয়োগে খচৰা প্ৰকাশৰ পাছতে অনুষ্ঠিত কৰিব ৰাজহুৱা শুনানী৷ দিছপুৰৰ এক উচ্ছস্তৰীয়া সূত্ৰই জনোৱা মতে সমষ্টি পুনৰ নিৰ্ধাৰণকেন্দ্ৰীক প্ৰক্ৰিয়া সম্পূৰ্ণ কৰিবলৈকে দিল্লীৰ ত্ৰিনমূৰ্তিস্থিত চৰকাৰী বাসগৃহত মুখ্যমন্ত্ৰী ড॰ হিমন্ত শৰ্মা পৰহি নিশাৰ পৰাই বাহৰপাতি আছে৷ মুখ্যমন্ত্ৰীয়ে আনকি আজি বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি জেপি নড্ডাৰ উপস্থিতিত অনুষ্ঠিত হোৱা শিৱসাগৰৰ বৃহৎ দলীয় সভাতো সমষ্টি পুনৰ নিৰ্ধাৰণৰ ব্যস্ততাৰ বাবেই উপস্থিত থাকিব নোৱাৰিলে৷ জানিব পৰা মতে আজিৰ নিশাৰ ভিতৰতে কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ আৰু মুখ্যমন্ত্ৰী ড॰ হিমন্ত বিশ্ব শৰ্মাই সমষ্টি পুনৰ নিৰ্ধাৰণত শেষ স্পৰ্শ দিয়াৰ সম্ভাৱনা আছে৷ এই সমষ্টি পুনৰ নিৰ্ধাৰণত বহু সমষ্টিৰ বিলোপ হ’ব আৰু বহু নতুন সমষ্টি হ’ব৷ কাজেই সমষ্টি পুনৰ নিৰ্ধাৰণৰ খচৰা প্ৰকাশৰ পাছতেই ক্ষোভ, সন্তুষ্টি, অসন্তুষ্টিৰ দাৱানল সৃষ্টি হ’ব৷ কিন্তু এই সকলো বিলাক বশীকৰণৰ সন্মোহিনী  ইতিমধ্যে আগতীয়াকৈ নিশ্চিত কৰিছে মুখ্যমন্ত্ৰী ড॰ হিমন্ত বিশ্ব শৰ্মাই৷ সেই আত্মবিশ্বাসত প্ৰবুদ্ধ হোৱাৰ পাছতে মুখ্যমন্ত্ৰী উৰা মাৰিছে নতুন দিল্লীলৈ৷ উল্লেখ্য যে কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে পৰহি নিশাৰ পৰা গৃহৰাজ্য গুজৰাটত বাহৰপাতি বান পৰিস্থিতিৰ তদাৰক কৰিছিল৷ দেওবাৰে বিয়লিহে অমিত শ্বাহ গুজৰাটৰ পৰা নতুন দিল্লী আহি পায়৷ ইতিমধ্যে কেন্দ্ৰীয় গৃহমন্ত্ৰীৰে সমষ্টি পুনৰনিৰ্ধাৰণৰ প্ৰসংগত মুখ্যমন্ত্ৰীৰ লগতে সমষ্টি পুনৰ নিৰ্ধাৰণৰ দায়িত্বত থকা মন্ত্ৰী অশোক সিংঘালৰ কেইবালানিও বৈঠক অনুষ্ঠিত হৈছে৷ দিনচেৰেক পূৰ্বে মন্ত্ৰী অশোক সিংঘালে প্ৰায় এসপ্তাহ ধৰি দিল্লীত বাহৰপাতি সমষ্টি পুনৰনিৰ্ধাৰণৰ কাম-কাজ মুখ্যমন্ত্ৰীৰ সৈতে আগবঢ়াইছিল৷ জুন মাহৰ অধিকাংশ সময়েই মন্ত্ৰী অশোক সিংঘালে দিল্লীতে কটোৱা বুলি ক’লেও ভুল কোৱা নহ’ব৷  চলিত মাহৰ পহিলাত অমিত শ্বাহৰে অনুষ্ঠিত পূৰ্বৰ লানি বৈঠকৰ অন্তত মুখ্যমন্ত্ৰীয়ে ঘোষণা কৰিছিল যে জুনৰ ভিতৰতে সমষ্টি পুনৰ নিৰ্ধাৰণৰ খচৰা প্ৰকাশ পোৱাৰ সম্ভাৱনা আছে৷ যদিহে ১৫ আগষ্টৰ পূৰ্বে সমষ্টি পুনৰ নিৰ্ধাৰণৰ খচৰা প্ৰকাশ কৰিব পৰা নাযায় তেন্তে  ২০২৪ৰ লোকসভাৰ নিৰ্বাচনৰ পূৰ্বে সমষ্টিনিৰ্ধাৰণ সম্ভৱ নহ’ব৷ মুখ্যমন্ত্ৰীৰ লগতে তেওঁৰ দুই ঘনিষ্ঠ মন্ত্ৰী ক্ৰমে জয়ন্তমল্ল বৰুৱা আৰু পীয়ূষ হাজৰিকাও দেওবাৰে দিল্লীত থকা বুলি জানিব পৰা গৈছে৷ অৱশ্যে দুপৰীয়া মন্ত্ৰী পীয়ূষ হাজৰিকা অসমলৈ কিবা জৰুৰী কামত উভটি অহা বুলিও জানিব পৰা গৈছে৷ দুই বিশ্বস্ত মন্ত্ৰী এই দিল্লী কচৰতকলৈও ৰাজনৈতিক মহলত যথেষ্ট চৰ্চা হৈছে৷ দিছপুৰৰ সূত্ৰটোৱে কয় যে যদিও নিৰ্বাচন আয়োগে সমষ্টি পুনৰ নিৰ্ধাৰণৰ খচৰা প্ৰকাশ কৰিব, এই খচৰা সম্পূৰ্ণ দিল্লী-দিছপুৰে প্ৰস্তুত কৰি দিয়া খচৰা হ’ব৷ সমষ্টি পুনৰ নিৰ্ধাৰণৰ প্ৰসংগলৈয়ে বিগত ছটা মাহ ৰাজ্য চৰকাৰখন ভিতৰৰ পৰা সাংঘাতিক ব্যস্ত হৈ আছে৷ প্ৰাৰম্ভিকভাৱে মুখ্যমন্ত্ৰীৰ তত্ত্বাৱধানত মন্ত্ৰী অশোক সিংঘাল, পীয়ূষ হাজৰিকা আৰু জয়ন্ত মল্ল বৰুৱাৰ মাজত দিছপুৰৰ মিনিষ্টাৰছ কলনীত কেইবালানিও বিনিন্দ্ৰ বৈঠক অনুষ্ঠিত হৈছিল৷ সেই বৈঠকসমূহৰ ফলশ্ৰুতিত সৃষ্টি হোৱা খচৰা লৈ দিল্লীত মুখ্যমন্ত্ৰীৰ সৈতে বাহৰ পাতিছিল মন্ত্ৰী  অশোল সিংঘাল৷ যোৱা ২৬ মাৰ্চত তিনিদিনীয়া ভ্ৰমণসূচীৰে অসমলৈ আহি দেশৰ মুখ্য নিৰ্বাচন আয়ুক্ত ৰাজীৱ কুমাৰৰ নেতৃত্বত নিৰ্বাচন আয়োগৰ দলে সমষ্টি পুনৰ নিৰ্ধাৰণৰ সন্দৰ্ভত ৰাজ্যৰ ৰাজনৈতিক দল, সংগঠন সামাজিক সংগঠন তথা নাগৰিকৰ সৈতে মত বিনিময় কৰিছিল৷ আয়োগে ইতিমধ্যে স্পষ্ট কৰিছিল যে ২০০১ চনৰ লোক পিয়লৰ ভিত্তিতেই অসমৰ সমষ্টি পুনৰনিৰ্ধাৰণ হ’ব৷ দিল্লীত বাহৰপাতি থকা মুখ্যমন্ত্ৰী ড॰ হিমন্ত বিশ্ব শৰ্মাই নেডাৰ আহ৩ায়ক হিচাপে সাম্প্ৰতিক মণিপুৰৰ পৰিস্থিতি তথা কুকি উগ্ৰপন্থী সংগঠনে তেওঁৰ বিৰুদ্ধে অনা অভিযোগৰ সন্দৰ্ভতো অমিত শ্বাহৰে আলোচনা কৰাৰ সম্ভাৱনা আছে৷  অৱশ্যে এনেবোৰ বিষয় থাকিলেও মুখ্যমন্ত্ৰীৰ বাবে এতিয়া সকলোতকৈ গুৰুত্বপূৰ্ণ বিষয় হৈছে সমষ্টি পুনৰনিৰ্ধাৰণত শেষ স্পৰ্শ দিয়া৷