Logo
image

কাইলৈৰ পৰা অম্বুবাচী, কামাখ্যাত ভক্তৰ ভিৰ

‘আমাৰ অসম’, ২১ জুনঃ শক্তিপীঠ শ্ৰীশ্ৰী কামাখ্যা দেবালয়ত ২২ জুনৰ পৰা পাচদিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত হ’বলগীয়া আগন্তুক অম্বুবাচী মহাযোগলৈ মজতে মাত্ৰ এটা দিন বাকী থকা অৱস্থাত বাহিৰৰ পৰা অহা ভক্তৰ ভীৰৰে মুখৰিত হৈ পৰা পৰিলক্ষিত হৈছে কামাখ্যা দেৱালয়সহ  সমগ্ৰ নীলাচল পাহাৰ৷ ইতিমধ্যে বহু ভক্তই কামাখ্যা দেৱালয় চৌহদত পূৰ্ব নিৰ্দ্ধাৰিত সূচী অনুসৰি তেওঁলোকৰ নিজা নিজা পাণ্ডাৰ ঘৰত আশ্ৰয় লোৱাৰ লগতে তাত থকা অতিথিশালাত বাহৰ পাতি যাৱতীয় পূজা অৰ্চনা কৰা দেখা গৈছে৷ ইফালে আগন্তুক অম্বুবাচী মহাযোগ যাতে সুচাৰুৰূপে সম্পন্ন হয় তাৰ বাবে ৰাজ্য চৰকাৰৰ বিভিন্ন বিভাগ, মহানগৰ, আৰক্ষী কামৰূপ মহানগৰ জিলা প্ৰশাসনৰ লগতে অম্বুবাচী মহাযোগ পৰিচালনা সমিতিয়ে ব্যাপক তৎপৰতা আৰম্ভ কৰিছে৷ মঙ্গলবাৰে গুৱাহাটী মহানগৰ আৰক্ষী আয়ুক্তৰ কাৰ্যালয়ৰ সভাগৃহত আয়োজিত এক যৌথ সংবাদ মেনত আগন্তুক অম্বুুবাচী মহাযোগৰ সুচাৰু ৰূপে সম্পন্ন কৰা সন্দৰ্ভত মহানগৰ আৰক্ষী আয়ুক্ত দিগন্ত বৰাই কয় ২২ জুনৰ দিনা মাজনিশা ২ বাজি ৩০ মিনিট ৪২ ছেকেণ্ডত অম্বুবাচী মহাযোগৰ প্ৰবৃত্তি হ’ব ২৩ জুনৰ পৰা ২৫ জুনলৈ মন্দিৰৰ দুৱাৰ বন্ধ থাকিব ২৬ জুনত পুৱা দেবী স্নান, নিত্য পূজাৰ পাছতহে মন্দিৰৰ দুৱাৰ ভক্তৰ দৰ্শনৰ বাবে খোলা হ’ব৷ ২৬ আৰু ২৭ জুনত মন্দিৰ দৰ্শনৰ বাবে ভিভিআইপি, ভিআই পি আৰু বিশেষ দৰ্শনৰ ব্যৱস্থা বন্ধ থাকিব৷ এইবেলি দেৱালয় চৌহদকে ধৰি নীলাচল পথত অম্বুবাচীত অহা ভক্তৰ বাবে থকা খোৱাৰ কোনো ব্যৱস্থা নাথাকিব৷ কেবল পানী বা জুছ জাতীয় পানীয়হে ভক্তক যোগান ধৰিব পাৰিব৷ তেনেদৰে বাহিৰৰ পৰা অহা ভক্তৰ বাবে পাণ্ডু নদী বন্দৰ আৰু কামাখ্যা ৰেল ষ্টেচনত স্থাপন কৰা দুয়োটা শিবিৰত পৰ্যাপ্ত নিৰাপত্তাৰ ব্যৱস্থা কৰা হব৷ অম্বুবাচী মহাযোগৰ ব্যৱস্থাপনা শক্তিশালী কৰাৰ বাবে মন্দিৰ সংযোগী পথৰ নামনি কামাখ্যা, প্ৰশান্তি লজ আৰু ভি আই পি পাৰ্কিং স্থানত ২৪ ঘণ্টাৰ সেৱাৰ বাবে তিনিটা যৌথ নিয়ন্ত্ৰণ কক্ষ স্থাপন কৰা হব৷ ভক্তৰ গতিবিধি আৰু নিৰাপত্তা ব্যৱস্থা অধিক শক্তিশালী কৰাৰ বাবে অতিৰিক্ত চি চি টি ভি কেমেৰা স্থাপন কৰা হৈছে৷ ২২ জুনৰ বিয়লিৰ পৰা ২৬ জুনৰ নিশালৈ কামাখ্যা মন্দিৰ সংযোগী পথত সকলো ধৰণৰ যান বাহনৰ চলাচল বন্ধ থাকিব৷ কেৱল কোনো ভক্ত অসুস্থ হলে বা দিবাংগ ভক্তৰ বাবে সীমিত সংখ্যক বাহন জৰুৰী সেৱাৰ বাবে ব্যৱহৃত হব৷ সেই কেইদিনত পুৱা ৫ বজাৰ পৰা নিশা ৯ বজালৈ মন্দিৰ সংযোগী পথত সকলোৱে খোজ কাঢ়ি অহা যোৱা কৰিব লাগিব বুলি আৰক্ষী আয়ুক্ত দিগন্ত বৰাই সদৰি কৰে৷ আনহাতে সংবাদ মেলত ভাগ লৈ কামৰূপ মহানগৰ জিলাৰ উপায়ুক্ত পল্লৱ গোপাল ঝাই কয় বাহিৰৰ পৰা অহা ভক্তৰ বাবে প্ৰধান শিবিৰটো পাণ্ডু নদী বন্দৰত স্থাপন কৰা হৈছে৷ তাত প্ৰায় দহ হাজাৰ ভক্তই আশ্ৰয় লব পাৰিব৷  ইয়াৰ উপৰি কামাখ্যা ৰেল ষ্টেচনত স্থাপন কৰা শিবিৰত সৰ্বাধিক চাৰি হাজাৰ ভক্তই আশ্ৰয় লব পাৰিব৷ তাত ভক্তৰ বাবে খোৱা,  থকা,  শৌচালয় আদিৰ ব্যৱস্থা কৰা হৈছে৷ অম্বুুবাচী মহাযোগ সুচাৰুভাবে সম্পন্ন কৰাৰ বাবে আৰক্ষী, জিলা প্ৰশাসনকে ধৰি প্ৰায় দুই হাজাৰ বিষয়া - কৰ্মচাৰী নিয়োজিত হব বুলি উপায়ুক্ত ঝাই সদৰি কৰে৷ তেনেদৰে সংবাদ মেলত ভাগ লৈ মহানগৰ আৰক্ষীৰ যান বাহন শাখাৰ উপ আৰক্ষী আয়ুক্ত হিৰণ্য বৰ্মনে কয় মালিগাঁৱত নিৰ্মাণৰত অৱস্থাত থকা উৰণীয়া সেতুৰ বাবে যান বাহন নিয়ন্ত্ৰণ ব্যৱস্থাটো কিছু কঠোৰ কৰা হৈছে৷ ২২ জুনৰ বিয়লিৰ পৰা ২৬ জুনৰ সন্ধিয়ালৈ কামাখ্যা মন্দিৰলৈ যান বাহন¸ লৈ আহিবলগীয়া লোক সকলে সোণাৰাম খেলপথাৰ আৰু মালিগাঁও বৰিপাৰা খেলপথাৰত নিজৰ বাহন পাৰ্কিং কৰি খোজ কাঢ়ি মন্দিৰলৈ যাব পাৰিব৷ সেই কেইদিনত গুৱাহাটীলৈ আহিবলগীয়া আন্তঃজিলা সেৱাৰ বাছ, ট্ৰাক সমূহ জালুকবাৰীৰ পৰা দীনেশ গোস্বামী পথৰে গুৱাহাটীত প্ৰৱেশ কৰিব নোৱাৰিব৷ মাজনিশা ১২ বজাৰ পৰা পুৱা ৬ বজালৈ কেৱল তিনিচকীয়া অটোভানহে গুৱাহাটীত প্ৰৱেশ কৰিব পাৰিব বুলি হিৰণ্য বৰ্মনে সদৰি কৰে৷