Logo
image

এনেবোৰ লক্ষণত হৃদৰোগৰ আশংকা

হৃদৰোগত আক্ৰান্ত হোৱাৰ অন্যতম কাৰণ হ’ল জীৱন-যাপনত হোৱা বিসংগতি, সময়মতে  খাদ্য গ্ৰহণ নকৰা, শৰীৰ চৰ্চাৰ পৰা বিৰত থকা আদি৷ 

দাঁতৰ  অসুখত আক্ৰান্ত হ’লেঃ দাঁতৰ অসুখত আক্ৰান্ত হ’লে হৃদ ৰোগৰ আশংকা বৃদ্ধি পায়৷ বিশেষজ্ঞসকলৰ মতে দাঁতত সৃষ্টি হোৱা বেক্টেৰীয়াই তেজৰ প্ৰৱাহতো বেয়া প্ৰভাৱ পেলায়৷ যাৰ বাবে ইয়াৰ পৰাও হৃদৰোগৰ আশংকা বৃদ্ধি  পাব পাৰে৷ প্ৰতি ছমাহৰ মূৰত দাঁত পৰীক্ষা কৰিব লাগে৷ তদুপৰি দিনটোত দুবাৰকৈ দাঁত ব্ৰাছ কৰাৰ অভ্যাস কৰিব লাগে৷

নিশাৰ ভাগত কাম কৰিলেঃ এক গৱেষণাত প্ৰকাশ পোৱা মতে ৰাতি কৰ্তব্য সম্পাদন কৰা সকল সহজতে হৃদৰোগত আক্ৰান্ত হোৱাৰ আশংকা থাকে৷ ৰাতি উজাগৰে থাকি কাম কৰিলে হৃদযন্ত্ৰৰ ওপৰত ক্ষতিকাৰক প্ৰভাৱ পৰে৷ ৰাতি কাম কৰিলে  খাদ্যগ্ৰহণ, শৰীৰ চৰ্চাৰ ওপৰত বিশেষ গুৰুত্ব দিয়াৰ ওপৰি মাজে মাজে স্বাস্থ্য পৰীক্ষা কৰিব লাগে৷

উদ্বেগঃ বিভিন্ন কাৰণত মানসিক চাপ বৃদ্ধি পাব পাৰে৷ সময় মতে কোনো কাম নহ’লে, বিভিন্ন ঘৰুৱা সমস্যা সমাধান নহ’লে সহজেই মানসিক চাপ বৃদ্ধি পায়৷ এই মানসিক চাপ, উদ্বেগ আদিও হৃদৰোগৰ অন্যতম কাৰণ হ’ব পাৰে৷ 

মেনোপ’জঃ মহিলাৰ ক্ষেত্ৰত ৪০-৫৫ বছৰ বয়সত সাধাৰণতে হৃদ ৰোগত আক্ৰান্তৰ আশংকা বৃদ্ধি পায়৷ এইখিনি সময়তে মেনোপ’জৰ সমস্যাই দেখা দিয়ে৷ যাৰ বাবে শৰীৰত বিভিন্ন পৰিৱৰ্তনে দেখা দিয়ে৷ ইয়াৰ ফলত হৃদৰোগৰ আশংকা বাঢ়িব পাৰে৷ 

⬛ টোপনিত নাকৰ শব্দ হ’লেঃ টোপনিত যিসকলৰ নাকৰ শব্দ হয় সেইসকলো সহজেই হৃদৰোগত আক্ৰান্ত হোৱাৰ আশংকা থাকে৷ যিহেতু টোপনিত নাক বাজিলে শ্বাস-প্ৰশ্বাসত বাধাৰ সৃষ্টি হয়৷ যি হৃদৰোগৰ আশংকা বঢ়াই তোলে৷ 

যকৃতৰ ৰোগত আক্ৰান্ত হ’লেঃ যকৃতৰ ৰোগত আক্ৰান্ত হ’লেও হৃদ ৰোগত আক্ৰান্ত হোৱাৰ আশংকা বাঢ়ে৷

অনিদ্ৰাঃ অনিদ্ৰাও হৃদ ৰোগৰ অন্য এক কাৰণ হ’ব পাৰে৷ এজন সুস্থ মানুহৰ বাবে ৮ ঘণ্টা টোপনিৰ প্ৰয়োজন৷ অনিদ্ৰাৰ ফলত ৰক্তচাপ, কলেষ্টেৰেলজনিত সমস্যাৰ সৃষ্টি হয়৷ যাৰ ফলত হৃদযন্ত্ৰত ক্ষতিকাৰক প্ৰভাৱ পৰে৷ ইয়াৰ পৰাও হৃদৰোগৰ আশংকা বৃদ্ধি পায়৷