Logo
image

খাৰুপেটীয়াত বানে ভাঙিলে দলং

‘আমাৰ অসম’, ২১ জুনঃ বিগত কিছুদিন ধৰি হৈ থকা নেৰানেপেৰা বৰষুণৰ ফলত দৰঙৰ খাৰুপেটীয়া নগৰৰ কেইবাটাও ৱাৰ্ড আৰু ব্যৱসায়িক প্ৰতিষ্ঠান জলমগ্ন হোৱাৰ লগতে নগৰ সংলগ্ন বিহুদিয়া গাঁৱত পকী দলং সংযোগী পথ খহি পৰাত যাতায়াত ব্যবস্থা ব্যাহত হৈ পৰিছে৷ উল্লেখ্য, বিহুদিয়াৰ পৰা আৰিমাৰি ধৰণীপুৰ, শ্যামপুৰলৈ যোৱা পকী পথৰ সানুঘাটত থকা দলং, সংযোগী পথ বৰষুণৰ পানীত খহি পৰে৷ পকী পথচোৱা চপৰা চপৰে খহি পৰাত বৃহত্তৰ শ্যামপুৰ, আৰিমাৰি আদি অঞ্চলৰ পৰা কৃষকসকলে তেওঁলোকৰ উৎপাদিত শাক-পাচলি খাৰুপেটীয়াৰ বালুগাঁও বজাৰলৈ অনা নিয়া কৰাত অসুবিধাৰ সন্মুখীন হৈছে৷