Logo
image

ভূটানে কুৰিশ্ব’ বান্ধৰ পানী এৰি দিয়াত নামনি অসমত জলপ্ৰলয়

‘আমাৰ অসম’, ২১ জুনঃ প্ৰতিবছৰে ভূটানৰ কুৰিশ্ব’ বান্ধৰ পানী এৰি দিয়াৰ ফলত নামনি অসমৰ বহু ঠাই প্লাৱিত হৈ পৰাৰ লগতে ঘৰ মাটি নদীৰ বুকুত জাহ যায়৷ এইবাৰো ভূটানে কুৰিশ্ব’ বান্ধৰ জলৰাশি এৰি অহাৰ ফলত নামনি অসমত বানে সংহাৰী ৰূপ ধাৰণ কৰিছে৷ নেৰেনেপেৰা বৰষুণৰ বাবে ভুটানত জমা হোৱা পানী ভুটানৰ কুৰিশ্ব’ বান্ধৰ জলৰাশি এৰি দিলেই নামনি অসমৰ বৰপেটা-বাগ্‌সা, চিৰাং, বঙাইগাঁও, নলবাৰী জিলাত প্ৰতি বছৰে বানে সংহাৰী ৰূপ লোৱা দেখা যায়৷ এইবেলিও তেনে শংকাই ঘনীভূত হৈছে৷ ইতিমধ্যে নামনি অসমৰ বেকী, ব্ৰহ্মপুত্ৰ, আই, পাল্লা, নখন্দা, পহুমাৰা, কালদিয়া আদিকে ধৰি জিলাখনৰ কেইবাখনো নৈ-উপনৈৰ জলপৃষ্ঠ বৃদ্ধিৰ লগতে নেৰানেপেৰাকৈ আহি থকা বৰষুণৰ ফলত ৰাইজৰ মাজত আতংকই বিৰাজ কৰিছে৷ আনহাতে ভূটানৰ পাহাৰ অঞ্চলতো বিগত কেইবাদিন ধৰি অতিপাত বৃষ্টি হোৱাৰ ফলতে ইয়াৰ নৈসমূহ ভৰি পৰাৰ লগতে বান্ধসমূহ পানীৰে উপচি পৰিছে৷ তেনে সময়তে ভূটানে যোৱা নিশাৰ পৰাই কেইবাটাও ভাগত ভূটানৰ কুৰিশ্ব’ বান্ধৰ জলৰাশি তেওঁলোকৰ বান্ধৰ গেটসমূহেৰে নামনিলৈ প্ৰেৰণ কৰাত মানাহ আৰু বেঁকী নদীলে এই জলবাশি কেইৰামিটাৰ উচ্ছতা আৰু তীব্ৰ সোঁত নামনিলৈ বৈ আহিবলৈ ধৰিছে৷ আনহাতে বতৰ বিজ্ঞান কেন্দ্ৰৰ জাননীদিয়া অনুসৰি অহা ৫ দিনলৈ ৰাজ্যত ধাৰাসাৰ বৃষ্টি হ’ব৷ এইক্ষেত্ৰত বৰপেটা, চিৰাং, বাগ্‌সা কোক্‌ৰাঝাৰ আৰু বঙাইগাঁৱত ৰেড এলাৰ্ট জাৰি কৰিছে৷ তেনেক্ষেত্ৰত যদি ভূটানে পুনৰ কুৰিশ্ব’ বান্ধব জলবাশি আকৌ অধিক হাৰত এৰি দি থাকে, তেন্তে নামনি অসমত বানে জলপ্ৰলয়ৰ সূচনা কৰাৰ শংকা দেখা দিয়াটো নিশ্চিত৷