Logo
image

১১ জুলাইৰ পূৰ্বে দিল্লীলৈ পঠিয়াব লাগিব ওজৰ-আপত্তি

‘আমাৰ অসম’, ২২ জুনঃ দীৰ্ঘদিনীয়া জল্পনা-কল্পনাৰ অৱসান ঘটাই মঙলবাৰে দেশৰ নিৰ্বাচন আয়োগে প্ৰকাশ কৰিলে অসমৰ সমষ্টি পুনৰ নিৰ্ধাৰণৰ খচৰা৷ নিৰ্বাচন আয়োগৰ সচিবে এটা নিৰ্দেশনা যোগে অসমৰ ১২৬টা বিধানসভা সমষ্টি আৰু ১৪টা লোকসভা সমষ্টিৰ খচৰা ৰাজহুৱা কৰাৰ পাছতেই ৰাজনৈতিক মহলত ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে৷ তিনি মন্ত্ৰীসহ  শাসক-বিৰোধীৰ ২৭ বিধায়কৰ সমষ্টি বিলুপ্তি কৰাত সৰ্বত্ৰ এতিয়া ক্ষোভৰ উদগীৰণ ঘটিছে৷ বিটিএডি অঞ্চলত জনগোষ্ঠীয় সংৰক্ষিত বিধানসভা সমষ্টিৰ সংখ্যা বৃদ্ধি পোৱাত বিভিন্নজনে ফটকা ফুটাই আনন্দ প্ৰকাশ কৰাৰ বিপৰীতে উজনি অসমত আহোম জনগোষ্ঠীয় অধ্যুষিত সমষ্টি বিলুপ্ত কৰাত ব্যাপক প্ৰক্ৰিয়াৰ সৃষ্টি হৈছে৷ ইফালে সংখ্যালঘুৰ দূৰ্গ হিচাপে চিহ্নিত ভোট বেংক ভাগ ভাগ কৰি সমষ্টি কটা-ছিঙা কৰাত বিৰোধী শিবিৰতো ক্ষোভৰ বৰ্হিঃপ্ৰকাশ ঘটিছে৷ ক্ষুব্ধ দল-সংগঠন তথা ব্যক্তি বিশেষে এতিয়া দেশৰ নিৰ্বাচন আয়োগক ওজৰ-আপত্তি দিবলৈ সাঁজু হৈছে৷ আশ্চৰ্যজনক বিষয়টোত হৈছে অসমৰ সমষ্টি পুনৰনিৰ্ধাৰণৰ খচৰাক লৈ ৰাইজৰ কিবা আপত্তি থাকিলেও সেই আপত্তি তথা অভিযোগৰ পত্ৰ প্ৰেৰণ কৰিব লাগিব দিল্লীলৈ৷ অৰ্থাৎ অসমবাসীৰ আপত্তি অসমত দাখিলৰ কোনো ব্যৱস্থা ৰখা নাই দেশৰ নিৰ্বাচন আয়োগে৷ অৱশ্যে নিৰ্বাচন আয়োগত অসমত দুদিনৰ বাবে ৰাজহুৱা শুনানি গ্ৰহণ কৰিব যদিও সেই ৰাজহুৱা শুনানিত আগতীয়াকৈ দিল্লীলৈ লিখিত অভিযোগ প্ৰেৰণ নকৰা ৰাইজৰ সাক্ষ্য ল’ব নে নাই তাৰো কোনো নিশ্চিয়তা নাই৷ নিৰ্বাচন আয়োগে প্ৰকাশ কৰা অনুসৰি সদ্যপ্ৰকাশিত সমষ্টি পুনৰ নিৰ্ধাৰণৰ খচৰাক লৈ কাৰোবাৰ আপত্তি তথা অভিযোগ থাকিলে সেই অভিযোগ লিখিত আকাৰে ১১ জুলাইৰ ভিতৰত পোৱাকৈ দিল্লীস্থ দেশৰ নিৰ্বাচন আয়োগৰ সচিবলৈ প্ৰেৰণ কৰিব লাগিব৷ ইচ্ছুক দল-সংগঠন তথা ব্যক্তি বিশেষে ১১ জুলাইৰ বিয়লি ৪ বজাৰ পূৰ্বে পোৱাকৈ Secretary, Election Commission of India, Nirvachan Sadan, Ashoka Road, New Delhi-১১০০০১ ঠিকনালৈ অভিযোগ প্ৰেৰণ কৰিব লাগিব৷ ইয়াৰ পাছতেই নিৰ্বাচন আয়োগৰ দলে ২০ আৰু ২১ জুলাইত অসমত ৰাজহুৱা শুনানি গ্ৰহণ কৰিব৷ অৱশ্যে অসমৰ সমষ্টিয়ে সমষ্টিয়ে এই শুনানি ল’ব নে, নে গুৱাহাটীৰ পঞ্চতাৰকা হোটেলত বহি নিয়মমাফিক কাৰ্য সমাপ্ত কৰিব, সেয়া সময়তহে স্পষ্ট হ’ব৷