Logo
image

বছৰেকীয়া উৎসৱ বানৰ সম্ভাৱনা

‘বান’– শব্দটোৰ মহিমা অপাৰ৷ এই শব্দটোৱে যদি কাৰোবাৰ জীৱনলৈ নমাই আনিছে অমানিশা, আন কাৰোবাৰ বাবে ই হৈ পৰিছে ভোগ্য জীৱনৰ আহিলা৷ জ্ঞান হ’বৰ দিন ধৰি আজিৰ প্ৰজন্মই দেখি আহিছে যে প্ৰতিবছৰে বানত অসমৰ বহু লোকে প্ৰাণ হেৰুৱাবলগীয়া হয়, বহু হাজাৰ-লাখ হেক্টৰ বিঘা মাটি নৈৰ বুকুত জাহ জাবলগীয়া হয়, বহু লোক কৃষিহীন বা ভূমিহীন হয়৷ প্ৰতিবছৰে হয় প্ৰধানমন্ত্ৰী বা আন কোনো কেন্দ্ৰীয় মন্ত্ৰীয়ে এই পৰিস্থিতি পৰিদৰ্শন কৰিয়েই আছে আৰু বান-সাহায্য দিয়েই আছে৷ কিন্তু কথা হ’ল, মন্ত্ৰীৰ পৰিদৰ্শন বা সাহায্যই পৰিৱেশ-পৰিস্থিতিৰ কিবা সলনি ঘটাব পাৰিছেনে? বান পৰিস্থিতি, বান-সাহায্য, বানপীড়িত এলেকা, বান নিৰীক্ষণ আদিক লৈ দশক দশক ধৰি কেৱল ৰাজনীতি আৰু ৰাজনীতি৷ আঁচনিৰ ফুলজাৰিৰে টকাৰ শৰাধ কৰি এচাম নেতাই লাহ-বিলাহত মত্ত হোৱাৰ বিপৰীতে ভুক্তভোগী দুৰ্ভগীয়াজনে কিন্তু সদায়ে ককবকায়েই থাকিবলগীয়া হৈছে৷ যি সময়ত মাজুলীৰ ক্ৰন্দনত সমগ্ৰ ৰাজ্যবাসী ম্ৰিয়মাণ হৈ থাকে, সেই মাজুলীয়েই কিন্তু আন বহুতৰ বাবে সোণৰ কণী পৰা হাঁহ হৈ পৰে৷ বান এতিয়া এচামৰ বাবে বছৰেকীয়া উৎসৱ৷ এই উৎসৱৰ বাজেট বহুত৷ উদ্ধাৰ, সাহায্য, পুনৰ সংস্থাপনৰ পৰা আৰম্ভ কৰি মথাউৰি নিৰ্মাণলৈকে কেৱল প্ৰকল্প আৰু বাজেট৷ এই বাজেটেৰেই বহুতে আমোদ-প্ৰমোদ কৰিছে আৰু আন বহুতে পৰিয়াল পোহপাল দি আছে৷ ৰাইজে কেৱল দেখিছে, ভুগিছে আৰু পাঁচ বছৰৰ অন্তত বুকুত অযুত আশা লৈ ভোটটো দিছে৷ মাজুলী সুৰক্ষাৰ নামত নেতাৰ গগন ফলা চিঞৰ আৰু প্ৰতিশ্ৰুতি ৰাইজে দশক দশক ধৰি  দেখি আহিছে৷ কেন্দ্ৰৰ বান-সাহায্য, দিল্লীৱালাৰ বান নিৰীক্ষণ আদি বিষয়ক লৈ বিৰোধী, বুদ্ধিজীৱী আৰু জাতীয় সংগঠনৰ নেতাৰ হুলস্থূল এটা বছৰেকীয়া কাৰ্যসূচী মাত্ৰ৷ দিল্লীৱালাই বান নিৰীক্ষণ কৰকেই বা নকৰকেই, কেন্দ্ৰই বান সাহায্য দিয়কেই বা নিদিয়কেই, অসমৰ বান পৰিস্থিতি কিন্তু সদায় অপৰিৱৰ্তিত৷ এই অপৰিৱৰ্তিত পৰিস্থিতিয়ে এচাম নেতা, পালিনেতা, বিষয়া আৰু ঠিকাদাৰৰ কেৰিয়াৰ আৰু অৰ্থনৈতিক বিকাশৰ গ্ৰাফডাল ঊধবৰ্গামী হোৱাত বিশেষভাৱে সহায় কৰি আহিছে৷ এনে সময়ত সুবিধাবাদীৰ আকাল নাই৷ কোনোৱে যদি বানপীড়িতৰ আৱেগক প্ৰত্যক্ষ ৰাজনীতিৰ হাথিয়াৰ বনাইছে, আন কোনোৱে আকৌ আনক তোষামোদকাৰী চৰকাৰী দালাল বুলি কৈ নিজকে নিৰপেক্ষ জাতিপ্ৰেমী সজাই নিজৰ বহু অন্তৰ্নিহিত ৰাজনৈতিক স্বাৰ্থ পূৰণৰ অভিসন্ধি কৰিছে৷ ৰাজনৈতিক বা অৰাজনৈতিক(?)  নেতাৰ সেই অভিসন্ধি আৰু সুদূৰপ্ৰসাৰী স্বাৰ্থক সাধাৰণ মানুহৰ ক্ষুদ্ৰ মগজুৱে ঢুকি পোৱাৰ হয়তো সাধ্য নাই৷ আৰু যদি এনেদৰেই চলি থাকে, এনে পৰিস্থিতি সদায়েই অপৰিৱৰ্তিত হৈয়েই থাকিব৷ সেয়ে বিষয়টোক এক নতুন দৃষ্টিকোণেৰে চোৱাটো প্ৰয়োজন হৈ পৰিছে৷ কথাবোৰৰ বাস্তৱিকতা উপলব্ধি নকৰি কেৱল আৱেগত চিঞৰি আজিলৈকে আমি সমস্যাক সমস্যাই বনাই ৰাখিলোঁ৷ যি বান প্ৰতিৰোধৰ বাবে আমি মথাউৰি নিৰ্মাণত সদায়ে গুৰুত্ব দি আহিছোঁ, কেন্দ্ৰীয় সাহায্যৰ শ শ কোটি টকা কেৱল মথাউৰি নিৰ্মাণত ব্যয় কৰিছোঁ, সেই প্ৰলয়ংকৰী বানৰ বাবে মথাউৰি ব্যৱস্থাটোৱেই যে মূলতঃ দায়ী, আমি তাৰ বাস্তৱিকতা হয়তো উপলব্ধিয়েই কৰিব পৰা নাই৷ ৰাজ্যত যদি ক’তো এটাও মথাউৰি নাথাকিলেহেঁতেন, আমি সকলোৱে তলুৱা তিতা পানীত থাকিলোঁহেঁতেন৷ কিন্তু কাৰো ঘৰত এবুকু পানী নহয়৷ সকলো পথাৰ পলসুৱা হৈ আজি শস্য শ্যামলা হৈ থাকিলহেঁতেন৷ আজিৰ এই সমস্যাবোৰৰ বাবে অতীজৰে পৰা চলি অহা অদূৰদৃষ্টিসম্পন্ন ব্যৱস্থাটোৱেই দায়ী৷ বানক আমি আজিলৈকে সমস্যা হিচাপেই চাই আহিছোঁ৷ এই সমস্যাক কিন্তু আজিলৈকে কোনেও সম্পদলৈ ৰূপান্তৰ কৰিবলৈ যত্নপৰ হোৱা নাই৷ বাৰ মাহে বানত ডুবি থকা দেশ বাংলাদেশে আজি বানক ৰাষ্ট্ৰীয় সম্পদ বনাবলৈ যত্ন কৰিছে৷ কিন্তু আমি বছৰ বছৰ ধৰি কৰি আছোঁ ৰাজনীতি৷ আৰু যদি এনেদৰেই চলি থাকিবলৈ দিওঁ, ‘বান’ কাৰোবাৰ বাবে অভিশাপ হোৱাৰ বিপৰীতে এচামৰ বাবে কিন্তু ই এক বছৰেকীয়া উৎসৱেই হৈ থাকিব৷