Logo
image

মহামৃত্যুঞ্জয় মন্দিৰত ৰাজ্যপাল গোলাব চান্দ কাটাৰিয়া

ডিজিটেল সংবাদ, পুৰণিগুদামঃ নগাঁও জিলাৰ বঢ়মপুৰৰ সমীপৱৰ্তী ভেৰভেৰীৰ গোঁসাইগাওঁস্থিত বিশ্বৰ সৰ্বোচ্চ লিঙ্গাকাৰ শ্ৰীশ্ৰী মহামৃত্যুঞ্জয় মন্দিৰত বুধবাৰে ব্যক্তিগত ভ্ৰমণসূচী লৈ উপস্থিত হয় অসমৰ ৰাজ্যপাল গোলাব চান্দ কাটাৰিয়া৷ বিয়লি ১:৩০ বজাত ৰাজ্যপালগৰাকী মন্দিৰত উপস্থিত হোৱাৰ পাছতে মন্দিৰৰ কৰ্মকৰ্তাসকলৰ লগতে বঢ়মপুৰ সমষ্টিৰ বিধায়ক জিতু গোস্বামী, জিলা উপায়ুক্ত নৰেন্দ্ৰ কুমাৰ শ্বাহ প্ৰমুখ্যে জিলা প্ৰশাসনৰ বিষয়ববীয়াসকল তেখেতৰ আগমনক লৈ ব্যস্ত হৈ পৰে৷ মৃত্যুঞ্জয় বেদ বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীসকলে মঙ্গলাচৰণ শ্লোকেৰে ৰাজ্যপালগৰাকীক আদৰণি জনোৱাৰ পাছতে ৰাজ্যপালগৰাকীয়ে মন্দিৰত প্ৰৱেশ কৰি নিজৰ লগতে বিশ্ব শান্তিৰ বাবে পূজা-অৰ্চনা কৰে। পাছত তেওঁ মৃত্যুঞ্জয় মন্দিৰৰ পৰা মহাপুৰুষ শ্ৰীমন্ত শঙ্কৰদেৱৰ জন্মস্থান বটদ্ৰৱালৈ ৰাওনা হয় ৷