Logo
image

গুৱাহাটী বিশ্ববিদ্যালয়ৰ চৌহদ

এটা দশক আগলৈকে গুৱাহাটী বিশ্ববিদ্যালয় বুলিলে কৃষ্ণচূড়া, সোণাৰু আদি ফুল আৰু অসংখ্য গছ, পুখুৰীৰে সুসজ্জিত চৌহদ এটাহে প্ৰথমে মনলৈ আহিছিল৷ পুখুৰীসমূহত শ্বেত পদুম, গুলপীয়া ভেট আৰু বেগুনীয়া মেটেকা ফুলৰ পোহাৰ৷ ইয়াৰ মাজেৰেহে পুথিভঁৰাল, বিজ্ঞানাগাৰ, কাৰ্যালয় আদি চকুত পৰিছিল৷ এসময়ত বিশ্ববিদ্যালয়ৰ সন্মুখৰ আয়তাকাৰৰ বৃহৎ পুখুৰীটোৱে সকলোকে এক বিশেষ আভিজাত্যৰে আদৰণি জনাইছিল৷ বিদেশত সৰ্বত্ৰ এখন মহানগৰ বা এটা অনুষ্ঠানৰ আৱস্থানিক চিহ্নসমূহক বিশেষ গুৰুত্বৰে সংৰক্ষণ কৰা হয়৷ ইয়াৰ বিপৰীতে একালৰ সেই বিখ্যাত পুখুৰীটো বাট-পথ নিৰ্মাণৰ নামত নিঃচিহ্ন কৰি দিয়া হ’ল আৰু লগতে আন জলাশয়সমূহো বৰ্তমান প্ৰাণহীন অৱস্থাত৷ কিছুদিনৰ আগতে এসময়ৰ তিনিটা উজ্জ্বল পদুম পুখুৰীৰো অকাল মৃত্যু হোৱা বুলি বাতৰিত পোৱা গ’ল৷ পাঁচ বছৰ আগলৈকে এই পুখুৰীকেইটাই পদুমেৰে সুশোভিত হৈ চৌহদৰ শোভা বঢ়াই আছিল৷

কিছু বছৰ আগৰ কথা৷ বিশ্ববিদ্যালয় চৌহদত এখন বায়’ডাইভাৰ্ছিটী পাৰ্ক নিৰ্মাণ কৰাৰ আঁচনি লোৱা হৈছিল আৰু সেই সময়ত এটা ৰগৰৰ প্ৰচলন হৈছিল যে পাৰ্কৰ বাবে জলাশয়সমূহ পুতি ভূমি সাজু কৰাৰ বাবে জলাশয়ৰ আপুৰুগীয়া কাছৰ মৃত্যু হৈছে আৰু সাপ, বেং, বাদুলী আদি গৈ অধ্যাপকৰ আৱাসত আশ্ৰয় লৈছে৷ এই মন্তব্য একেবাৰে কাল্পনিক নহয়৷ এসময়ত বিশ্ববিদ্যালয়ত campus beautification শীৰ্ষক এখন কমিটীও গঠন কৰা হৈছিল৷ বৰ্তমান সেইখন নাই৷

গুৱাহাটী বিশ্ববিদ্যালয় সমগ্ৰ অসমবাসীৰ বাবে আদৰৰ, গৌৰৱৰ আৰু লগতে আদৰ্শ স্বৰূপ৷ ইয়াত জীৱবিজ্ঞান, উদ্ভিদ বিজ্ঞান, মৎস্য পালন, জলসম্পদবিষয়ক বিভিন্ন বিভাগ আছে য’ত অতি উচ্ছমানৰ শিক্ষা আৰু গৱেষণা আদি কৰা হয়৷ এই বিভাগসমূহে বিশাল চৌহদটোৰ একাংশত উন্নতমানৰ জৈৱিক কৃষি, ঔষধি গছ ৰোপণ, আপুৰুগীয়া ফলমূল আদিৰ খেতি কৰি ছাত্ৰ-ছাত্ৰীৰ লগতে নিবনুৱা যুৱককো উৎপাদনমুখী কৃষিকাৰ্যৰ প্ৰতি উৎসাহিত কৰিব পাৰে৷ সেইদৰে জলাশয় আৰু পুখুৰীসমূহত থলুৱা মাছ পালনৰ লগতে বৰ্তমান বজাৰত বিশেষ চাহিদা থকা আলংকাৰিক মাছৰ খেতিৰ ব্যৱস্থা কৰি কিছু লোকক উপাৰ্জনৰ দিহা কৰিব পাৰে৷ বিশ্ববিদ্যালয়ৰ একাংশ পাহাৰ আৰু মুকলি ঠাই ঘাঁহনি আৰু জোপোহা গছেৰে বিস্তৃতভাৱে আগুৰা, য’ত উন্নত জাতৰ পশুপালনৰ বিশাল সম্ভাৱনা আছে৷ দুগ্ধ উৎপাদন আৰু দুগ্ধজাত সামগ্ৰী প্ৰস্তুতৰ গৱেষণা, উদ্যোগ আদিৰ প্ৰকল্প গৱেষকসকলে হাতত ল’লে কেন্দ্ৰীয় চৰকাৰে আৰ্থিক সাহায্যও দিয়ে৷ এসময়ত গুৱাহাটী বিশ্ববিদ্যালয়ৰ প্ৰাণীবিজ্ঞান বিভাগত বিভিন্ন থলুৱা প্ৰজাতিৰ মাছৰ ইতিহাস, সংৰক্ষণ আদিৰ বিষয়ে যথেষ্ট গৱেষণা কৰা হৈছিল৷ এনেবোৰ কামৰ ফলাফল আৰু উপযোগিতাই দাঁতি-কাষৰৰ কিছু যুৱককো সামৰি Lab to Land নীতি ল’লে ভাল৷ ইয়াৰ বাবে প্ৰয়োজনীয় মাটিৰ অভাৱ বিশ্ববিদ্যালয় চৌহদত নহ’ব৷ বিদেশৰ ভালেমান বিশ্ববিদ্যালয়ত বিশাল জলাশয়ক উপযুক্তভাৱে সংৰক্ষণ কৰি ৰাজকীয়ভাৱে ৰাজহাঁহ আদি পুহি শোভা বৰ্ধনৰ ব্যৱস্থা কৰা হয়৷ দক্ষিণ কোৰিয়াৰ ৰাজধানী ছিউলৰ ভালেমান শিক্ষানুষ্ঠান আৰু বিশ্ববিদ্যালয়তো চৌহদৰ খেতিৰ পাচলি ছাত্ৰাৱাসৰ ৰান্ধনিশালত ব্যৱহাৰ কৰে৷ গুৱাহাটী বিশ্ববিদ্যালয়েও পৰীক্ষামূলকভাৱে এনে কিছু কাম হাতত লোৱা উচিত৷ বিদেশলৈ গৱেষণাৰ কামত যোৱা ছাত্ৰ-ছাত্ৰীয়ে এনে আৰ্হি গ্ৰহণ কৰি নিজৰ শিক্ষানুষ্ঠানত প্ৰয়োগ কৰিব পাৰে৷ এক উন্নতমানৰ ভূমিৰ বিজ্ঞানসন্মত ব্যৱহাৰৰ আঁচনি প্ৰস্তুত কৰি পৰীক্ষাগাৰৰ ইতিবাচক ফলাফলসমূহৰ প্ৰভাৱ বাহিৰৰ জগতলৈ উলিয়াই আনিব পৰাতহে গৱেষণাৰ প্ৰকৃত সফলতা নিৰ্ভৰ কৰে৷ আশাকৰোঁ গুৱাহাটী বিশ্ববিদ্যালয় চৌহদতে ইয়াৰ শুভাৰম্ভ হ’ব আৰু লগতে পদুম পুখুৰীও সংৰক্ষিত হ’ব৷