Logo
image

ব্ৰিজভূষণক চাৰ্জশ্বীট! শাস্তিৰ সাহস গোটাব পৰা নাই বিজেপিয়ে

‘আমাৰ অসম’ৰ বিশেষ প্ৰতিবেদন, ১৩ জুলাইঃ ভাৰতীয় ৰেছলিং ফেডাৰেচনৰ যৌন নিৰ্যাতনকাৰী সভাপতি ব্ৰিজভূষণ চাৰণ সিঙৰ বিৰুদ্ধে যৌন নিগ্ৰহকে ধৰি তিনিটা কঠোৰ ধাৰাৰ অধীনত দিল্লী আৰক্ষীয়ে আদালতত অভিযোগনামা দাখিল কৰিলেও তেওঁৰ বিৰুদ্ধে বিজেপি অথবা কেন্দ্ৰীয় চৰকাৰে কোনো পদক্ষেপ ল’বলৈ সাহস কৰা নাই৷ বিজেপিৰ পৰা পাঁচ বাৰকে ধৰি মুঠতে ছবাৰৰ বাবে হোৱা উত্তৰ প্ৰদেশৰ বাহুবলী সাংসদ ব্ৰিজভূষণৰ ৰাজ্যখনৰ ৰাজনীতিত সীমাহীন প্ৰভাৱ আছে৷ ২০২৪ চনৰ সাধাৰণ নিৰ্বাচনৰ পূৰ্বে বাহুবলী সাংসদজনৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰিলে বিজেপিৰ ভোটবেংক ক্ষতিগ্ৰস্ত হোৱাৰ আশংকাতে মোদী চৰকাৰে তেওঁক গ্ৰেপ্তাৰৰ নিৰ্দেশ দিয়া নাই বুলি চৰ্চা হৈছে৷ ব্ৰিজভূষণে এতিয়াও দম্ভালি মাৰি ৰেছলিং ফেডাৰেচনৰ সভাপতিৰ পদৰ পৰা পদত্যাগ নকৰে বুলি কৈছে৷ মোদী চৰকাৰে তেওঁক সেই পদৰ পৰাও অপসাৰণৰ সাহস গোটোৱা নাই৷ অথচ দিল্লী আৰক্ষীয়ে আদালতত দাখিল কৰা অভিযোগনামাত অন্তৰ্ভুক্ত কৰা অভিযোগ প্ৰমাণ হ’লে ব্ৰিজভূষণৰ ৫-৭ বছৰ কাৰাদণ্ড হোৱাতো খাটাং৷ আৰক্ষীৰ হাতত ব্ৰিজভূষণে মহিলা মল্লযোদ্ধাক যৌন নিৰ্যাতন চলোৱা ‘অডিঅ’-ফিজুৱেল’ প্ৰমাণ মজুত আছে৷ ধাৰণা কৰা হৈছে বিজেপিয়ে আৰু মোদী চৰকাৰে ব্ৰিজভূষণৰ বিৰুদ্ধে নিজাববীয়াকৈ কোনো পদক্ষেপ গ্ৰহণ নকৰে, যাতে তাৰ ফলত দল আৰু চৰকাৰৰ উত্তৰ প্ৰদেশৰ ভোট বেংকৰ কোনো ক্ষতি নহয়৷ ব্ৰিজভূষণৰ বিৰুদ্ধে যি শাস্তি হয়, সেয়া আইন-আদালতৰ জৰিয়তে হ’লে দল আৰু চৰকাৰ উভয়েই ৰক্ষা পৰিব৷ যদি আদালতত ব্ৰিজভূষণ দোষমুক্ত হয়, সেয়াও বিজেপিৰে লাভ৷ অন্ততঃ দল আৰু চৰকাৰে তেওঁক বলিৰ পঠা সজোৱা বুলি উঠিব পৰা বদনামৰ পৰা সাৰি থাকিব৷ 
ভাৰতীয় ৰেছলিং ফেডাৰেচনৰ সভাপতি ব্ৰিজভূষণ চাৰণ সিঙৰ বিৰুদ্ধে দিল্লী আৰক্ষীয়ে যি অভিযোগনামা আদালতত দাখিল কৰিছে, সেই অভিযোগ প্ৰমাণ হ’লে তেওঁৰ প্ত-জ্জ বছৰৰ কাৰাদণ্ড হ’ব পাৰে৷ তিনিটা গুৰুতৰ অভিযোগত অভিযুক্ত কৰি তদন্তকাৰী দিল্লী আৰক্ষীয়ে ব্ৰিজভূষণৰ বিৰুদ্ধে অভিযোগনামা দাখিল কৰাৰ পাছতেই বিভিন্ন পক্ষৰ পৰা তেওঁক গ্ৰেপ্তাৰ কৰাৰ বাবে প্ৰবল দাবী উত্থাপিত হৈছে৷ তথাপি দিল্লী আৰক্ষীয়ে আইনৰ সুৰুঙা দেখুৱাই বিজেপিৰ বাহুবলী সাংসদজনক গ্ৰেপ্তাৰৰ পৰা বিৰত আছে৷ দিল্লী আৰক্ষীয়ে ব্ৰিজভূষণৰ বিৰুদ্ধে ভাৰতীয় দণ্ডবিধিৰ ৩৫৪ (শ্লীলতাহানি), ৩৫৪এ (যৌন নিগ্ৰহ) আৰু ৩৫৪ ডি (উত্যক্ত কৰা)ৰ অধীনত অভিযুক্ত কৰি আদালতত অভিযোগনামা দাখিল কৰিছে৷ উল্লেখ্য, ব্ৰিজভূষণৰ বিৰুদ্ধে দেশৰ ছগৰাকী মহিলা মল্লযোদ্ধাই যৌন নিগ্ৰহৰ অভিযোগ উত্থাপন কৰাত দেশজুৰি চাঞ্চল্যৰ সৃষ্টি হৈছিল৷ এগৰাকী অভিযোগকাৰী নাবালিকা আছিল যদিও পাছত তেওঁৰ পিতৃয়ে হেঁচাত পৰি ঘটনাৰ সময়ত অভিযোগকাৰী নাবালিকা নাছিল বুলি আদালতত পূৰ্বৰ ভাষ্য সলনি কৰে৷ অৱশ্যে আদালতে ব্ৰিজভূষণৰ বিৰুদ্ধে এতিয়াই পক্‌ছ’ অৰ্থাৎ নাবালিকাৰ বিৰুদ্ধে যৌন নিগ্ৰহৰ অভিযোগৰ গোচৰ প্ৰত্যাহাৰ নকৰিবলৈ দিল্লী আৰক্ষীক নিৰ্দেশ দিছে৷ আনহাতে, দিল্লীৰ ৰাউছ এভিনিউ আদালতে অহা ১৮ জুলাইত ব্ৰিজভূষণ চাৰণ সিঙক আদালতত উপস্থিত হ’বলৈ নিৰ্দেশ দিছে৷ তেওঁৰ উপৰি আন এজন অভিযুক্ত, ৰেছলিং ফেডাৰেচনৰ সহ-সচিব বিনোদ তোমৰকো একেখন আদালতে একেদিনাই চমন জনাইছে৷ উল্লেখ্য, ব্ৰিজভূষণক যৌন নিৰ্যাতনকাৰী বুলি অভিহিত কৰি অলিম্পিক পদকবিজয়ী সাক্ষী মালিক, বৰজং পুনিয়া, এছিয়াড চেম্পিয়ন মল্লযোদ্ধা ৱিনেশ ফোগাটসহ দেশৰ আগশাৰীৰ মল্লযোদ্ধাই গোচৰ ৰুজু কৰিছিল৷ তেওঁৰ গ্ৰেপ্তাৰ আৰু ৰেছলিং ফেডাৰেচনৰ সভাপতিৰ পদৰ পৰা অপসাৰণৰ দাবীত দেশৰ শীৰ্ষস্থানীয় মল্লযোদ্ধাই দুবাৰকৈ ধৰ্ণাত বহিলেও তেওঁক দিল্লী আৰক্ষীয়ে গ্ৰেপ্তাৰ বা জেৰাৰ সাহস গোটাব পৰা নাই৷ দিল্লী আৰক্ষীৰ দাবী, উচ্ছতম ন্যায়ালয়ৰ এক ৰায় অনুসৰি যি অপৰাধৰ শাস্তি সাত বছৰ পৰ্যন্ত কাৰাবাস হ’ব পাৰে, তেনে অভিযুক্তক গ্ৰেপ্তাৰ কৰা বাধ্যতামূলক নহয়৷ অথচ অভিযোগকাৰী ছগৰাকী মহিলা মল্লযোদ্ধাৰ চাৰিগৰাকীয়ে তেওঁলোকে কৰা অভিযোগ সন্দৰ্ভত ‘অডিঅ’-ভিজুৱেল’ প্ৰমাণ আৰক্ষীৰ ওচৰত দাখিল কৰিছে৷ তথাপি এতিয়াও মুক্ত বিজেপিৰ বাহুবলী সাংসদ ব্ৰিজভূষণ চাৰণ সিং৷ 
যোৱা জানুৱাৰীত নিৰ্যাতিত মল্লযোদ্ধা আৰু তেওঁলোকৰ সমৰ্থকে ব্ৰিজভূষণৰ গ্ৰেপ্তাৰ আৰু অপসাৰণৰ দাবীত ধৰ্ণা দিছিল৷ তেতিয়া ভাৰতীয় অলিম্পিক সংস্থাৰ মুৰব্বী পি টি ঊষাৰ নেতৃত্বত এম চি মেৰীকমৰ দৰে সদস্য অন্তৰ্ভুক্ত কৰি এখন তদন্ত কমিটী গঠন কৰি দিছিল কেন্দ্ৰীয় ক্ৰীড়া মন্ত্ৰণালয়ে৷ কিন্তু তদন্ত কমিটীৰ কাৰ্যকলাপ আৰু প্ৰতিবেদন (অপ্ৰকাশিত) একপক্ষীয় হোৱাৰ অভিযোগ তুলি মল্লযোদ্ধাসকলে পুনৰ ২৩ এপ্ৰিলৰ পৰা যন্তৰ-মন্তৰত ধৰ্ণাত বহে৷ তাৰ পূৰ্বে ২১ এপ্ৰিলত তেওঁলোকে দিল্লীৰ কনাট প্লেচ থানাৰ আৰক্ষীৰ ওচৰত ব্ৰিজভূষণৰ বিৰুদ্ধে গোচৰ ৰুজু কৰে৷ এমাহতকৈ অধিক দিন চলা আৰু সমগ্ৰ দেশবাসীৰ পৰা সমৰ্থন লাভ কৰা এই ধৰ্ণা ২৮ মে’ত নতুন সংসদ ভৱন উদ্বোধনৰ দিনা অপ্ৰীতিকৰ পৰিস্থিতিত সামৰণি পৰে৷ সেইদিনা আন্দোলনকাৰীয়ে সংসদ ভৱনলৈ পদযাত্ৰা কৰাৰ যো-জা চলাওতেই দিল্লী আৰক্ষীয়ে সাক্ষী মালিক, বজৰং পুনিয়াসহ সকলোকে মাৰপিট কৰি গ্ৰেপ্তাৰ কৰে৷ দুদিন পাছত আন্দোলনকাৰীয়ে বাৰানসীৰ ঘাটত তেওঁলোকৰ সকলো পদক গংগাত উটুৱাবলৈ পদক্ষেপ ল’লেও কৃষক সংগঠনৰ নেতাৰ হস্তক্ষেপত তেওঁলোকে সেই পদক্ষেপ গ্ৰহণৰ পৰা বিৰত থাকে৷ ইয়াৰ পাছতে আন্দোলনকাৰীৰ সৈতে কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহৰ এখন বৈঠক হয় আৰু গৃহমন্ত্ৰীয়ে ব্ৰিজভূষণক গ্ৰেপ্তাৰৰ বাহিৰে আন্দোলনকাৰীৰ আন প্ৰায় সকলো দাবী মানি লয়৷ তেওঁ আন্দোলনকাৰীক ১৫ জুনৰ ভিতৰত দিল্লী আৰক্ষীয়ে অভিযোগনামা দাখিলৰ প্ৰতিশ্ৰুতি দিলেও পাছত আৰক্ষীয়ে সময় বঢ়াই লয়৷ গৃহমন্ত্ৰীৰ আশ্বাসৰ পাছত তদন্ত প্ৰক্ৰিয়া ত্বৰান্বিত হয় আৰু আন্দোলনকাৰীয়ে ধৰ্ণা সাময়িকভাৱে স্থগিত ৰাখে৷ 
সম্প্ৰতি বিৰোধী ৰাজনৈতিক দল কংগ্ৰেছকে ধৰি বিভিন্ন পক্ষই ব্ৰিজভূষণৰ গ্ৰেপ্তাৰ আৰু এই সন্দৰ্ভত প্ৰধানমন্ত্ৰী মোদীৰ বক্তব্য দাবী কৰিছে৷ কিন্তু আৰক্ষীৰ হাতত যথোপযুক্ত প্ৰমাণ থকা সত্ত্বেও মোদী চৰকাৰে ব্ৰিজভূষণ সন্দৰ্ভত নীৰবতা অৱলম্বন কৰি ব্যৱস্থা গ্ৰহণৰ পৰা বিৰত আছে৷