Logo
image

মধ্যপ্ৰদেশৰ কুনো ৰাষ্ট্ৰীয় উদ্যানত পুনৰ চিতাবাঘৰ মৃত্যুঃ ৫ মাহত মৃত্যুমুখত ৮টা চিতা

ডিজিটেল ডেস্কঃ মধ্যপ্ৰদেশৰ কুনো ৰাষ্ট্ৰীয় উদ্যানত পুনৰ আন এটি চিতাবাঘৰ মৃত্যু ঘটিছে৷ উল্লেখ্য যে কিছুদিন পূৰ্বে ৰাষ্ট্ৰীয় উদ্যানখনলৈ দক্ষিণ আফ্ৰিকাৰ নামিবিয়াৰ পৰা অনা হৈছিল কেইবাটাও চিতাবাঘ৷ শুকুৰবাৰে  ইয়াৰে সুৰয নামৰ চিতাবাঘটোৰ মৃত্যু ঘটে৷ ইয়াৰ লগে লগে পাঁচ মাহৰ ভিতৰত উদ্যানখনত মৃত্যু ঘটা চিতাবাঘৰ সংখ্যা আঠটালৈ বৃদ্ধি পালে৷ সুৰয নামৰ চিতাবাঘটোৰ মৃত্যুৰ কাৰণ এতিয়ালৈকে জানিব পৰা হোৱানাই৷ অষ্টমটো চিতাবাঘৰ মৃত্যুৰ পাছত সম্প্ৰতি ৰাষ্ট্ৰীয় উদ্যানখনত আৰু দহটাহে চিতাবাঘ আছে৷ স্মৰ্তব্য যে যোৱা মঙলবাৰেও উদ্যানখনত আন এটি চিতাবাঘৰ মৃত্যু ঘটিছিল৷ ইয়াৰ পূৰ্বে ৰাষ্ট্ৰীয় উদ্যানখনত ২৭ মাৰ্চত প্ৰথমটো চিতাবাঘে বৃক্কজনিত ৰোগত আক্ৰান্ত হৈ মৃত্যুমুখত পৰিছিল৷ তাৰ কিছুদিনৰ পাছতে উদয় নামৰ আন এটা চিতাবাঘৰ মৃত্যু ঘটে হৃদৰোগত আক্ৰান্ত হৈ৷ ৰাষ্ট্ৰীয় উদ্যানখনত এনেদৰে এটাৰ পাছত এটাকৈ চিতাবাঘৰ মৃত্যু ঘটাত স্বাভাৱিকতে চিন্তিত হৈ পৰিছে উদ্যান কতৃৰ্পক্ষ৷