Logo
image

লখিমপুৰ আৰক্ষীৰ এটা ভিডিঅ’ই লগাইছে তোলপাৰঃ এগৰাকী যুৱতীক কিয় আৰক্ষী বিষয়াই বলপূৰ্বকভাৱে টানি নিছিল নিজৰ আৱাসলৈ?

ডিজিটেল সংবাদ, লখিমপুৰঃ লখিমপুৰ আৰক্ষীৰ এটা ভাইৰেল ভিডিঅ’ই ছ'চিয়েল মিডিয়াত তোলপাৰ লগাইছে৷ কেইমাহ মান পূৰ্বৰ পুৰণি এটা ভিডিঅ’ই অসম আৰক্ষীক লজ্জানত কৰিছে৷ মাজনিশা এগৰাকী যুৱতীক ডিঙিত ধৰি টানি লৈ গৈছিল এজন ,আৰক্ষী বিষয়াই৷ যুৱতীক ডিঙিত ধৰি টানি নিয়া এই আৰক্ষী বিষয়াজন হৈছে এছ আই গৌৰৱ ভূমিজ৷ সম্প্ৰতি ছ'চিয়েল মিডিয়াত ব্যাপক ৰূপত ভাইৰেল হোৱা আৰক্ষী বিষয়াজন সেই সময়ত লখিমপুৰৰ খেলমাটি আৰক্ষী চকীত উপ-পৰিদৰ্শক হিচাপে কৰ্মৰত হৈ আছিল৷ সেই সময়ত ভূমিজে লখিমপুৰ সদৰ থানাৰ চৌহদৰ পিছফালৰ এটা আৱসত আছিল আৰু তেওঁ যুৱতীগৰাকীক সদৰ থানাৰ পিছফালৰ আৱাসিক কলনিলৈ বলপূৰ্বকভাৱে ডিঙিত ধৰি টানি লৈ যোৱা দৃশ্য ভিডিঅ’টিত প্ৰত্যক্ষ কৰা হয়৷ নিশা বিষয়াজনে সুৰাসক্ত অৱস্থাত অসহায় যুৱতীগৰাকীক চৰকাৰী আৱাসৰ নিজৰ কোঠালৈ টানি নিয়া দৃশ্য বন্দী কৰিছিল কোনো লোকে৷ এই ঘটনাতো তেতিয়া গাপ দি ৰখা হৈছিল আৰু ভিডিঅ’ কৰা কেইজনকো মাৰপিট কৰি ভিডিঅ’ ডিলিট কৰিবলৈ বাধ্য কৰোৱা হৈছিল বুলি অভিযোগ উঠিছে৷ সম্প্ৰতি এছ আই ভূমিজে লখিমপুৰ জিলাৰে হাৰমতী আৰক্ষী থানাত কৰ্তব্যত নিয়োজিত হৈ আছে৷ আনহাতে, দুদিন পূৰ্বে হাৰমতী আৰক্ষীচকী এলেকাধীন ৰাষ্ট্ৰীয় ঘাইপথত তালাচীৰ সময়ত এই বিষয়াজনে ড্ৰাগছ পেডেলাৰক ধৰি পিছত ৰহস্যজনকভাৱে এৰি দিয়া বুলিও সৰ্বত্ৰ চৰ্চিত হৈছে৷ এই সমগ্ৰ ঘটনাৰ উচিত তদন্তৰ ব্যৱস্থা কৰিবলৈ অসম আৰক্ষীৰ সঞ্চালক প্ৰধানক সকলোৱে আহ্বান জনাইছে৷ উল্লেখনীয় যে এছ আই ভূমিজে ডিঙিত ধৰি টানি নিয়া এই যুৱতীগৰাকী কোন আছিল, সেই তথ্য এতিয়াও পোহৰলৈ অহা নাই যদিও কোনো কোনোৱে যুৱতীগৰাকী ভূমিজৰ প্ৰেমিকা বুলিও ক’ব বিচাৰে৷