Logo
image

গুৱাহাটীত জিগনেশ মেৱানী

‘আমাৰ অসম’ৰ গুৱাহাটীৰ প্ৰতিবেদক, ১৭ জুলাইঃ পুনৰ অসমত উপস্থিত গুজৰাটৰ কংগ্ৰেছ বিধায়ক জিগনেশ মেৱানী৷ অসম আৰক্ষীয়ে ৰুজু কৰা এটা গোচৰত গুজৰাটৰ কংগ্ৰেছ নেতাজনে বৰপেটাৰ   আদালতত হাজিৰ হ’ব৷ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক টুইট যোগে সমালোচনা কৰাৰ অভিযোগত বিটিএডিৰ বিজেপি নেতা অৰূপ কুমাৰ দে’ৰ এজাহাৰৰ ভিত্তিত গুজৰাটৰ বিধানসভা নিৰ্বাচনৰ পূৰ্বে বিগত বৰ্ষৰ ২০ এপ্ৰিলত আহমেদাবাদৰ পৰা অসম আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰি আনিছিল গুজৰাট কংগ্ৰেছৰ শীৰ্ষ নেতাজনক৷ অৱশ্যে কোকৰাঝাৰলৈ নি থকা অৱস্থাত বৰপেটাত অসম আৰক্ষীৰ এগৰাকী মহিলা জোৱানক আক্ৰমণ তথা বেয়া ব্যৱহাৰ কৰা অভিযোগত দ্বিতীয়বাৰলৈ গ্ৰেপ্তাৰ কৰা হৈছিল গুজৰাটৰ ভাদগাম সমষ্টিৰ বিধায়ক মেৱানীক৷ মহিলা আৰক্ষীক আক্ৰমণৰ উক্ত গোচৰটোতে সোমবাৰে বৰপেটা আদালতৰ শুনানিত হাজিৰ হ’ব দলিত নেতাজন৷ আদালতৰ চমনৰ পাছতেই দেওবাৰে গুৱাহাটীত আহি উপস্থিত হোৱা কংগ্ৰেছ বিধায়ক জিগনেশ মেৱানীয়ে সংবাদ মাধ্যমৰ আগত কয়– মই আদালতৰ ন্যায়িক প্ৰক্ৰিয়া আৰু সংবিধানক শ্ৰদ্ধা কৰো৷ মই আইন মানি চলা এজন নাগৰিক৷ সেয়েহে বৰপেটা আদালতত মই কাইলৈ হাজিৰ হ’ম৷ মোৰ কাৰো লগত শত্ৰুতা নাই৷ অসমৰ মুখ্যমন্ত্ৰী আৰু অসম আৰক্ষীৰ লগতো মোৰ কোনো শত্ৰুতা নাই৷ আদালতত চৰকাৰে তেওঁলোকৰ যুক্তি আগবঢ়াব আৰু ময়ো নিজৰ যুক্তি আগবঢ়াম৷’ জিগনেশ মেৱানীয়ে বিজেপিৰ বিৰুদ্ধে দেশৰ সাধাৰণ জনতাই ক্ষোভ ব্যক্ত কৰা বুলি উল্লেখ কৰি ২০২৪ৰ সাধাৰণ নিৰ্বাচনৰ সন্দৰ্ভত কয়– ‘আগন্তুক ২০২৪ চনৰ লোকসভাৰ সাধাৰণ নিৰ্বাচন অতি গুৰুত্বপূৰ্ণ হ’ব৷ মূল্যবৃদ্ধি আৰু নিবনুৱা সমস্যাই সকলো সীমা অতিক্ৰম কৰিলে৷  সমগ্ৰ দেশতে কৃষক আৰু ছাত্ৰ-ছাত্ৰীয়ে আত্মহত্যা কৰিছে৷ ভাৰতীয় জনতা পাৰ্টিয়ে  কংগ্ৰেছৰ উত্থানত শংকিত হৈছে৷ চৰকাৰে মোৰ দৰে ৰাজনৈতিক সত্তাক লক্ষ্য কৰি লৈছে৷ অৱশ্যে ভাৰত জোড়ো যাত্ৰা আৰু কৰ্ণাটক নিৰ্বাচনত জনসাধাৰণৰ আদেশৰ পাছত কংগ্ৰেছ দলৰ ভাগ্যৰ উত্থান দেখা গৈছে৷ কংগ্ৰেছে প্ৰতিটো ধৰ্মক সন্মান কৰে৷ সকলো বিৰোধী দলে নিজৰ মতানৈক্য একাষৰীয়া কৰি হাত মিলাই বিজেপিৰ বিৰুদ্ধে যুঁজ দিব লাগে৷ ইয়াৰ দ্বাৰা ভাল ফলাফল নিশ্চিত হ’ব আৰু সংবিধান ৰক্ষা কৰাত সহায়ক হ’ব৷ আমি আশা কৰিছো যে ২০২৪ চনৰ নিৰ্বাচনৰ প্ৰতি লক্ষ্য ৰাখি ভাৰত জোড়ো যাত্ৰা ফলপ্ৰসূ হ’ব৷ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে নৱপ্ৰজন্মৰ আশা ভংগ কৰিলে, তেওঁলোকৰ সপোন সাৰ্থক নহ’ল৷ বিজেপি চৰকাৰৰ দিনত বৰ্তমান দেশৰ পৰিস্থিতি ভাল নহয়৷ দেশৰ সাধাৰণ জনতাই সকলো উপলব্ধি কৰিবলৈ সক্ষম হৈছে৷  ২০২৪ ত কংগ্ৰেছ আৰু বিৰোধী দলৰ ভূমিকা ভাল হ’ব৷ কংগ্ৰেছৰ এটাই বিচাৰধাৰা যে হিন্দু, মুছলীম, শিখ, খ্ৰীষ্টান ভাৰত মাতাৰ চাৰি চিপাহী৷ কংগ্ৰেছে সকলোকে একেলগে লৈ আগবাঢ়ে৷ এয়া দেশৰ সংস্কৃতি৷ বিজেপিক প্ৰতিহত কৰাৰ স্বাৰ্থত বিৰোধীয়ে উমৈহতীয়া প্ৰাৰ্থী দিয়াটো সময়ৰ আহ্বান৷ বিৰোধী ঐক্যবদ্ধ হ’লে ভাল ফলাফল পোৱা যাব আৰু দেশৰ গণতন্ত্ৰ আৰু সংবিধান সুৰক্ষিত হ’ব৷ উল্লেখ্য প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ বিৰুদ্ধে আপত্তিজনক মন্তব্য কৰা সন্দৰ্ভত ৰুজু হোৱা এটা গোচৰৰ ভিত্তিত গ্ৰেপ্তাৰ হৈছিল গুজৰাটৰ ভাদগাম বিধানসভা সমষ্টিৰ কংগ্ৰেছৰ বিধায়ক তথা দলিত নেতা জিগনেশ মেৱানী৷ বিগত বৰ্ষত ১৯ এপ্ৰিলত অসমৰ কোকৰাঝাৰত ৰুজু হোৱা গোচৰৰ ভিত্তিত ২০ এপ্ৰিলৰ নিশা অসম আৰক্ষীয়ে গুজৰাটৰ কংগ্ৰেছী বিধায়কজনক গ্ৰেপ্তাৰ কৰিছিল৷ গুজৰাটত উপস্থিত হোৱা অসম আৰক্ষীৰ দলে জিগনেশ মেৱানীক নিশা প্ৰায় ১১.৩০ বজাত গ্ৰেপ্তাৰ কৰি পিচদিনা পুৱা বিমানযোগে গুৱাহাটীলৈ আনিছিল আৰু গুৱাহাটীৰ পৰা অতি সংগোপনে কোকৰাঝাৰলৈ লৈ গৈছিল৷ সেই সময়তে মহিলা আৰক্ষী বিষয়াক বেয়া ব্যৱহাৰ কৰাৰ অভিযোগত মেৱানীক গ্ৰেপ্তাৰ কৰিছিল অসম আৰক্ষীয়ে৷ এই গোচৰত ৰাজহুৱা স্থানত অশ্লীল শব্দ উচ্ছাৰণ, স্বেচ্ছাই আঘাত দিয়া, কৰ্তব্য পালনত এজন চৰকাৰী কৰ্মচাৰীক আক্ৰমণ কৰা আৰু এগৰাকী মহিলাৰ ওপৰত অপৰাধমূলক বল প্ৰয়োগ কৰাৰ অভিযোগত মেৱানীৰ বিৰুদ্ধে ভাৰতীয় দণ্ডবিধিৰ ২৯৪, ৩২৩, ৩৫৩ আৰু ৩৫৪ ধাৰাত গোচৰ ৰুজু কৰা হৈছিল৷