Logo
image

কাশ্মীৰত অসমৰ চি আৰ পি এফ জোৱানৰ মৃত্যু

ডিজিটেল সংবাদ, মৰিয়নিঃ কাশ্মীৰৰ অনন্তনাগ জিলাত কৰ্মৰত অসমৰ এগৰাকী অৰ্ধসামৰিক বাহিনীৰ জোৱানে শুকুবাৰে পুৱা আকস্মিকভাৱে মৃত্যুক আকোৱালি লয়। টংকেশ্বৰ দাস নামৰ চি আৰ পি এফৰ জোৱানজনৰ গৃহভূমি যোৰহাট জিলাৰ মৰিয়নি নগৰৰ ৪ নম্বৰ ৱাৰ্ডৰ নতুন মাটি অঞ্চলত পুৱা এই দুঃসংবাদ বিয়পি পৰাৰ লগে লগে সমগ্ৰ অঞ্চলটো শোকত ম্ৰিয়মান হৈ পৰে। 

জোৱানজনৰ পিতৃৰ পৰা জানিব পৰা মতে, বৃহস্পতিবাৰে নিশা ফোনত পুত্ৰৰ সৈতে শেষ বাৰলৈ কথা পাতিছিল। মৃত্যুৰ পূৰ্বে জোৱানজনে ভনীয়েকৰ সৈতে ফোনত কথা পাতিছিল আৰু এটা বিশেষ প্ৰশিক্ষণ থকা বুলি কৈ আজি ফোন নকৰিবলৈ কৈছিল। ভনীয়েকৰ সৈতে কথা পতাৰ কিছুসময়ৰ পিছতে আহিছিল সেই দুঃসংবাদটো। চি আৰ পি এফ বাহিনীৰ তৰফৰ পৰা প্ৰথমে জনোৱা হৈছিল যে টংকেশ্বৰ দাস অসুস্থ হৈ পৰাত চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে। কিন্তু কিছু সময়ৰ পিছতে তেওঁৰ মৃত্যুৰ খবৰ পৰিয়ালক জনোৱা হয়। 

পুত্ৰৰ মৃত্যু খবৰ পোৱাৰ লগে লগে জোৱানজনৰ বাসগৃহত শোকাকুল পৰিৱেশ বিৰাজ কৰে। উল্লেখ্য যে কেইমাহমানৰ পূৰ্বে টংকেশ্বৰ দাস বিবাহপাশত আবদ্ধ হৈছিল। ইতিমধ্যে জোৱানজনৰ মৃতদেহ কাশ্মীৰৰ পৰা আনি থকা হৈছে যদিও কাইলৈহে মৰিয়নিৰ নিজা বাসগৃহ আহি পোৱাৰ সম্ভাৱনা আছে।