Logo
image

১৫ দিনৰ বাবে গাঁৱলৈ যাব দিছপুৰ

‘আমাৰ অসম’ৰ ষ্টাফ ৰিপ’ৰ্টাৰ, ২২ জুলাইঃ ১৫ দিনৰ বাবে গাঁৱলৈ যাব অসম চৰকাৰ৷ এই ১৫ দিন গাঁও হৈ পৰিব সাইলাখ দিছপুৰৰ দৰে৷ সকলো চৰকাৰী কাম-কাজ গাঁৱতেই সম্পন্ন হ’ব৷ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ পৌৰোহিত্যত শুকুৰবাৰে অনুষ্ঠিত কেবিনেট বৈঠকত এই সিদ্ধান্ত গ্ৰহণ কৰা হয়৷ ইফালে, অসম চৰকাৰে পুনৰ ২,০৯৭ কোটি ঋণ গ্ৰহণত অনুমোদন জনায় কেবিনটে৷ তিনিচুকীয়া, ডিব্ৰুগড়, মৰিগাঁও, কামৰূপ আৰু গোৱালপাৰাৰ প্ৰায় ৭৫ কিলোমিটাৰ মথাউৰি পুনৰ নিৰ্মাণৰ বাবে অসম চৰকাৰৰ জল সম্পদ বিভাগে উক্ত ধন ৰাশি ঋণ হিচাপে ল’ব এছিয়ান  ডেভেলপমেণ্ট বেংকৰ পৰা৷ কেবিনেটত অসম চৰকাৰৰ অৱসৰপ্ৰাপ্ত আৰু চাকৰি কালত কোনো দুৰ্নীতিৰ অভিযোগ নথকা বিষয়াক ৰাজ্যিক তদন্তকাৰী বিষয়াৰূপে নিযুক্তি দিয়াৰ সিদ্ধান্ত কৰা হয়৷ এনে সিদ্ধান্তৰ ফলত বিভাগীয় দুৰ্নীতিৰ অভিযোগ সন্দৰ্ভত তদন্তৰ শীঘ্ৰে নিষ্পত্তি হৈ উঠিব৷ বৰ্তমান বিদুৎ বিতৰক কোম্পানীসমূহে চৰকাৰক জনাইছে যে উৎসত বিদ্যুতৰ মূল্যবৃদ্ধি পোৱা বাবে বিদ্যুৎ বিতৰক কোম্পানী লোকচানৰ সন্মুখীন হৈছে৷ এই লোকচানৰ জোৰা কৰিবলৈ বিদ্যুৎ বিতৰক কোম্পানীক ২৬৫ কোটি টকাৰ ৰাজ সাহায্য প্ৰদানত অনুমোদন জনায়৷ এই ৰাজ সাহায্য আগনবঢ়ালে জনসাধাৰণৰ ওপৰত প্ৰতি ইউনিটত আৰু ৫০ পইচা অতিৰিক্তভাৱে জাপি দিবলগীয়া হ’লেহেঁতেন৷ শুকুৰবাৰে অসম কেবিনেটৰ পাছত সংবাদ মাধ্যমৰ আগত এই কথা প্ৰকাশ কৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই৷ তদুপৰি শুকুৰবাৰে গ্ৰহণ কৰা সিদ্ধান্ত মতে মাহেকত এশ ইউনিটতকৈ কম বিদ্যুৎ ব্যৱহাৰ কৰা লোকক বিদ্যুৎ বিলত সকাহ দিবৰ বাবে চাৰিটা এলইডি বাল্ব দিয়া হ’ব যাতে এই এলইডি বাল্বৰ জৰিয়তে বিদ্যুতৰ ব্যয় যাতে কমাব পাৰে৷ দক্ষিণ গুৱাহাটী পানী যোগান আঁচনিৰ কাম হৈ আছিল যদিও গেমনৰ আশাত আমি কামখিনি এৰি দিয়া হৈছিল সেই কামখিনি এল এণ্ডটিক নিবিদাৰ জৰিয়তে সম্পূৰ্ণ কৰিবলৈ দিয়া হয়৷ এই আঁচনিটো জিএমএমডিৰ পৰা আমি জল ব’ৰ্ডক দিয়াৰ সিদ্ধান্ত লোৱা হৈছে৷ কেবিনেটে গুৱাহাটীৰ নলা-নৰ্দমাসমূহ পৰিষ্কাৰ কৰি ৰখাৰ উপৰি প্ৰদূষণ ৰোধৰ বাবে অসমত এক লিটাৰৰ তলৰ পানীৰ বটল নিষিদ্ধ কৰা হ’ব৷ ২ অক্টোবৰৰ পৰা ৭৫০ গ্ৰাম, ৫০০ গ্ৰাম, ২০০ গ্ৰামৰ বটল, পেকেটৰ বিক্ৰী বন্ধ হ’ব৷ অহা বছৰ দুই অক্টোবৰত ২ লিটাৰ পৰ্যন্ত বটল, পেকেটৰ বিক্ৰী বন্ধ কৰা হ’ব৷ বসুন্ধৰা সফল ৰূপায়ণৰ বাবে মাটিৰ শ্ৰেণী বিভাজন নতুন শব্দৰে নামাকৰণ কৰাৰ সিদ্ধান্ত কৰে৷ পৰৱৰ্তী কেবিনেটত চূড়ান্ত কৰা হ’ব মাটিৰ শ্ৰেণী ভিত্তিক নামাকৰণ৷ কেবিনেটে অমৃত সৰোবৰ আঁচনিখন সম্পূৰ্ণ কৰিবলৈ ২৫০ কোটি টকা আৰু বিটিআৰৰ বাবে ৪০০ কোটি টকাত আবণ্টন দিয়ে৷ তিনিচুকীয়াত বডোচা কলাক্ষেত্ৰ এখন নিৰ্মাণত অনুমোদন জনায় কেবিনেটে৷ কলাক্ষেত্ৰখনৰ বাবে ৪৫ বিঘা মাটিৰ আবণ্টন দিয়ে কেবিনেটে৷